Rupaliparda.com
স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 1

স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি “Before Spring”-

গুৱাহাটী মহানগৰীৰ মাজেৰে নিৰৱিচ্চনিভাৱে বৈ যোৱা নৈ “ব্ৰহ্মপুত্ৰ” খন ছাগে ক’ত কাহিনীৰ সাক্ষী হৈছে! গুৱাহাটীৰ সিটো পাৰে থকা সৰু ঠাইখনেই হৈছে উত্তৰ গুৱাহাটী; যদিও উত্তৰ গুৱাহাটীলৈ যাবলৈ পকী ৰাষ্টাৰ নিৰ্মাণ কৰা হৈছে তৎস্বত্বেও অধিকাংশ জনসাধাৰণ নৈখনৰ বুকুৰেই পাৰ হৈ যাবলৈ বিচাৰে। মনোমোহা দৃশ্যৰ সাক্ষী হৈ যাব বিচাৰে বিভিন্ন জন। আমি আমাৰ জন্মঠাই খনক লৈ খুবেই আন্তৰিকতা অনুভৱ কৰোঁ; ইয়াৰ পৰা আঁতৰি গ’লেও ক’ৰবাত জন্মঠাইখিনিক লৈ এক টান আমাৰ প্ৰত্যেকৰে আছে। যিখন ঠাইত মা-দেউতাৰ হাত ধৰি খোজ কাঢ়িবলৈ শিকিছিলো, সেই ঠাইখন পাহৰি পেলোৱাটো জানো সম্ভৱ? নিজৰ জন্মঠাইখনক লৈ শ্ৰুতিস্মৃতি চাংকাকতিয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন ছবি “Before Spring”। শ্ৰুতিস্মৃতিৰ এই ছবিখনেই হৈছে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি; নিজৰ জন্মঠাইখনক উদ্দেশ্যি তথা নিজৰ চকুৰ আগত পূৰ্বৰে পৰা দেখি অহা কিছুমান কথা তথা ঘটনাৰ আঁৰ লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে “Before Spring”। পৰিচালক গৰাকীয়ে পূৰ্বতে জীয়াই অহা সেই ঘটনাবোৰক লৈ এতিয়াও সেই ঠাইৰ আন একাংশ জনসাধাৰণে নিজ জীৱন নিৰ্বাহ কৰিছে। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; ইয়াক স্ব-ইচ্ছাৰে সলনি কৰিব পৰা নাযায়। কিন্তু এতিয়াও এনে একাংশ ঠাই আছে য’ত পৰিৱৰ্তনে হয়টো পোখা মেলা নাই, নহ’লে আকৌ পোখা মেলা পৰিৱৰ্তনত কেতিয়াবা ঋণাত্মকমুখী পোকে আহি নিজ অধিকাৰ সাৱস্ত্য কৰিছে। গতিকে উক্ত সমগ্ৰ ছবিখনেই পৰিচালক গৰাকীৰ নিজ জন্মঠাইখনৰ সৈতে জড়িত স্মৃতিক লৈ জড়িত; তেওঁৰ বিগত সময়ছোৱাৰ স্মৃতি সমূহক বাস্তৱ ৰূপত উপস্থাপনৰ চেষ্টা কৰা হৈছে এই ছবিখনত। দশম শ্ৰেণীলৈ উত্তৰ গুৱাহাটীতেই কটোৱা সময়খিনিক লৈ পৰিচালক গৰাকীয়ে সাম্প্ৰতিক সময়ছোৱাৰ পৰিস্থিতিটোৰ সৈতে সংলগ্ন কৰি পৰিচালনা কৰিছে।

স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 2
স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 3


তিনিটা ভিন্ন চৰিত্ৰৰে ছবিখন প্ৰস্তুত কৰি উলিওৱা হৈছে যদিও উক্ত তিনিওটা চৰিত্ৰক একেধৰ্মী কাহিনীয়ে বান্ধি ৰাখিছে। পৰিচালক গৰাকীয়ে নিজেই কৈছে যে এই ছবিখনত পাৰ্যমানে এখন বাস্তৱ ছবিক উপস্থাপনৰ চেষ্টা কৰিছে তেওঁ। ছবিখন ইতিমধ্যে ভিন্ন ছবি সমাৰোহলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰি থকা হৈছে; পৰিচালনাৰ লগতে ইয়াৰ কাহিনী আৰু চিত্ৰনাট্যও হৈছে শ্ৰুতিস্মৃতি চাংকাকতিৰ। আনহাতে, দৃশ্যগ্ৰহণ জয়ন্ত মাধৱানৰ লগতে সহঃ দৃশ্যগ্ৰহণকাৰী হৈছে আকাশদীপ গগৈ। সহকাৰী পৰিচালকৰ দায়িত্বত আছিল মনোজ বৰকটকী, কুলদীপ শইকীয়া আৰু সম্পাদনা অভিশিক্তা কাইলাৰ। ছবিখনত অভিনয় কৰিছে ক্ৰমে ভৃগনেশ গোস্বামী, দ্বিপ ভূঞা, কংকী বৰদলৈ, মনোজ বৰকটকী, উপাসনা প্ৰিয়ম, অভিজিত ৰয়, ৰনজিতা বৰুৱা, দুৰ্গাশ্ৰী বৰা আৰু হিমবৰ্ষা দাসে। ছবিখনত সংযোজিত সংগীত হৈছে জেৰি ভিনচেন্তৰ। প্ৰডাকচন মেনেজাৰ ৰুক্মজিত বৰুৱা আৰু দেৱৰাজ কাশ্যপৰ। চাউণ্ড ডিজাইনাৰ সেঠু ভেনুগোপাল আৰু কালেক্ষ লক্ষ্মণন। লোকেশ্বন চাউণ্ড মনজিত নাথ, ৰিংকু বড়ো আৰু ৰুক্মজিত বৰুৱাৰ। বুম দিকি কাশ্যপৰ। আনহাতে, ছবিখন নিৰ্মাণ কৰি উলিওৱাত তেওঁৰ পিতৃ-মাতৃৰ লগতে স্বামী আৰু পৰিয়ালৰ প্ৰতিজন সদস্যই তেওঁক যথেষ্ট সহায় আৰু অনুপ্ৰেৰণা যোগাইছে; যাৰ বাবে পৰিচালকগৰাকী আটাইৰে ওচৰত চিৰ কৃতজ্ঞ। উল্লেখ্য যে, এই ছবিখন বিগত বৰ্ষৰ মাৰ্চ মাহতে শ্বুটিং কৰি উলিওৱা হৈছিল। শেহতীয়াকৈ ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম অব্যাহত আছে।

স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 4
স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 5

ছবিখনৰ সকলো কাম চলিত বৰ্ষৰ মাজতেই শেষ কৰাৰ চেষ্টা কৰিছে প্ৰত্যেকেই। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও ছবিখনৰ বাবে জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform