Rupaliparda.com
চুমকি কছাৰী (বাইলুং) ৰ আউট অফ দা বক্স ফটোশ্বুটঃ 1

চুমকি কছাৰী (বাইলুং) ৰ আউট অফ দা বক্স ফটোশ্বুটঃ

ষষ্ঠ শ্ৰেণীৰ পৰাই নেশ্বনেল কেডেট কৰ্পছ; চমুকৈ এন.চি.চি ৰ সৈতে জড়িত হোৱাৰ লগতে বস্কিং, কাবাডী, ক্ৰিকেট আদি খেলত পাকৈত “বেহাৰবাৰী আউটপোষ্ট” ৰ বাইলুঙ অৰ্থাৎ চুমকি কছাৰীৰ শেহতীয়া ফটোশ্বুটৰ কেইবাখনো ফটোৱে চচিয়েল মিডিয়াত লগাইছে খলকনি। আমি আপোনালোকক আগতেও কেইবাবাৰো জনাইছিলোঁ যে, সম্প্ৰতি সময়ত অভিনেতা অথবা অভিনেত্ৰী এগৰাকী সুঠাম দেহৰ অথবা বগা ৰঙৰ বুলিয়েই যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ’ব তেনে আচলতে নহয়। বৰ্তমান সময়ত আমি বহুত উদাহৰণ লাভ কৰিছোঁ য’ত কেৱল অভিনেতা-অভিনেত্ৰী গৰাকীৰ প্ৰতিভাই তেওঁলোকক একোটা প্ৰকল্পৰ সৈতে জড়িত কৰোৱাইছে। “বাইলুং” ৰ চৰিত্ৰটোও ঠিক তেনেধৰণৰেই; প্ৰতিভাৰ বাবেই আজি তেওঁলোকৰৰ অনুৰাগীৰ শাৰীখন যথেষ্ট দীঘলীয়া। শেহতীয়াকৈ, তেওঁৰ ফটোশ্বুটৰ একাংশ ফটোত মনোৰঞ্জন ক্ষেত্ৰখনৰ যথেষ্ট সংখ্যক আন অভিনেতা-অভিনেত্ৰীৰ কমেণ্ট দেখিবলৈ পোৱা গৈছে। ৰেঙণিত সম্প্ৰচাৰিত “বেহাৰবাৰী আউটপোষ্ট” ৰ “বাইলুঙ” চৰিত্ৰটোৰে দৰ্শকৰ হৃদয় জিনা অভিনেত্ৰী চুমকি কছাৰীৰ বৰ্তমান অসমৰ প্ৰত্যেকটো চুকত আছে অনুৰাগী।


গোলাঘাটৰ জীয়ৰী চুমকি অভিনয় বুলিয়েই নহয়; সৰুৰ পৰা আকৰ্ষিত হৈছিল খেলৰ প্ৰতিহে। পিছলৈ নাটকৰ সৈতে জড়িত হৈ পৰা এই গৰাকী অভিনেত্ৰীক “বেহাৰবাৰী আউটপোষ্ট” শীৰ্ষক ধাৰাবাহিকখনে দিলে এক নতুন চিনাকী। অভিনেত্ৰী গৰাকীৰ সুন্দৰ কমেডীৰ টাইমিঙে ধাৰাবাহিক খন আৰু অধিক মনোগ্ৰাহী কৰি তোলে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। অভিনেত্ৰী গৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.