Rupaliparda.com
অনুষ্কা শৰ্মাৰ মাস্ক পৰিধানৰ আহ্বানঃ 1

অনুষ্কা শৰ্মাৰ মাস্ক পৰিধানৰ আহ্বানঃ

অনুষ্কা শৰ্মাই শেহতীয়াকৈ ইনষ্টাগ্ৰাম যোগে এক ভিডিঅ’ শ্বেয়াৰ কৰে য’ত অভিনেত্ৰী গৰাকীয়ে ক’ৰোণা সংক্ৰমণৰ পৰা ৰাইজক বাচিবলৈ প্ৰতিটো সময়ত মাস্ক পৰিধানৰ বাবে আহ্বান জনায়। এগৰাকী অভিনেত্ৰী হিচাবে তেওঁ প্ৰতিটো সময়ত সামাজিক বিষয়ত সক্ৰিয় ৰূপে থিয় দিয়ে। কিছুদিন পূৰ্বে, অনুষ্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীৰ সন্তান “বামিকা” য়ে ৬ মাহ সম্পূৰ্ণ কৰাত দুয়ো স্বামী-স্ত্ৰীয়ে কেতবোৰ ফটো আপলোড কৰে চচিয়েল মিডিয়াত। যিয়ে চৰ্চা লাভ কৰে তেওঁলোকৰ অনুৰাগীৰ মাজত। বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা এগৰাকী সফল অভিনেত্ৰী ৰূপে পৰিগণিত হয়। বৰ্তমান তেওঁক কোনো এখনো ছবিত দেখিবলৈ পোৱা নাই যদিও তেওঁৰ আৰু স্বামী বিৰাট কোহলী যুঁটি টোৰ অনুৰাগী সৰ্বাধিক। সম্প্ৰতি সময়ত বহু চিলেব্ৰেটী অনুৰাগীৰ কাষ চাপিবলৈ চেষ্টা কৰিছে; চচিয়েল মিডিয়াত কোনো সময়ত অনুৰাগীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়া দেখিবলৈ পোৱা যায় এওঁলোকক। অভিনেত্ৰী গৰাকী মাতৃ সুখ লাভ কৰাৰ লগতে স্বামী বিৰাটৰ সৈতে ভিন্ন কথাৰে তেওঁ চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। অনুৰাগীৰ কাষতেই থকা এই উক্ত যুঁটিটো প্ৰায়ে সামাজিক ভাৱেও দায়বদ্ধ।

অনুষ্কা শৰ্মাৰ মাস্ক পৰিধানৰ আহ্বানঃ 2


দেশে যুঁজ দিয়া ক’ৰোণা মহামাৰীক পৰাস্ত কৰিবলৈ দুখীয়া ৰাইজৰ স্বাৰ্থত থিয় দিছিল অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী। ১১ কোটি টকা ৰিলিফ ফাণ্ডলৈ প্ৰেৰণ কৰিছিল যুঁটিটোৱে। এনেবোৰ কাৰণতেই এই যুঁটিটো বৰ্তমান সময়ৰ বহু প্ৰত্যাশিত যুঁটি হোৱাৰ লগতে তেওঁলোকৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.