নিজৰ সপোনৰ দিশে আগবাঢ়ি যাবলৈ প্ৰায়ে একোগৰাকী প্ৰতিভাক পিতৃ-মাতৃৰ লগতে সমগ্ৰ পৰিয়ালৰ লোকে উদ্গনি যোগোৱা আমি দেখিবলৈ পাওঁ। শৈশৱত নিজ গন্তব্য স্থান পাবলৈ যেনেদৰে জ্যেষ্ঠজনে আমাক হাত ধৰি লৈ যোৱা আমি দেখো ঠিক তেনেদৰে আমাৰ সপোনৰ বাটচোৱাতো তেওঁলোকৰ অৰিহণা মন কৰিবলগীয়া। সংগীতৰ সৈতে জড়িত বিভিন্ন জন নৱপ্ৰজন্মৰ বিষয়ে আমি ইতিমধ্যে ৰূপালীপৰ্দাৰ যোগেৰে আপোনালোকক জনাইছো। সংগীত ক্ষেত্ৰখনত ভুমুকি মাৰি সফলতাৰ দিশে আগবঢ়া এগৰাকী প্ৰতিভা হৈছে দিগন্ত ৰৌমূৰীয়া। সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই একাংশই ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰিছিল; শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে। বহুল সংখ্যাত গীত সমূহৰ সৈতে জড়িত নহ’লেও তেওঁলোকৰ এই সংগীত ক্ষেত্ৰখনক লৈ থকা ইচ্ছাই দৰ্শক-শ্ৰোতাৰ সমুখত তেওঁলোকক অধিক গ্ৰহণযোগ্য কৰি তোলে।

দিগন্ত ৰৌমূৰীয়া; তেওঁৰ কথা, সুৰ আৰু কণ্ঠৰ জড়িত হৈ থকা আপুনিও হয়টো বিভিন্নটা গীত শুনিছে। শুনাৰ সমান্তৰালকৈ গীতসমূহক আপোনালোকে সমাদৰো জনাইছে। আপোনালোকক উদাহৰণ যদি দিবলগীয়া হয় তেতিয়াহ’লে সদ্যমুক্তিপ্ৰাপ্ত “জীৱনৰ উশাহ” শীৰ্ষক গীতটিৰ কথাই ক’ব লাগিব। তেওঁৰ সৈতে পতা কথা-বতৰা যোগে যেতিয়া তেওঁক আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “সংগীতৰ ক্ষেত্ৰখনত মই সৰুৰে পৰা জড়িত বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। সৰুৰে পৰা সংগীতক লৈ মোৰ সপোন। প্ৰায় ২০০৭/০৮ চন মানৰ পৰা মই গীত লিখো, সুৰ কৰোঁ। সংগীতৰ প্ৰথম গুৰু বুলি ক’লে মোৰ মা’ৰ নামটো মুখত ল’ব লাগিব যাৰ পৰা মই গীত গাবলৈ শিকিছিলোঁ।” তেওঁৰ মতে, সংগীতৰ কোনটো উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “সংগীতৰ কোনটো উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি ক’বলৈ গলে অলপ অসুবিধা হয়; কিয়নো সংগীতৰ লগত জড়িত প্ৰতিটো বিষয় এটা আনটোৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল। তাৰে ভিতৰত,, প্ৰথমে ক’বলৈ গ’লে গীতৰ কথাৰ ওপৰত প্ৰাধান্য আহে কিয়নো গীত এটাৰ কথাখিনি ওপৰত ভিত্তি কৰি সংগীতৰ বাকী বিষয়বোৰত আগবঢ়া হয়।” তেওঁৰ আগন্তুক পৰিকল্পনা সমূহৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,”ভৱিষ্যত পৰিকল্পনা বুলিবলৈ হ’লে মোৰ এটাই আছে; সেয়া হ’ল চহকী ভৰাঁল স্বৰূপ অসমীয়া ভাষাক লৈ নতুনত্বৰ সৃষ্টিৰে উঠি অহা প্ৰজন্মৰ সুবিধাৰ বাবে কৰি যাবলৈ চেষ্টা কৰিম। যি সৃষ্টিক লৈ উঠি অহা প্ৰজন্মই সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়িব পাৰিব নতুন কাম কৰাৰ হেঁপাহেৰে।”

দিগন্ত ৰৌমূৰীয়াৰ উৎসাহ- উদ্দীপনাই তেওঁৰ অনুৰাগীকো উৎকণ্ঠিত কৰি তোলাত সক্ষম হয়। তেওঁৰ প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰাই তেওঁলৈ জনাইছো অশেষ শুভকামনা।
Add comment