স্কুলত পঢ়ি থকা সময়ছোৱাত যেতিয়া প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয়; সেই সময়ত আমি প্ৰত্যেকটো প্ৰতিযোগিতাতেই অংশগ্ৰহণ কৰিবলৈ বিচাৰো। লগ-বন্ধু সকলৰ সৈতে কৰা এনে অংশগ্ৰহণেৰে আমি আগন্তুক সময়ত নিজ ইচ্ছা বোৰক বৃদ্ধি কৰি গৈ থাকো; কেতিয়াবা য’ত অভিনয়ক লৈ আগ্ৰহী হওঁ তাতেই আকৌ কেতিয়াবা আগ্ৰহী হওঁ কণ্ঠদানক লৈ! ঘৰ অথবা সৰুতেই পঢ়ি অহা স্কুলখন হৈছে আমাৰ জীৱনৰ লক্ষ্যৰ ক্ষেত্ৰত দিয়া প্ৰথমটো খোজ।নয়ন মণি বৰ্মণ; বিগত ১০-১১ বছৰে সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত নয়ন মণি বৰ্মণ মুম্বাইলৈ গৈ হিন্দী, বেংগলীকে ধৰি গুজৰাটী, মাৰাঠী আদি বহু ছবি আৱহ সংগীতৰ লগতে সংগীত ব্যৱস্থাপনাৰ সৈতেও জড়িত হৈ আছিল। ইয়াৰ উপৰিও, একাংশ ৱেব চিৰিজৰ তেওঁ সংগীত পৰিচালক ৰূপেও চিনাকী। নৱপ্ৰজন্মৰ প্ৰয়াস তথা প্ৰচেষ্টা আদিয়ে প্ৰায়ে প্ৰত্যেকটো সময়তে জনসাধাৰণক উৎসাহিত কৰি ৰখা দেখিবলৈ পোৱা যায়। কেতিয়াবা তেওঁৰ সংগীত, ছবি, চুটি ছবি অথবা কেতিয়াবা তেওঁলোকৰ পৰিকল্পনা আদিয়ে প্ৰায়ে এনে কিছু সৃষ্টি কৰে যাক জনসাধাৰণে আকোঁৱালি ল’বলৈ সক্ষম হয়। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।

সংগীতৰ সাধনা কৰা একোগৰাকী প্ৰতিভাই জনসাধাৰণক বহুল হাৰত আকৰ্ষিত কৰে লগতে তেওঁলোকৰ প্ৰতি উৎসাহিতও কৰি ৰাখে। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা প্ৰতিভা নয়ন মণি বৰ্মণৰ সৈতে পাতিছিলো কিছু কথা-বতৰা। আৰম্ভণি বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “স্কুলত পঢ়া দিনৰ পৰাই বিভিন্ন বাদ্যযন্ত্র বজাবলৈ আৰু গাবলৈ লৈছিলোঁ । তেনেকৈয়ে পিছলৈ মঞ্চ আৰু ২০১০ মানৰ পৰা সংগীত ব্যৱস্থাপনা আৰু পৰিচালনা কৰিবলৈ আৰম্ভ কৰোঁ; পৰৱৰ্তী সময়ত, অসমতে দুবছৰমান সংগীত চৰ্চা কৰি মুম্বাইলৈ আৰু অকণমান শিকাৰ উদ্দেশ্যে গুচি যাওঁ।” তেওঁৰ মতে, সংগীতৰ কোনটো উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “কোনো এক অনুভৱ সি লাগিলে সুখ, দুখ, হাঁহি, ব্যংগ অথবা যিয়েই নহওঁক কিয়! বাদ্য নাইবা কণ্ঠেৰে শ্ৰোতাৰ মনত সেই একেই অনুভৱ জগাব পাৰিলেই সেই সংগীতে সাৰ্থকতা পায়; কেৱল মাত্ৰ এটা নিৰ্দিষ্ট উপাদান বুলি ক’ব নোৱাৰি। যদি আমি এটা গানৰ কথা ক’বলৈ যাওঁ তেন্তে তাৰ কথা, সুৰ আৰু সেই কথা-সুৰে বিচৰা সংগীত সজ্জা, কণ্ঠ, লগতে শব্দ সংমিশ্ৰণ আদি আটাইবিলাক উপাদানৰ উচিত সমাহাৰেই এটা গীতক পূৰ্ণতা প্ৰদান কৰে বুলি মই ভাবোঁ।” আগন্তুক সময়ৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত নয়ন মণি বৰ্মণে কয় যে, “সংগীতৰ বিশাল ক্ষেত্ৰখনতে ভাল ভাল কাম কৰি যোৱাৰ মন; তাৰ উপৰিও কিছুমান পৰিকল্পনা আছে, সময়ৰ লগে লগে আপোনালোকৰ সৈতে কামবোৰৰ বিষয়ে জনাব পাৰিম বুলি আশাবাদী।”

তেওঁৰ মতে, এগৰাকী প্ৰকৃত “শিল্পী” কোন বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “এগৰাকী শিল্পকৰ্মীৰ সৃষ্টিৰাজিৰ অনুৰাগীয়ে সেই শিল্পকৰ্মী গৰাকীক দিয়া এক বিশেষণ তথা স্বীকৃতিয়ে হ’ল ‘শিল্পী’ । কোনেও নিজকে নাইবা কোনো ব্যক্তি বিশেষে নিজাববীয়াকৈ কোন শিল্পী হয় বা নহয় সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰে, পাৰে তেওঁৰ অনুৰাগীসকলেহে।” এইখিনিতে, আপোনালোকক জনাবলৈ বিচাৰিম যে, নয়ন মণি আহিবলগীয়া ছবি ক্ৰমে “লখিমী”, “গগৈ” আৰু “BOOMBA RISES” আদিৰ সংগীত পৰিচালক ৰূপে জড়িত হৈ আছে।
Add comment