Rupaliparda.com

ৰিয়া চক্ৰৱৰ্তীৰ প্ৰশংসা পৰিচালক ৰুমী জাফৰীৰঃ

ছবি নিৰ্দেশক ৰুমী জাফৰী তেওঁৰ আহিবলগীয়া ছবি “চেহৰে” ৰ মুক্তিৰ অপেক্ষাত ব্যস্ত হৈ আছে। এই ছবিখনত অমিতাভ বচ্চন আৰু ইমৰাণ হাছমীয়ে মুখ্য ভূমিকা ৰূপায়ণ কৰিছে আৰু আনহাতে, ছবিখনৰ এক গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে ৰিয়া চক্ৰৱৰ্তীয়ে। ছবিখন বিগত বৰ্ষতেই মুকলি কৰি দিয়াৰ কথা আছিল যদিও ক’ৰোণা ভাইৰাছৰ ফলত ই সম্ভৱপৰ হোৱা নাছিল। ছবিখনৰ মুক্তি তথা আন কিছু বিষয়ক লৈ পৰিচালক গৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পতা কথা-বতৰা যোগে তেওঁক ছবিখন ক’ত মুক্তি দিয়া হ’ব বুলি প্ৰশ্ন কৰা হৈছিল আৰু তেতিয়া তেওঁ উত্তৰত কয় যে, “ছবিখন যদিও ছবিগৃহত মুকলি কৰিম বুলি নিৰ্মাণ কৰা হৈছিল তথাপিও মই মোৰ প্ৰযোজকৰ সিদ্ধান্তৰ সৈতে আছো। তেওঁ যি সুবিধাজনক বুলি ভাবে মই তাত সমৰ্থন কৰিম; বৰ্তমান তেওঁ বিদেশত আছে আৰু উভতি আহিলেই ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।” ১৮ মাৰ্চ ২০২০ চনত ট্ৰেইলাৰ মুকলি কৰি দিয়া এই ছবিখন জুলাইত ছবিগৃহলৈ লৈ অনাৰ কথা চিন্তা কৰা হৈছিল যদিও সেয়া সম্ভৱপৰ হৈ নুঠিল। ৰুমী জাফৰীয়ে কথা-বতৰা যোগে ছবিখনত ৰিয়া চক্ৰৱৰ্তীয়ে ৰূপায়ণ কৰা চৰিত্ৰটোৰ প্ৰশংসা কৰাৰ লগতে ছবিখনৰ পৰা তেওঁক বাহিৰ উলিয়াই দিয়া কথাবোৰ ভূৱা বুলি মন্তব্য কৰে।


বিগত বৰ্ষৰ ১৪ জুন তাৰিখে বান্দ্ৰাস্থিত নিজ বাসভৱনত সুশান্ত সিং ৰাজপুতক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়; তাৰ পিছতেই অভিনেতাগৰাকীক হত্যা কৰাৰ আৰোপ লাগিছিল ৰিয়াৰ ওপৰত। ইয়াৰ উপৰিও, সুশান্তৰ পিতৃয়ে ৰিয়াকে ধৰি তেওঁৰ সমগ্ৰ পৰিয়ালৰ সদস্যৰ ওপৰতো আৰোপ লগাই এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক ড্ৰাগছ কেছত কেইবাদিনলৈ ন্যায়িক জিম্মাতো ৰখা হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform