Rupaliparda.com
হাঁহিমুখীয়া গীতাৱলী ৰাজকুমাৰীৰ ফটোত মুগ্ধ অনুৰাগীঃ 1

হাঁহিমুখীয়া গীতাৱলী ৰাজকুমাৰীৰ ফটোত মুগ্ধ অনুৰাগীঃ

বৰ্তমান সময়ত আমাৰ বাবে সাহস হৈছে আমাৰ সৰু সৰু কথাৰ সুখবোৰ। ক’ৰোণা মহামাৰীয়ে ব্যতিব্যস্ত কৰা জনসাধাৰণৰ বাবে হাঁহিটোৱেই হৈছে তেওঁলোকৰ প্ৰথম ঔষধ; যাৰ দ্বাৰা তেওঁলোকৰ অনাগত দিনবোৰ সুখময় হোৱাৰ আশা কৰিব পাৰি। শেহতীয়াকৈ হাঁহিমুখীয়া গীতাৱলী ৰাজকুমাৰীৰ এখন ফটোৱে পজিটিভ বাৰ্তা কঢ়িয়াইছে জনসাধাৰণ তথা অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ মাজত। “সুখৰ বাহিৰে আন একো ঔষধ জীৱনত থাকিব নোৱাৰে” বুলি এটা কেপচন দি অভিনেত্ৰী গৰাকীয়ে নিজৰ এখন ফটো আপলোড কৰে। ইয়াৰ উপৰিও, প্ৰায় সময়তে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে অভিনেত্ৰী গৰাকী। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে। বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।


অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয় বৰ্তমান দৰ্শকে দেখিবলৈ পাইছে ৰং চেনেলত যোগে প্ৰচাৰিত ধাৰাবাহিক “বান্ধোন” ত। অভিনেত্ৰী গীতাৱলীৰ দৰেই তেওঁৰ জীয়ৰীও এই ক্ষেত্ৰখনৰ সৈতে কেতিয়ালৈ জড়িত হ’ব সেয়া হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply