Rupaliparda.com
মাটিত শুব লগা হৈছিল টাইগাৰ শ্ৰফ; কিন্তু কিয়? 1

মাটিত শুব লগা হৈছিল টাইগাৰ শ্ৰফ; কিন্তু কিয়?

২০০৩ চনত মুক্তিপ্ৰাপ্ত ছবি “বুম” ৰ পৰিচালনাৰ দায়িত্বত আছিল অভিনেতা জেকী শ্ৰফৰ পত্নী আইশা শ্ৰফ; ১৮ বছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত এই ছবিখনৰ সৈতে জড়িত কিছু কথা শেহতীয়াকৈ বাহিৰ অহা দেখিবলৈ পোৱা গৈছে। আচলতে, এই ছবিখন ফ্লপ হৈছিল আৰু তাৰ পিছতেই শ্ৰফ পৰিয়াল অৰ্থনৈতিক ভাৱে পিছ পৰি ৰৈছিল। পূৰ্বতেও টাইগাৰ শ্ৰফে সেই সময়ছোৱাৰ কথা জনাই কৈছিল যে তেওঁলোকৰ তেতিয়া ঘৰৰ আচবাব সমূহ এপদ এপদকৈ বিক্ৰী কৰি দিয়া হৈছিল। যিসমূহ দেখি টাইগাৰ শ্ৰফ ডাঙৰ হৈছিল সেই সমূহ বস্তু বিক্ৰী কৰি দিয়া হৈছিল আৰু এদিন টাইগাৰ শ্ৰফৰ বিচনা পৰ্যন্ত বিক্ৰী কৰি দিয়াত তেওঁ মাটিত শুবলৈ বাধ্য হৈছিল। উক্ত ছবিখন কেটৰিণা কাইফৰ ডেব্যু ছবি আছিল; তেওঁৰ সৈতে ইয়াত অভিনয় কৰিছিল ক্ৰমে অমিতাভ বচ্চন, জেকী শ্ৰফ, গুলশন গ্ৰৱাৰ, পদ্মা লক্ষ্মী, মধু সপ্ৰে আৰু জীনত আমান ইত্যাদিয়ে। শেহতীয়াকৈ ছবিখন তথা সেই সময়ৰ কথা ব্যক্ত কৰি জেকী শ্ৰফে কয় যে, “মই বুজিছিলো যে আমি কিবা কৰিবলৈ যাওঁতে আন কিবা এটা হেৰুৱাই দিছিলো। মই যিমান খিনি কৰিব পাৰিছিলো সকলো খিনি কৰিছিলো; আৰু ছবিখনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক তেওঁলোকৰ টকা সমূহ আদায় কৰিছিলো। ব্যৱসায়ত উঠা-নমা থাকেই; কেতিয়াবা ই উঠিব তথা কেতিয়াবা ই নামিব। কিন্তু প্ৰতিটো সময়ত নিজৰ বিবেক আৰু নৈতিকতা জীয়াই ৰখাটো জৰুৰী।”
তেওঁ আগলৈ কয় যে, “মোৰ দুই সন্তান তেতিয়া সৰু আছিল আৰু আমি আমাৰ চিন্তাবোৰ তেওঁলোকক দিবলৈ মন কৰা নাছিলো যদিও টাইগাৰে নিজেই আহি আমাক নিজ ঘৰটো ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সঁচা কথা ক’বলৈ গ’লে মই নিজ দুইটা সন্তানক লৈ গৌৰৱ অনুভৱ কৰোঁ। আমাৰ ঘৰটো ঘূৰাই লোৱাৰ ক্ষেত্ৰত তেওঁলোক দৃঢ় হৈ পৰিছিল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.