এখন নাটকত কৰা অভিনয়ৰ যোগেদি এগৰাকী অসমীয়া অভিনেত্ৰীৰ প্ৰতিভাক আৱিষ্কাৰ কৰে উপস্থিত দৰ্শকসকলে। এই গৰাকী অভিনেত্ৰী হৈছে অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা। শোণিতপুৰ জিলাৰ চতিয়াত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে অতি কমেও অসমীয়া ৫৩ খন ছবিত অভিনয় কৰাৰ লগতে ৩০ খনৰো অধিক ভিচিডি, কেইবাখনো হিন্দী, দূৰদৰ্শন ধাৰাবাহিক আৰুব টেলিফিল্মতো অভিনয় কৰিছে। অসমীয়া ছবি “উপপথ” জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰা মৃদুলা বৰুৱাৰ জীৱনৰ প্ৰথমখন ছবি “মৰমী” বুলিহে কোৱা হয়। কিয়নো, “মৰমী” ছবিখন “উপপথ” তকৈ আগতে মুক্তি লাভ কৰিছিল।

দ্বৈত চৰিত্ৰৰ লগতে বয়সতকৈ বৃদ্ধ তথা ঋণাত্মক চৰিত্ৰটো অভিনয় কৰা মৃদুলা বৰুৱাৰ প্ৰায় সকলোবোৰ ছবিত কৰা চৰিত্ৰই আছিল দৰ্শকৰ বাবে উপভোগ্য। ইয়াৰ লগতে, ২০০০ চনত প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি অভিনেত্ৰী গৰাকীয়ে দূৰদৰ্শনৰ দুখনমান ধাৰাবাহিক প্ৰযোজনা কৰাৰ লগতে চৰকাৰৰ বাবে প্ৰায় ১০ খন মান ডকুমেন্টৰী প্ৰযোজনা কৰিছিল।

“ককাদেউতা নাতি আৰু হাতী” ৰ বাবে অসম শিল্পী সমিতিৰ দ্বাৰা ১৯৮৪ চনত অভিনেত্ৰী গৰাকীয়ে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লগতে “মা” ছবিখনৰ বাবে ১৯৮৭ চনত তেওঁ লাভ কৰে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা। ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে লাভ কৰে-
১. শ্ৰেষ্ঠ সহ অভিনেত্ৰী, ২০০৫ (অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা)
২. অসমীয়া চলচ্চিত্ৰ জগতলৈ জীৱনজোৰা অৱদান বঁটা, ২০০৬ (জ্যোতিৰূপাৰ দ্বাৰা)
৩.২০১৯ বীৰঙ্গনা মূলাগাভৰু বঁটা।

“বোৱাৰী” আৰু “ককাদেউতা নাতি আৰু হাতী” ছবি দুখনেই আছিল মৃদুলা বৰুৱাৰ জীৱনৰ টাৰ্নিং পইন্ট। ছবিগৃহত মুক্তি লাভ কৰা পিছতেই এই গৰাকী অভিনেত্ৰী এগৰাকী সুদক্ষা অভিনেত্ৰী ৰূপে প্ৰতিষ্ঠা লাভ কৰে। মুনিন বৰুৱাৰ চিত্ৰনাট্য,সংলাপ তথা বসন্ত দাসৰ কাহিনীৰে নিৰ্মিত “বোৱাৰী” ছবিখন প্ৰযোজনা কৰিছিল ময়ূৰ ক্যাসেট প্ৰাইভেট লিমিটেডে। ইন্দ্ৰাণী এন্টাৰপ্ৰাইজৰ দ্বাৰা নিবেদিত এই ছবিখন আছিল আক্ষৰিক অৰ্থত দ্বিতীয়খন ব্লকব্লাষ্টাৰ অসমীয়া ছবি। “আজলী নবৌ” ছবিখনৰ ৰেকৰ্ড সমূহ ভাঙি এই ছবিখনে সেইটো সময়ত দৰ্শকৰ সমাদৰ লাভ কৰিছিল।

ইয়াৰ লগতে, মৃদুলা বৰুৱা অভিনীত “ককাদেউতা নাতি আৰু হাতী” ছবিখন মুক্তি লাভ কৰিছিল ১৯৮৩ চনত। নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনত মৃদুলা বৰুৱাৰ সৈতে অভিনয় কৰিছিল নিপন গোস্বামী আৰু প্ৰাঞ্জল শইকীয়াই।
Add comment