Rupaliparda.com
এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক লৈ বিৰিঞ্চি কুমাৰ গগৈৰ "Frame Of Mind" 1

এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক লৈ বিৰিঞ্চি কুমাৰ গগৈৰ “Frame Of Mind”

একোগৰাকী নৱপ্ৰজন্মই বৰ্তমান নিজৰ ওপৰত বিশ্বাস ৰাখিয়েই একোটা নতুন প্ৰকল্পৰ সৃষ্টি কৰি উলিয়াইছে। আমি এনে বহু প্ৰকল্প উপভোগ কৰিছো; যি সমূহে আমাক কেতিয়াবা য’ত চিন্তাগ্ৰস্ত কৰি তোলে তাতেই আকৌ আন একাংশ প্ৰকল্পই আমাক উৎসাহিত কৰি তোলে। কিন্তু এই সৃষ্টি সমূহক ৰাইজৰ মাজলৈ লৈ অনাৰ ক্ষেত্ৰত এগৰাকী পৰিচালকৰ সাধনা, কষ্ট, সংগ্ৰাম আদি বিষয়বোৰ কিছু লুপ্ত হৈ থাকে; ক’ত ৰাতি হয়টো তেওঁলোকে অনাহাৰে কটাইছে সেয়া আমি নাজানো। আপোনালোকক পূৰ্বতেও কৈছিলো যে, একোখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন চুটি ছবিৰ গ্ৰহণযোগ্যতা আৰু উপভোগ্যতা বৃদ্ধি পাইছে। তিনিঘন্টাৰ সলনি নাই কমেও ১০-১৫ মিনিট দৈৰ্ঘ্যৰে দৰ্শকৰ ওচৰত উপস্থাপন কৰা এটা বিষয়বস্তুয়ে বেছিকৈ আপ্লুত কৰে জনসমাজক। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ছোৱাৰে পৰা আমি বহু এনে চুটি ছবি উপভোগ কৰিছো যাৰ কাহিনীয়ে হয়টো বৰ্তমানলৈ আমাৰ মন-মগজুত ক্ৰিয়া কৰি আছে। আচলতে, কেৱল “লক-ডাউন” বুলিয়েই নহয়; পূৰ্বৰে পৰা একাংশ চুটি ছবিয়ে জনসাধাৰণৰ পৰা বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা মই ৰীমা দত্তই উপভোগ কৰিছিলো এখন চুটি ছবি “Frame Of Mind”। এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক কেন্দ্ৰ কৰিয়েই উক্ত চুটি ছবিখন নিৰ্মাণ কৰি উলিয়াইছে নৱপ্ৰজন্মৰ পৰিচালক বিৰিঞ্চি কুমাৰ গগৈয়ে। অৱশ্যে, চুটি ছবিখনৰ কাহিনী, দৃশ্যগ্ৰহণ তথা সম্পাদনাৰ দায়িত্বতো আছে এই প্ৰতিভা গৰাকী। মূলতঃ নাটকৰ সৈতে জড়িত বিৰিঞ্চিয়ে এইখন চুটি ছবিৰ দ্বাৰাই কৰিছে প্ৰথম পৰিচালনা।

এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক লৈ বিৰিঞ্চি কুমাৰ গগৈৰ "Frame Of Mind" 2


একোটা কাহিনী নিৰ্মাণৰ আঁৰত এগৰাকী পৰিচালকৰ মনত ততোধিক কথাই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি গৈ থাকে; এইবোৰ কেতিয়াবা ঋণাত্মক অথবা ধনাত্মকো হ’ব পাৰে। তেওঁ লিখি থকা কাহিনীটোৰ মাজত এনেদৰে কেতিয়াবা সোমাই পৰে যে নিজেও সেই কাহিনীটোৰ মাজৰ পৰা ওলাই অহাত তেওঁৰ অসুবিধা হয়। ঠিক তেনে এক কাহিনীৰেই নিৰ্মাণ কৰি উলিওৱা হৈছে “Frame Of Mind”। চুটি ছবিখনে ইতিমধ্যে বহুকেইখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত ছবি সমাৰোহত মনোনয়ন লাভ কৰাত সক্ষম হৈছে; আনহাতে, চুটি ছবিখনৰ অধিকাংশ শ্ব’টেই পৰিচালক গৰাকী ক্ল’জ শ্ব’টৰ ব্যৱহাৰ কৰিছে। ইয়াত অভিনীত অভিনেতা গৰাকীৰ মুখৰ ভংগিমা খিনিক পুংখানুপুংখ উপস্থাপনত মনোনিৱেশ কৰিছে পৰিচালক গৰাকীয়ে। ইয়াত অভিনয় কৰিছে কল্লোল নাথে লগতে সংগীতৰ দায়িত্বত আছে অলকেশ দত্ত। ৰং শংকৰ কাশ্যপৰ আৰু শব্দ মিশ্ৰণ বিভূ মহন্তৰ। অহা মাহৰ ভিতৰত হয়টো এই চুটি ছবিখনক ৰাইজৰ মাজত উলিয়াই দিয়া হ’ব। অৱশ্যে, স্তব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো। ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো। নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। এই নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেই এওঁলোক আগবাঢ়িবলৈ আমি শুভকামনা জনাইছো।

এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক লৈ বিৰিঞ্চি কুমাৰ গগৈৰ "Frame Of Mind" 3

আহিবলগীয়া সময়ত বিৰিঞ্চি কুমাৰ গগৈৰ অইন একাংশ প্ৰকল্পৰ বাবেও অপেক্ষাৰত হৈ পৰিছে দৰ্শক সমাজ। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও আগন্তুক প্ৰকল্প সমূহক লৈ জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform