Rupaliparda.com
আকৌ সুশান্তক লৈ আৱেগিক কৃতি সেননঃ 1

আকৌ সুশান্তক লৈ আৱেগিক কৃতি সেননঃ

সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুৰ প্ৰথমটো বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে। এই প্ৰথমটো বৰ্ষতেই তেওঁলৈ মনত পেলাইছে তেওঁৰ সৈতে কাম কৰা প্ৰায় প্ৰত্যেকগৰাকী তাৰকাই। শেহতীয়াকৈ অভিনেত্ৰী কৃতি সেননে তেওঁৰ “ৰাব্টা” ৰ সহযোগী অভিনেতা সুশান্তক লৈ দুখ ব্যক্ত কৰিছে; যিটো তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তেই হৃদয়ংগম কৰিব পৰা যায়। কৃতি সেননে সুশান্তৰ সৈতে প্ৰায় কেইবাখনো ফটোৰে কঁলাজ বনাই শ্বেয়াৰ কৰিছে। “ৰাব্টা” ছবিখন ২০১৭ চনত মুক্তি লাভ কৰিছিল; এই ছবিখনৰ সৈতেই নিৰ্মাতা দিনেশ বিজনে নিজ পৰিচালনাৰ কেৰিয়াৰটোৰ আৰম্ভণি কৰিছিল। ছবিখন বক্স অফিচত বহুল হাৰত চলিবলৈ সক্ষম নহ’ল যদিও সুশান্ত-কৃতিৰ বন্ধুত্বৰ চৰ্চা হৈছিল প্ৰতিটো দিশত। শেহতীয়াকৈ কৃতি সেননে অভিনেতাগৰাকীক মনত পেলাই লিখে যে, “প্ৰথমবাৰ তোমাৰ সৈতে শ্বুট কৰিছিলো; আমাৰ লুক টেষ্ট। দুয়োগৰাকী অচিনাকী ব্যক্তি। ইজনে আনজনক লগ পোৱাটো নিশ্চিত আছিল। এখন ছবি; দুটা ভিন্ন দিশৰ পৰা অহা দুজন অচিনাকী লোক। আজি এইটো অনুভৱ কৰি দুখ লাগে যে বৰ্তমান আমি দুয়োগৰাকী একেখন পৃথিৱীত নাই। এতিয়াও এনে লাগে যেন তেনে একো হোৱাই নাছিল।”


কৃতিয়ে আগলৈ কয় যে, “এনে লাগে যেন তুমি এতিয়াও মোৰ আশে-পাশে আছা আৰু ক’ৰবাত ছাগে হঠাৎ মই তোমাক লগ পাই যাম। মই আশা কৰোঁ; তুমি য’তেই আছা শান্তিত থাকা।” সুশান্তৰ মৃত্যুৰ পিছত তেওঁৰ বান্দ্ৰাস্থিত বাসগৃহত উপস্থিত হৈছিল কৃতি; তাৰ পৰৱৰ্তী সময়ছোৱাত কৃতিয়ে ভালেসংখ্যক শ্বেয়াৰ কৰিছিল সুশান্তৰ সৈতে নিজ ফটো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.