Rupaliparda.com
KC Digital Films ৰ বেনাৰত সাজু হৈছে "The Radio Guy”- 1

KC Digital Films ৰ বেনাৰত সাজু হৈছে “The Radio Guy”-

কাদম্বৰী ক্ৰিয়েচন অৰ্থাৎ KC Digital Films ৰ বেনাৰত নিৰ্মিত ছবি বুলি ক’লেই এতিয়া দৰ্শক বহুল হাৰত উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে এই উৎসাহৰ আঁৰত বিশেষ কাৰণো নথকা নহয়; এওঁলোকৰ বেনাৰত নিৰ্মিত একোটা প্ৰকল্পই বৰ্তমানেও জনসাধাৰণৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছে। আমি দৰ্শক সকলে প্ৰায় সময়ত আমাক সংযোগ কৰা বিষয়বোৰ স্ক্ৰীণত উপভোগ কৰিবলৈ বিচাৰোঁ। যেতিয়া প্ৰকল্প সমূহে আমাক সংযোগ কৰে তেতিয়া আমি সেই প্ৰকল্পটোক লৈ উৎকণ্ঠিত হওঁ অথবা আমাৰ কাষৰ জনক প্ৰকল্পটোৰ বিষয়ে সবিশেষ জনাবলৈ বিচাৰোঁ। কিছুদিন পূৰ্বে মুক্তি লাভ কৰা এখন চুটি ছবি “Love Birds” ৰ বিষয়ে আপোনাক হয়টো আৰু নতুনকৈ জনাই দিয়াৰ প্ৰয়োজন নাই। উক্ত প্ৰযোজনা গোষ্ঠীটোৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখন প্ৰতিজন মনোৰঞ্জন প্ৰেমী দৰ্শকেই যে উপভোগ কৰিছে সেই বিষয়ে আমি নিশ্চিত। ক’ৰোণা কালত ব্যতিব্যস্ত হোৱা জনসাধাৰণক কিছুসময়ৰ বাবে আমোদ প্ৰদান কৰিবলৈ প্ৰতিজন কলা-কুশলীয়ে বিচাৰে; আৰু সেই মানসিকতাৰে এতিয়া কাদম্বৰী ক্ৰিয়েচনে ইখনৰ পিছত সিখনকৈ চুটি ছবিৰ পৰিকল্পনা আৰম্ভ কৰিছে। “Arranged”, “Love Birds” দুয়োখন চুটি ছবিত প্ৰেমৰ ভিন্ন ৰং, ভিন্ন স্বৰূপ, প্ৰেমাস্পদৰ মাজৰ আৱেগ-অনুভূতিৰ বিভিন্নটা ইত্যাদিক উপস্থাপন কৰা হৈছিল আৰু আহিবলগীয়া সময়ত মুক্তি লাভ কৰিবলগীয়া চুটি ছবিকেইখনতো দৰ্শক সকলে প্ৰেমৰেই আন কেইবাটাও দিশ দেখিবলৈ সক্ষম হ’ব। এইখিনিতে, আপোনালোকক দিছোঁ ভাল খবৰটো। চলিত মাহৰ ২৩ তাৰিখে মুক্তি লাভ কৰিব “The Radio Guy”।

KC Digital Films ৰ বেনাৰত সাজু হৈছে "The Radio Guy”- 2


আমি কেতিয়াবা মন আৰু মগজুৰ চিন্তা-ভাৱনাবোৰৰ সৈতে দোধোৰ-মোধোৰত পৰোঁ। কোনটো ফালৰ পৰা কেনেদেৰে সিদ্ধান্ত গ্ৰহণ কৰিলে কি পৰ্যায়ত উপনীত হ’ম সেয়া আমি বিচাৰ কৰিব নোৱাৰোঁ। এই মানৱীয় প্ৰমূল্যবোধৰ আৱেগ-অনুভূতি সমূহক লগত লৈয়ে ৰাইজৰ কাষ চাপিবলৈ সাজু হৈছে “The Radio Guy”। ইয়াত এটি মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে এগৰাকী অভিনেতা, চিত্ৰকাৰ, গীতিকাৰ তথা পূৰ্বৰ এগৰাকী জনপ্ৰিয় ৰেডিঅ’ জকী শশাংক সমীৰে। তেওঁৰ অভিনয়ৰ অনুৰাগীৰ শাৰী দীঘলীয়া হোৱাৰ সমান্তৰালকৈ এগৰাকী গীতিকাৰ হিচাবেও শশাংক সমীৰক প্ৰায় প্ৰত্যেকেই আদৰিছে। আনহাতে, ইয়াত আন এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱপ্ৰজন্মৰ মাজত বৰ্তমান বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰা প্ৰতিভা হৰ্ষ সিদ্ধান্তই। অৱশ্যে, ইয়াত তেওঁ লিখা চিত্ৰনাট্যকেই সন্নিৱিষ্ট কৰা হৈছে। কেতিয়াবা এনে হয়নে যে, গতানুগতিক এটা কাহিনীৰ মাজত যেতিয়া অকণমান হাঁহিৰ খোৰাক যোগাব পৰা কোনো এগৰাকী অভিনেতাক দেখিবলৈ পোৱা যায় তেতিয়া দৰ্শক সকল সেই প্ৰকল্পটোক লৈ আৰু অধিক আগ্ৰহী হৈ থাকে। আচলতে, হৰ্ষ সিদ্ধান্ত ঠিক তেনেধৰণৰেই এগৰাকী অভিনেতা। উক্ত চুটি ছবিখনত পৰিচালনাৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ; পৰিচালনাৰ ব্যতিক্ৰমী দৃষ্টিভংগীৰে দৰ্শকৰ হৃদয় জিনা এই পৰিচালক গৰাকীৰ প্ৰতিটো প্ৰকল্পই এতিয়া সমাদৰৰ যোগ্য। এইবাৰ কেৱল পৰিচালনা বুলিয়ে নহয়; সমুজ্জল কাশ্যপৰ বিষয়বস্তুৰে নিৰ্মিত “The Radio Guy” ৰ দৃশ্যগ্ৰহণ তথা সম্পাদনাও কৰিছে তেওঁ নিজেই।

KC Digital Films ৰ বেনাৰত সাজু হৈছে "The Radio Guy”- 3
KC Digital Films ৰ বেনাৰত সাজু হৈছে "The Radio Guy”- 4

শশাংক সমীৰ আৰু হৰ্ষ সিদ্ধান্তৰ উপৰিও ইয়াত অভিনয় কৰিছে হীৰা নেওঁগ আৰু বাদল সিনহাই। চাউণ্ড আৰু চাউণ্ড ডিজাইনৰ কাম কৰিছে ক্ৰমে য়শ আৰু নবাৰুণ বৰাই। ৰূপসজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা। চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform