Rupaliparda.com
দুবছৰীয়া পৰিকল্পনা আৰু প্ৰাণদ্বীপ বৰাৰ "পোহৰ"- 1

দুবছৰীয়া পৰিকল্পনা আৰু প্ৰাণদ্বীপ বৰাৰ “পোহৰ”-

“অভিজাত” শীৰ্ষক এটি ৰেপৰ জৰিয়তে অসমীয়া সংগীত তথা এই ৰেপ ক্ষেত্ৰখনত সাঙুৰ খোৱা প্ৰাণদ্বীপ বৰাৰ নাম আপোনালোকে নিশ্চয় শুনিছে। নহয়নে? যিটো ৰেপক ২০২০ চনৰ মাৰ্চ মাহত গুৱাহাটীৰ GIMT ত EUPHUISM নামে আয়োজন কৰা এক ৰেপ প্ৰতিযোগিতাত বিজয়ী ঘোষণা কৰিছিল। আচলতে, প্ৰাণদ্বীপ বৰাই ঠিক সেইটো সময়তে এই ক্ষেত্ৰখনত প্ৰথমটো খোজ পেলাবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ তেওঁ নিজৰ আন এটি গীতৰ বাবে সাজু হৈ উঠিছে; “পোহৰ” হৈছে প্ৰাণদ্বীপ বৰাৰ অনাগত দিনৰ উল্লেখনীয় প্ৰকল্পৰ মাজৰ এটা। সমাজৰ কিছু নেতিবাচক কথাক সংশোধন কৰাৰ স্বাৰ্থত এই নৱপ্ৰজন্মৰ প্ৰতিভাই কৰা প্ৰচেষ্টা শলাগৰ যোগ্য; আপোনালোকেও হয়টো নিশ্চয় অনুভৱ কৰিছে যে বৰ্তমান পৰিপ্ৰেক্ষিতত সামাজিক, ৰাজনৈতিক অথবা অৰ্থনৈতিক প্ৰসংগসমূহত নৱপ্ৰজন্মৰ চিন্তা-ধাৰাকো জানিবলৈ চেষ্টা কৰা হয়। তেওঁলোকৰ মতামত সাম্প্ৰতিক সময়ৰ বাবে উপযোগী বুলি ইতিমধ্যে বহু যোগ্যজনে মন্তব্য কৰি গৈছে। তেনে পৰিপ্ৰেক্ষিতত, একাংশ নৱপ্ৰজন্মই নিজ মতামত সমূহ আগবঢ়াব বিচাৰে মনোৰঞ্জন প্ৰদানৰ দ্বাৰা। অহা আগষ্ট মাহত মুক্তি পাবলগীয়া “পোহৰ” ক লৈ উৎসাহিত হৈছে শ্ৰোতাও; কিয়নো আমি সঁচাকৈয়ে নতুনত্ব বিচাৰোঁ। নিজৰ গীতৰ কথাৰ দ্বাৰা কোনো এগৰাকী ব্যক্তিৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব বিচৰা প্ৰাণদ্বীপে প্ৰায়ে জনসাধাৰণৰ বাস্তৱ জীৱনৰ সৈতে খাপ খোৱা কিছু কথাক লৈ নিজ সৃষ্টিবোৰ আগবঢ়াব বিচাৰে।

দুবছৰীয়া পৰিকল্পনা আৰু প্ৰাণদ্বীপ বৰাৰ "পোহৰ"- 2


দুবছৰ ধৰি “পোহৰ” ৰ পৰিকল্পনা কৰি থকা হৈছে। আনহাতে, ইয়াত সংগীতৰ দায়িত্বত আছে আনগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা ৰূপান্তৰ। ২০১৩ চনৰ পৰা নিজাববীয়াকৈ ইন্টাৰনেটত কিছু বস্তুৰ অধ্যয়ন কৰি ৰূপান্তৰে সংগীত প্ৰযোজনাৰ কিছু কথা শিকিবলৈ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত, এই বস্তুটোৰ আৰু অকণমান বহল পৰিসৰত জ্ঞান অৰ্জনৰ বাবে ২০১৭ চনত তেওঁ সংগীত প্ৰযোজনা আৰু ডিজে বিষয়ত পুনেস্থিত Project 91 S&A DJ Academy ৰ পৰা এবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰে। এই পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিছতেই ৰূপান্তৰে নিজ প্ৰথমটো ২০১৯ চনত “দেৱগ্ৰাম” শীৰ্ষক গীতটি মুকলি কৰে। অৰ্থাৎ পেছাগতভাৱে ২০১৯ চনৰ পৰা সংগীত ক্ষেত্ৰখনত খোজ দিয়া ৰূপান্তৰো প্ৰাণদ্বীপৰ সৈতে যুঁটীয়াভাৱে জড়িত হৈ আছিল জনপ্ৰিয় “অভিজাত” ৰ সৈতে। উল্লেখ্য যে, ভিডিঅ’ আকাৰে মুক্তি পাবলগীয়া “পোহৰ” শীৰ্ষক গীতটিত ভিডিঅ’ পৰিচালনা ঐশ্বৰ্য্যৰ লগতে ইয়াৰ দৃশ্যগ্ৰহণ কৰিছে অৰ্ণৱে। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে।

দুবছৰীয়া পৰিকল্পনা আৰু প্ৰাণদ্বীপ বৰাৰ "পোহৰ"- 3


আহিবলগীয়া “পোহৰ” ক লৈ প্ৰাণদ্বীপৰ সফলতা কামনা কৰিছোঁ। আনহাতে, তেওঁৰ সৈতে এই গীতটিত জড়িত কলা-কুশলীক জনাইছোঁ শুভেচ্ছা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform