Rupaliparda.com
এইবাৰ কংগনা ৰাণাওঁটৰ আন এক দাবী; "ইণ্ডিয়া" ৰ সলনি কওঁক "ভাৰত"- 1

এইবাৰ কংগনা ৰাণাওঁটৰ আন এক দাবী; “ইণ্ডিয়া” ৰ সলনি কওঁক “ভাৰত”-

এইবাৰ কংগনা ৰাণাওঁটৰ আন এক দাবী; বিতৰ্ক আৰু কংগনাৰ যেন এৰাব নোৱাৰা ৰাহি-যোৰা। কংগনাৰ দাবী আৰু কথা সমূহৰ বাবে শেহতীয়াকৈ তেওঁৰ টুইটাৰ হেণ্ডেলো বন্ধ কৰি দিয়া হৈছে; কিন্তু তাৰ পিছতো কংগনাই অইন চচিয়েল মিডিয়া মাধ্যমত নিজ দপদপনি অব্যাহত ৰাখিছে। এইবাৰ কংগনাৰ দাবী দেশখনক লৈ; দেশৰ নাম “ইণ্ডিয়া” আঁতৰাই কৰিবলৈ দিয়া হ’ল “ভাৰত”। অভিনেত্ৰী গৰাকীৰ মতে “ইণ্ডিয়া” নামটো পূৰ্বতে ইংৰাজসকলে দিয়া এটা “শ্লেভ নেম”। শ্লেভ নেম অৰ্থাৎ শাসকসকলে কৰা ক্ৰীতদাসৰ নামকৰণ; ইয়াত গৌৰৱবোধ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ মতে, “ভাৰতৰ উত্থান তেতিয়াহে সম্ভৱ হ’ব যেতিয়া ইয়াত শিপাৰ সৈতে প্রাচীন আধ্যাত্মিকাবাদ আৰু জ্ঞানৰ সংযোগ থাকিব। এইটোৱে আমাৰ মহান সভ্যতাৰ আত্মা। বিশ্বই আমাক উচ্চ দৃষ্টিৰে চাব আৰু আমি বিশ্বনেতা হিচাবে উঠি আহিব পাৰিম। কেৱল সিমানেই নহয়, নিজৰ বক্তব্যৰ সমর্থনত কয়, ‘ইণ্ডাছ ভেলী’ তথা সিন্ধু উপত্যকাৰ পৰাই ‘ইণ্ডিয়া’ নামকৰণ। কেৱল জন্মৰ হিচাবত কাৰো নাম ৰখা নাযায়। বৰং ভাৰত নামত আছে পৃথক অর্থ। ‘ভা’ অর্থত ‘ভাব’, ‘ৰ’ অর্থত ‘ৰাগ’ আৰু ‘ত’ অর্থত ‘তাল’।”


কংগনা ৰাণাওঁটৰ এই বাৰ্তাই চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে যদিও তেওঁৰ সৈতে অধিকাংশ লোকেই একমত নহয়। একাংশৰ মতে, কেৱল মাত্ৰ নাম সলনি কৰিলেই দেশ সলনি নহয়; দেশৰ জনসাধাৰণৰ মনোভাৱ সলনি কৰিলেহে দেশ সলনি হ’ব। “

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform