Rupaliparda.com
অনুষ্কা শৰ্মা-বিৰাট কোহলীৰ সাধাৰণ ফটোত অসাধাৰণ ভিউচঃ 1

অনুষ্কা শৰ্মা-বিৰাট কোহলীৰ সাধাৰণ ফটোত অসাধাৰণ ভিউচঃ

বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা এগৰাকী সফল অভিনেত্ৰী ৰূপে পৰিগণিত হয়। বৰ্তমান তেওঁক কোনো এখনো ছবিত দেখিবলৈ পোৱা নাই যদিও তেওঁৰ আৰু স্বামী বিৰাট কোহলী যুঁটি টোৰ অনুৰাগী সৰ্বাধিক। সম্প্ৰতি সময়ত বহু চিলেব্ৰেটী অনুৰাগীৰ কাষ চাপিবলৈ চেষ্টা কৰিছে; চচিয়েল মিডিয়াত কোনো সময়ত অনুৰাগীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়া দেখিবলৈ পোৱা যায় এওঁলোকক। অভিনেত্ৰী গৰাকী মাতৃ সুখ লাভ কৰাৰ লগতে স্বামী বিৰাটৰ সৈতে ভিন্ন কথাৰে তেওঁ চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। শেহতীয়াকৈ অভিনেত্ৰী অনুষ্কাই এখন ছেলফী শ্বেয়াৰ কৰিছে য’ত ৰাতিপুৱা সময়ত এখন ৰেষ্টুৰেণ্টত বহি তেওঁলোকে নিজৰ খাদ্য গ্ৰহণ কৰি আছে। যদিও ফটোখন সাধাৰণ তথাপিও এই ফটোখনে অতি কম সময়ৰ ভিতৰতেই বহুল হাৰত চৰ্চিত হৈছে চচিয়েল মিডিয়াত। ফটোখন শ্বেয়াৰ কৰি অনুষ্কাই কেপচনত লিখে যে, “যেতিয়া আপুনি সোনকালে খাদ্য উপভোগ কৰে তেতিয়া আপুনি নিজক বিজয়ী যেন অনুভৱ কৰে।” আনহাতে, কিছুদিন পূৰ্বে এই অভিনেত্ৰী গৰাকীৰ আন এখন ফটো ভাইৰেল হৈছিল য’ত তেওঁ নিজ চুলি চুটিকৈ কটোৱাই পেলাইছিল। মাতৃ হোৱাৰ পিছত তেওঁ নিজৰ চুলি সৰি যোৱা বুলি অনুভৱ কৰাৰ বাবে চুলি কটোৱাইছিল।


অনুৰাগীৰ কাষতেই থকা এই উক্ত যুঁটিটো প্ৰায়ে সামাজিক ভাৱেও দায়বদ্ধ। দেশে যুঁজ দিয়া ক’ৰোণা মহামাৰীক পৰাস্ত কৰিবলৈ দুখীয়া ৰাইজৰ স্বাৰ্থত থিয় দিছিল অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী। ১১ কোটি টকা ৰিলিফ ফাণ্ডলৈ প্ৰেৰণ কৰিছিল যুঁটিটোৱে। এনেবোৰ কাৰণতেই এই যুঁটিটো বৰ্তমান সময়ৰ বহু প্ৰত্যাশিত যুঁটি হোৱাৰ লগতে তেওঁলোকৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform