Rupaliparda.com
মুখাৰ আঁৰৰ মুখবোৰত ক্ৰুৰতা তথা অভাগীৰ কান্দোনৰ সাক্ষী "ৰাজপথ"; নতুন গীতত সমাদৰঃ 1

মুখাৰ আঁৰৰ মুখবোৰত ক্ৰুৰতা তথা অভাগীৰ কান্দোনৰ সাক্ষী “ৰাজপথ”; নতুন গীতত সমাদৰঃ

“মুখাৰ আঁৰৰ মুখে বিচাৰে কোমল দেহৰ সোঁৱাদ”; একাংশ সংগীতে এখন সমাজৰ বাস্তৱ চিত্ৰ উপস্থাপনত মনোনিৱেশ কৰে। আমাৰ সমাজত বহু এনে ব্যক্তি আছে যাৰ দিনৰ পোহৰৰ ব্যক্তিত্ব তথা আন্ধাৰ ৰাতিৰ ব্যক্তিত্ব ভিন্ন হয়। ৰাতি ৮ বজাৰ পিছত যিখন দেশত এগৰাকী নাৰী ওলাবলৈ ভয় কৰে সেইখন দেশত উন্নতিৰ হৈ-চৈ আদি বিষয়বোৰ কেতিয়াবা মিছা যেনেই লাগে। দেশত হোৱা কেলেংকাৰী সমূহে সদায় জনসাধাৰণৰ মনত একোটা প্ৰশ্নৰ সৃষ্টি কৰে। চৰকাৰে আগবঢ়োৱা আঁচনি সমূহৰ অধিকাংশ হৰলুকী হোৱাৰ পিছতহে কোনো অভাৱীৰ হাতলৈ আহে; তাৰ মাজতো আকৌ একাংশই নাপায় এনে কোনো সুবিধা। এয়া আচলতে আচৰিত হ’বলগীয়া কথা নহয়; সময়ে সময়ে এনে বহু কথাই সংবাদ মহল জোঁকাৰি যায় যদিও কিছুদিন পিছত ইয়াৰ কোনো শুং-সূত্ৰ নাথাকে। কিন্তু এনেক্ষেত্ৰত দিশহাৰা হৈ পৰিবলগীয়া হয় নিম্ন শ্ৰেণীৰ জনসাধাৰণ। উদাহৰণ যদি দিবলগীয়া হৈ তেতিয়াহ’লে আপুনি নিজেও দেখিব যে, মহামাৰীৰ ফলত মজদুৰ শ্ৰেণীয়ে ভোক আৰু বেমাৰৰ মাজত কৰিবলগীয়া যুদ্ধত সদায় ভোকে বাজী মৰাত বেমাৰক বুঢ়া আঙুলি দেখুৱাই হ’লেও আগবাঢ়িবলগীয়া হয় কৰ্মক্ষেত্ৰত। অৱশ্যে, এই আটাইবোৰ কথাৰ সাক্ষী হৈ ৰৈছে আমাৰ ৰাজপথ সমূহ। ক’ত পথচাৰীৰ কান্দোন তথা আন একাংশ পথচাৰীৰ ক্ৰুৰতা সহ্য কৰিবলগীয়া হয় এই ৰাজপথে। তথাপিও, নিস্তব্ধ-নীৰৱ ৰাজপথসমূহ।


এই নীৰৱ “ৰাজপথ” ক কেন্দ্ৰ কৰিয়েই এচাম নৱপ্ৰজন্মৰ প্ৰতিভাৱান কলা-কুশলীয়ে নিৰ্মাণ কৰি উলিয়াইছে এটি গীত “ৰাজপথ”। সংগীত ক্ষেত্ৰখনত নতুনত্ব সূচনা কৰাৰ স্বাৰ্থতেই গীতটিক শ্ৰোতা-দৰ্শকৰ মাজলৈ উলিয়াই অনা হৈছে। গীতটিত কণ্ঠদান কৰাৰ লগতে ইয়াত কথা দিছে সুৰুয আকাশ পাঠকে। EL DORADO ৰ সৈতে জড়িত একাংশই নিৰ্মাণ কৰি উলিয়াই এই গীতটিৰ বিষয়বস্তু তথা সংগীত জেকী কোঁচৰ। কিজ আদিত্য সিঙৰ, লীড গীতাৰ বজাইছে সৌম্যদ্বীপ সাহাই লগতে বেছ বজাইছে কমল কৃষ্ণ শৰ্মাই। ড্ৰাম বজাইছে ভাস্কৰ জ্যোতি দাসে। সুন্দৰ সৃষ্টি আৰু গ্ৰহণযোগ্য কৰ্মৰ দ্বাৰা এই মনোৰঞ্জন ক্ষেত্ৰখনত মনোনিৱেশ কৰিবলৈ অহৰহ প্ৰয়াস কৰা একাংশ নৱপ্ৰজন্মই এতিয়া প্ৰত্যেককে উৎসাহিত কৰি ৰখাত সক্ষম হৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম।

মুখাৰ আঁৰৰ মুখবোৰত ক্ৰুৰতা তথা অভাগীৰ কান্দোনৰ সাক্ষী "ৰাজপথ"; নতুন গীতত সমাদৰঃ 2

তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। উক্ত গীতটিয়ে মুক্তি লাভৰ পিছতেই লাভ কৰিছে বহুল হাৰত দৰ্শক-শ্ৰোতাৰ সমাদৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform