Rupaliparda.com
লক-ডাউন খোলাৰ মহাৰাষ্ট্ৰত চিলেব্ৰেটীৰ ব্যস্ততাঃ 1

লক-ডাউন খোলাৰ মহাৰাষ্ট্ৰত চিলেব্ৰেটীৰ ব্যস্ততাঃ

মহাৰাষ্ট্ৰত লক-ডাউন খোলাৰ সমান্তৰালকৈ চিলেব্ৰেটীৰ ব্যস্ততা আৰম্ভ হৈ পৰিছে। ফিল্ম ষ্টুডিঅ’ সমূহ ব্যস্ততাৰে ভৰি পৰিছে আৰু চিলেব্ৰেটী সমূহে ইয়াত নিজ নিজ প্ৰতিভা সমূহ ব্যক্ত কৰিবলৈ সুবিধা অৰ্জন কৰিছে। পূৰ্বৰ দৰে স্বাধীনতা নাই পোৱা যদিও বৰ্তমান চিলেব্ৰেটীয়ে শ্বুটিং সমূহ অব্যাহত ৰখাৰ চেষ্টা কৰিছে। অক্ষয় কুমাৰৰ দুখনকৈ ছবি ক্ৰমে সূৰ্য়ৱংশী আৰু বেল বটম মুক্তিৰ বাবে সাজু হৈ আছে। তাতেই আকৌ অভিনেতা গৰাকীয়ে নিজৰ ৰৈ থকা আন ছবি সমূহ আকৌ এবাৰ সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে।২১ জুন তাৰিখে অক্ষয় কুমাৰ “ৰক্ষা বন্ধন” ৰ ছেটলৈ উভতিছে; নিৰ্দেশক আনন্দ এল ৰায়ে শ্বুটিং আৰম্ভণিৰ এখন ফটোও চচিয়েল মিডিয়া যোগে জনসাধাৰণক দিছে। এই ছবিখনত অক্ষয় কুমাৰৰ সৈতে অভিনেত্ৰী ভূমি পেডনেকাৰকো মুখ্য ভূমিকাত দেখিবলৈ পোৱা যাব। ইয়াৰ লগতে, নিজ শ্বুটিং আৰম্ভ কৰিছে অভিনেতা ৰণৱীৰ সিঙেও; ছেটৰ পৰা নিজ এখন ফটো শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে। অৱশ্যে এইখন কি ছবি সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও এয়া প্ৰত্যেকে গম পাইছে যে “লক-ডাউন” খোলা পিছত অভিনেতা গৰাকী এক ডাঙৰ প্ৰকল্পৰ সৈতে ব্যস্ত হৈছে। অৱশ্যে, লক-ডাউনৰ পূৰ্বে ৰণৱীৰ সিঙে ৰোহিট ছেট্টীৰ ছবি “চাৰ্কাছ” ৰ শ্বুটিঙত ব্যস্ত হৈ আছিল।


আনহাতে, ৰাম চৰণ তেজাই হায়দৰাবাদত আৰম্ভ কৰিছে RRR ৰ শ্বুটিং। এস এস ৰাজামৌলীৰ দ্বাৰা নিৰ্দেশিত এই ছবিখন প্ৰত্যেকৰে বাবেই বহু প্ৰত্যাশিত ছবি। ৰাম চৰণ মুখ্য ভূমিকা ৰূপায়ন কৰাৰ লগতে ছবিখনত অজয় দেৱগণ আৰু আলিয়া ভাটেও অভিনয় কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.