Rupaliparda.com
পাপলু চেতিয়াৰ শব্দত পল্লৱ তালুকদাৰ আৰু এৰেকাৰ কণ্ঠ; The Mystic Production ৰ ন-গীত "তৃষ্ণাতুৰ"- 1

পাপলু চেতিয়াৰ শব্দত পল্লৱ তালুকদাৰ আৰু এৰেকাৰ কণ্ঠ; The Mystic Production ৰ ন-গীত “তৃষ্ণাতুৰ”-

The Mystic Production ৰ বেনাৰত মুক্তি লাভ কৰিলে আন এটি নতুন গীত “তৃষ্ণাতুৰ”। INSAAN তথা অকলশৰীয়াৰ বহুল জনপ্ৰিয়তাৰ পিছত উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত “আভাস” শীৰ্ষক এলবামটোৰ অন্তৰ্ভূক্ত অন্যতম গীত “নিশা” ৰ সফলতাক আমি নক’লেও বুজিব পাৰোঁ। প্ৰায়ে নতুন নতুন বিষয়বস্তুৰে আগবঢ়া Mystic Production House টোক লৈ প্ৰত্যেকৰে হৃদয়ত দেখিবলৈ পোৱা গৈছে উৎকন্ঠা। প্ৰায়ে এটি নতুন বিষয়বস্তুৰ সৈতে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হোৱা উক্ত প্ৰডাকচন হাউচটোৰ নতুন নিবেদন “তৃষ্ণাতুৰ” য়েও শেহতীয়াকৈ লগাইছে খলকনি। উল্লেখ্য যে, “Munich Music Video Award” ৰ লগতে “rome music awards” লৈ এই প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত গীত “অকলশৰীয়া” শীৰ্ষক গীতটিয়ে মনোনয়ন লাভ কৰাত সক্ষম হৈছে। গতিকে, সংগীত ক্ষেত্ৰখনত যদিও নতুনকৈ অন্তৰ্ভূক্ত হৈছে তথাপিও প্ৰডাকচন হাউচটোৱে একাংশ সুন্দৰ গীত শ্ৰোতা-দৰ্শকলৈ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত যি অৰিহণা যোগাইছে সেয়া সঁচাকৈ প্ৰশংসনীয়। সদ্যমুক্তিপ্ৰাপ্ত, গীতটিৰ জৰিয়তে এটি নতুন যুগলবন্দীকো দেখিবলৈ পোৱা গৈছে। পাপলু চেতিয়াৰ শব্দৰ মালাত নিজ যাদুকৰী কণ্ঠৰে চুমুক দিয়া পল্লৱ তালুকদাৰ আৰু এৰেকা (অনন্যা চৌধুৰী) ৰ “তৃষ্ণাতুৰ” ৰে লাভ কৰিছে সংগীত প্ৰেমী শ্ৰোতাৰ সমান্তৰালকৈ সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত সংগীতশিল্পী সকলৰো বহুল সমাদৰ। কণ্ঠদান কৰাৰ সমান্তৰালকৈ গীতটিৰ সুৰ আৰু প্ৰযোজনাও পল্লৱ তালুকদাৰৰ নিজৰেই। গীতাৰ বজাইছে ভাস্কৰ শইকীয়াই আৰু শব্দ-সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ।


প্ৰেমৰ গভীৰ ভাৱনাত তৃষ্ণাতুৰ হৈ পৰা দুগৰাকী প্ৰেমাস্পদৰ কথাৰে এই গীতটিক লিখি উলিয়াইছে পাপলু চেতিয়াই; প্ৰতিটো গীতৰ কথাৰে শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰখা পাপলু চেতিয়াৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিতো ফুটি উঠিছে তেওঁৰ প্ৰতিভা। পল্লৱ তালুকদাৰ বৰ্তমান সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। অসমীয়া কেইবাটিও গীতৰ লগতে তেওঁৰ পৰিচালনাৰে নিৰ্মিত নেপালী গীতেও লাভ কৰিছিল শ্ৰোতা-দৰ্শকৰ সমাদৰ। সৰুৰ পৰাই ঘৰত সংগীতৰ পৰিৱেশ লাভ কৰা পল্লৱে পোনপ্ৰথমে মাতৃৰ তত্ত্বাৱধানত সংগ্ৰহ কৰিছিল সংগীতৰ শিক্ষা। পিছলৈ তেওঁ আন আন বহু কেইজন শিক্ষা গুৰুৰ ওচৰলৈ গৈ সংগীতত কন্ঠদান কৰাৰ লগতে সংগীত পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে। প্ৰফেচনেলি বিগত ৪-৫ বছৰৰ পৰা ছবি ও সংগীত জগতখনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত উক্ত শিল্পী গৰাকীৰ পোন প্ৰথমবাৰৰ বাবে জনপ্ৰিয়তা লাভ কৰা গীতটি আছিল “সাত ঘাতৰ চেঙেলী”; য’ত বৰ্তমান ভিউৱাৰচৰ সংখ্যা হৈছে ২ মিলিয়নতকৈও অধিক। উক্ত গীতটিৰ পৰা আৰম্ভ হয় শিল্পী গৰাকীৰ সংগীতময় সফল যাত্ৰাৰ। মাতৃৰ পৰাই ক্লাচিকেল গীতৰ শিক্ষা লোৱা পল্লৱে পৰৱৰ্তী সময়ত পাশ্চাত্য সংগীতৰ শিক্ষা গ্ৰহণ কৰে ৰূপম জ্যোতি বৰাৰ পৰা লগতে মিউজিক প্ৰডাকচন তেওঁ নিজেই শিকিছিল। ইয়াৰ উপৰিও, শব্দ মিশ্ৰণৰ শিক্ষা তেওঁ গ্ৰহণ কৰিছিল ইবছন লাল বৰুৱাৰ পৰা। সম্প্ৰতি মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান পল্লৱ তালুকদাৰে তাতেই থাকি কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “অস্তিত্ব” ৰ মিউজিক প্ৰডাকচনৰ দায়িত্বত থাকে। আনহাতে, পল্লৱ এখন হিন্দী ছবি “Rhoya” টো সংগীত পৰিচালক ৰূপে কাম কৰে। আনহাতে, বৰ্তমান প্ৰজন্মৰ আন প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী সমূহৰ মাজত নাম ল’ব পাৰি এৰেকাৰ।

পাপলু চেতিয়াৰ শব্দত পল্লৱ তালুকদাৰ আৰু এৰেকাৰ কণ্ঠ; The Mystic Production ৰ ন-গীত "তৃষ্ণাতুৰ"- 2


উক্ত যুগলবন্দী তথা মিউজিক প্ৰডাকচনটোৰ বেনাৰত আন গীত সমূহৰ বাবে অপেক্ষাৰত হৈ উঠিছে প্ৰতিজন। তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform