Rupaliparda.com
ভৃগু কাশ্যপৰ নতুন শ্ব' "যদি মই প্ৰশ্ন কৰোঁ"- 1

ভৃগু কাশ্যপৰ নতুন শ্ব’ “যদি মই প্ৰশ্ন কৰোঁ”-

Vk entertainment অৰ্থাৎ কণ্ঠশিল্পী ভৃগু কাশ্যপৰ সৌজন্যত তেওঁৰ ব্যক্তিগত ইউটিউব চেনেল যোগে মুক্তি পাবলৈ সাজু হৈছে এটি নতুন ব্যতিক্ৰমী শ্ব’ “যদি মই প্ৰশ্ন” কৰোঁ। ইতিমধ্যে শ্ব’টোৰ প্ৰমো’ ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে; এই শ্ব’টোক ব্যতিক্ৰম বুলি এইবাবেই কোৱা হৈছে কাৰণ ইয়াত ভৃগু কাশ্যপে কোনো কণ্ঠশিল্পী, পৰিচালক অথবা অভিনেতা-অভিনেত্ৰীৰ সাক্ষাৎকাৰ নলয়। তেওঁৰ সৈতে শ্ব’টোৰ অনুষ্ঠানসমূহত উপস্থিত থাকিব একোজনকৈ জনপ্ৰতিনিধি। ৰাজ্য তথা ৰাইজৰ কিছু প্ৰশ্ন ভৃগু কাশ্যপে এই শ্ব’টোৰ জৰিয়তে কৰিব। ইতিমধ্যে ৰাইজৰ মাজত আগবঢ়াই দিয়া শ্ব’টোৰ প্ৰথমটো প্ৰমো’ত দেখিবলৈ পোৱা গৈছে খাদ্য, অসামৰিক আৰু গ্ৰাহক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক। উল্লেখ্য যে, উক্ত শ্ব’টোক লৈ শেহতীয়াকৈ ভৃগু কাশ্যপৰ অনুৰাগী উৎসাহী হৈ পৰিছে। কিছুদিন পূৰ্বে অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা ভৃগু কাশ্যপ প্ৰায়ে চচিয়েল মিডিয়াত চৰ্চিত বিষয়। সমান্তৰালকৈ, কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছে এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”।

ভৃগু কাশ্যপৰ নতুন শ্ব' "যদি মই প্ৰশ্ন কৰোঁ"- 2

আনহাতে, মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক বিগত বৰ্ষৰ পৰা ক’ৰোণাই বিভীষিকাৰ সৃষ্টি কৰি ৰখা তথা আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.