এগৰাকী কণ্ঠশিল্পী এটা সংগীতৰ সৈতে জড়িত তথা সংগীত ক্ষেত্ৰখনত কৰা নতুনত্বৰ সৃষ্টিক লৈ জড়িত এগৰাকী বুলিয়েই আমি প্ৰায়ে চিনি পাওঁ। কিন্তু, ইয়াৰ উপৰিও এগৰাকী কণ্ঠশিল্পীয়ে যেতিয়া সমাজ তথা ৰাইজৰ স্বাৰ্থত ওলাই আহে তেতিয়া তেওঁ কণ্ঠশিল্পীৰ পৰা “শিল্পী” লৈ নিজ যাত্ৰা নিশ্চিত কৰে। সেই “শিল্পী” ৰ যাত্ৰাটোত বৰ্তমান খোজ পেলাইছে আচুৰ্য্য বৰপাত্ৰই; হাতত ঝাড়ু লৈ খুমটাই অঞ্চলৰ স্থানীয় ৰাইজৰ সৈতে লগ হৈ তেওঁ ঠাইসমূহৰ চাফ-চিকুণতাৰ প্ৰতি নিজ গুৰুত্ব আৰোপ কৰিছে। আচলতে, কিছুদিন পূৰ্বে খুমটাই বিধানসভা সমষ্টিত গ্রাম্য পৰ্যটনৰ বেণ্ড এম্বেচাদৰৰূপে নিযুক্তি লাভ কৰিছে এই কণ্ঠশিল্পী গৰাকীয়ে। সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই গ্রাম্য পৰ্যটনৰ দিশটোৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কণ্ঠশিল্পীগৰাকীক নিযুক্তি প্ৰদান কৰিছে বেণ্ড এম্বেচাদৰ হিচাপে। আৰু, ব্ৰেণ্ড এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰাৰ পিছতেই আচুৰ্য্য বৰপাত্ৰই নিজ দায়িত্ব সক্ৰিয়তাৰে পালন কৰা দেখিবলৈ পোৱা গৈছে। নিজ ঠাইখনক লৈ প্ৰতিদিনেই গৌৰৱ অনুভৱ কৰি থকা আচুৰ্য্যই যেতিয়া নিজৰ ঠাইখনৰেই প্ৰচাৰ আৰু প্ৰয়াসৰ দায়িত্ব লাভ কৰিছে তেনেক্ষেত্ৰত তেওঁ পিছ হুহুঁকি থকাৰ একো প্ৰশ্নই থাকিব নোৱাৰে! প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হোৱাৰ সমান্তৰালকৈ গ্রাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সমষ্টিটোত ইতিমধ্যে তিনিখনকৈ গ্রাম্য উদ্যান যোগীবাৰী, মেলামৰা আৰু খুমটাইত নিৰ্মাণ কৰা লগতে বহুকেইটা প্ৰকল্পৰ কাম চলি আছে উক্ত অঞ্চলটোত।

গতিকে, পৰৱৰ্তী সময়ছোৱাত পৰ্যটক আহি তাত ভিৰ কৰিব বুলি শেহতীয়াকৈ আশা প্ৰকাশ কৰিছে বিধায়ক মৃণাল শইকীয়াই। নিজৰ গীত সমূহৰ দৰেই শেহতীয়াকৈ আচুৰ্য্য বৰপাত্ৰৰ এনে সামাজিক কৰ্মসমূহে তেওঁৰ অনুৰাগীকো আপ্লুত কৰি তুলিছে। চচিয়েল মিডিয়াত শ্বেয়াৰ হোৱা ফটোসমূহত কণ্ঠশিল্পী গৰাকীক ইতিমধ্যে অনুৰাগী বৃন্দই বহুল হাৰত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। এইখিনিতে, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছো আন এক বিষয়ো। ৰাইজৰ হকে থিয় দিয়াৰ ক্ষেত্ৰত ব্যক্তিগত ভাৱে আগবাঢ়ি থকা আচুৰ্য্য বৰপাত্ৰই নিজ গীতসমূহ বিহুগীত অথবা ৰোমাণ্টিক তথা আধুনিক গীতৰ মাজতেই আৱদ্ধ কৰি নাৰাখি গীতসমূহেৰে সুন্দৰ বাৰ্তা প্ৰেৰণতো চেষ্টা কৰে। যেনে ধৰক বিগত বৰ্ষৰ পৰা বৰ্তমান সময়লৈ চৰ্চিত হৈ থকা তেওঁৰ “তোৰহে জিৰণি নাই” শীৰ্ষক গীতটিকেই ল’ব পাৰে। আনহাতে, যুৱপ্ৰজন্মক নিজৰ সৈতে সাঙুৰ খোৱাই চলিত বৰ্ষতেই তেওঁ “ফাগুন” কো উদ্দেশ্যি মুকলি কৰি দিছিল কেইবাটাও গীত। সময় সাপেক্ষে নিজ সৃষ্টি সমূহৰ দ্বাৰা শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা আচুৰ্য্য বৰপাত্ৰ ব্ৰেণ্ড এম্বেচাদৰ হোৱা বিষয়টোত সুখ প্ৰকাশ কৰিছে খুমটাই অঞ্চলৰ নিবাসীও।

নতুন ব্ৰেণ্ড এম্বেচাদৰ ৰূপে নতুনকৈ দায়িত্বভাৰ লোৱা আচুৰ্য্য বৰপাত্ৰলৈ ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।
Add comment