Rupaliparda.com
মেগীৰে নিৰ্মাণ জুবিন গাৰ্গ আৰু পাপনৰ চিত্ৰঃ 1

মেগীৰে নিৰ্মাণ জুবিন গাৰ্গ আৰু পাপনৰ চিত্ৰঃ

হাৰ্টথ্ৰৱ জুবিন গাৰ্গকে ধৰি অংগৰাগ পাপন মহন্তৰ আৰ্ট হয়টো আপোনালোক আটাইয়ে দেখিছে; বহু চিত্ৰশিল্পীয়ে উক্ত দুয়োগৰাকী সংগীতশিল্পীৰ বহু আৰ্ট কৰি উলিয়াইছে। য’ত আমি মনোমুগ্ধ হৈ সেই সমূহ বহুল হাৰত শ্বেয়াৰ কৰিছো। কিন্তু, এইবাৰ কিছু ব্যক্তিক্ৰম; কোনো ধৰণৰ পেঞ্চিল অথবা ৱাটাৰ কালাৰেৰে নহয়। এগৰাকী শিল্পীয়ে মেগীৰ সৈতে নিৰ্মাণ কৰিছে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তৰ ছবি। হয়, আপোনালোকে ঠিকেই শুনিছে। ২ মিনিটত প্ৰস্তুত কৰি ওলাব পৰা অথবা প্ৰায় অধিকাংশ লোকৰ প্ৰিয় খাদ্য মেগীৰে সংগীতশিল্পী দুগৰাকীৰ চিত্ৰ অংকণ কৰিছে বাবু সোণোৱাল নামৰ এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাই। পাপনে নিজৰ ফটোখন শেহতীয়াকৈ নিজ ইনষ্টাগ্ৰাম একাউণ্ট যোগে শ্বেয়াৰ কৰে আৰু কয় যে, “চাওঁক, এইবাৰ মোৰ ছবি নিৰ্মাণ মেগীৰে। মোৰ শৈশৱৰ আটাইতকৈ প্ৰিয় বস্তু মেগীৰে।” কেৱল মাত্ৰ মেগী বুলিয়ে নহয়; বাবু সোণোৱালৰ প্ৰফাইললৈ গ’লে আপোনালোকে দেখিবলৈ পাব আমি সদায় ৰাতিপুৱা, গধূলি অথবা নিজক প্ৰশান্তি দিয়াৰ স্বাৰ্থত খাবলৈ বিচৰা চাহ কাপেৰে বনোৱা চিত্ৰও।

মেগীৰে নিৰ্মাণ জুবিন গাৰ্গ আৰু পাপনৰ চিত্ৰঃ 2
মেগীৰে নিৰ্মাণ জুবিন গাৰ্গ আৰু পাপনৰ চিত্ৰঃ 3


আচলতে, আমি বৰ্তমান আৰু অধিক আপোনালোকক কয় থকাতকৈ দেখুৱাবলৈ বিচাৰিছো এই প্ৰতিগৰাকীৰ প্ৰতিভা। চাওঁচোন আহকঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.