Rupaliparda.com
|| অসমীয়া চিনেমাত অদ্ভুত চিন্তাৰ অদ্ভুত ৰূপালী গল্পৰ স্ৰষ্টা || -- উৎপল মেনা 1

|| অসমীয়া চিনেমাত অদ্ভুত চিন্তাৰ অদ্ভুত ৰূপালী গল্পৰ স্ৰষ্টা || — উৎপল মেনা

ৰজত কাপুৰ । ” ৰজত কাপুৰৰ সৈতে বিভ্ৰান্ত হোৱাৰ অৱকাশ নাই । ৰজত কাপুৰে পৰিচালকক পথভ্ৰষ্ট হোৱাত সহায় নকৰে । ৰজত কাপুৰে হাতে কামে পৰিচালকক কয় — সপোন নেদেখিবা ! যি কৰাৰ মন কৰিবলৈ সাজু হোৱা , মই আছো ! ” — সেই জনেই ৰজত কাপুৰ । মোৰ সৈতে ” মানুহ ” জনৰ সম্পৰ্ক নাই । কিন্তু অভিনেতা জনৰ ” অভিনয় “ৰ সৈতে ওচৰ সম্পৰ্ক , নিবিড় সম্পৰ্ক । — ৰজত কাপুৰৰ অভিনয় অনুভৱ কৰিছো , ৰজত কাপুৰৰ ” কদাখ ” চাইছো । black comedy — “এটি উজ্জ্বল অন্ধকাৰ কৌতুক ” । অৱশ্যে চৰ্চা হৈছিল ” কদাখ “ৰ বুনিয়াদ আলফ্রেড হিচককৰ থ্রিলাৰ ” ৰোপ”( চিনেমা খন মই চোৱা নাই । ১৯৪৮ চনৰ চিনেমা । ” psychological crime thriller .” ৮০ মিনিট দৈৰ্ঘৰ । ) । — ৰজত কাপুৰৰ আন এক পৰিচালনাই মোক চুই গৈছিল , “ৰঘু ৰোমিও “ই । চিত্ৰনাট্য নিজে ৰচনা কৰিছিল । ৰঘু ৰোমিও : কল্পনাৰ – বাস্তৱৰ দূৰত্ব অনুভৱত অক্ষম এক চৰিত্ৰ । বিজয় ৰাজক লৈ নিৰ্মাণ কৰা নিম্ন-মধ্যবিত্ত পৰিয়ালৰ সৰল মনৰ যুৱক । যাৰ সৰলতাক আৱৰি ৰাখিছে আৱেগে । — পৰিচালক ৰজত কাপুৰৰ আন কেইখন মান চিনেমা : তাৰানা , Hypnothesis , Private Detective: Two Plus Two Plus , ” Mixed Doubles , মিথ্যা , ৰাত গই – বাত গই , ফ্যাটসো! , আঁখো দেখি । ” আঁখো দেখি “ৰ মূল চৰিত্ৰ ৰাজ । অভিনয় কৰিছে সঞ্জয় মিশ্রই । ৰাজে প্ৰতিটো মূহুৰ্তত লৈ ফুৰে এক নাটকীয় ঘটনা ! অনুভব কৰে সেইটোহে সত্য , যিটো দেখা যায় । আৰু সিদ্ধান্ত লয় , সেইটোহে কেবল বিশ্বাস কৰিব , যিটো দেখিব ! অদ্ভুত চিন্তাৰ অদ্ভুত ৰূপালী গল্প ! ভাল লগাব পৰা চিনেচিন্তা । — এই আৰু কেইবা খনো ভাল লগাব পৰা পৰিচালনাৰ পিছতো মোৰ ওচৰত ” পৰিচালক ৰজত কাপুৰ “তকৈ ” অভিনেতা ৰজত কাপুৰ ” বেছি উজ্বল ।

কম ফুটেজৰ চৰিত্ৰৰেও চিনেমাৰ সৌন্দৰ্য হয় , আভিনয় ক্ষমতাৰে । — ১৯৮৯ চনত বলিউডত খোজ দিয়ে কুমাৰ ছাহানীৰ ” খায়াল গাথা “ৰে । ১০৩ মিনিট দৈৰ্ঘৰ চিনেমা খনত ৰজত কাপুৰৰ অভিনয় ” চমক ” অৱশ্যেই নাছিল ; ” ভবিষ্যতৰ চমক ” অনুভৱ কৰিছিল , চিত্ৰৰসিকে । পৰবৰ্তী সময়ত অভিনয় কৰা , ” ভেজা ফ্ৰাই ” , ” দিল চাহতা হ্যায় ” , ” ৰঘু ৰোমিও ” , “মিক্স ডাবলছ ” , ” ৰণ ” আদি প্ৰায় ৫০ খন চিনেমাত অভিনয় কৰিছে । ও টি টি প্লেটফৰ্মতো অভিনয় কৰিছে , ১০ খন মান চিনেকৰ্মত । ( চিত্ৰনাট্য লিখিছে ৬ খন চিনেমাৰ । নিৰ্মাণ কৰিছে ৫ খন চিনেমা । কব পাৰি সম্পূৰ্ণ চিনেমাৰ মানুহ — ৰজত কাপুৰ । ) চিত্ৰৰসিকৰ বাবে সদায় দুখৰ বিষয় হৈ ৰব — ৰজত কাপুৰ বলিউডৰ বাবে ” কম ফুটেজ”ৰ অভিনেতা হৈ ৰ’ল ! — এই গৰাকী অভিনেতাই অলপতে এখন অসমীয়া চিনেমাতো অভিনয় কৰিলে । নাম — ” অনুৰ ” । পৰিচালক : মঞ্জুল বৰুৱা । মঞ্জুলৰ ভাষাত , ” যোৱা বছৰৰ লকডাউনৰ সময়খিনিত মই অনুৰাধা শৰ্মা পুজাৰী বাইদেউৰ এটি চুটি গল্পৰ আধাৰত ‘অনুৰ’ নামৰ চিনেমা খনৰ চিত্ৰনাট্য লিখাত ব্যস্ত আছিলো। আৰু সেইখনৰ শ্বুটিং মই এইবছৰ জানুৱাৰী মাহত আৰম্ভ কৰি ফ্ৰেব্ৰুৱাৰী মাহত শেষ কৰিলো। ‘অনুৰ’ চিনেমাখনৰ বৰ্তমান পষ্ট প্ৰডাকচনৰ কাম চলি আছে। ” — এই চিনেমা খনৰে এটা মূল চৰিত্ৰত অভিনয় কৰিছে ৰজত কাপুৰে । গতিকে আশা কৰিব পাৰো চিনেমা খনত আভিনেতা গৰিকীৰ ” সম্পূৰ্ণ অভিনয় ” চোৱাৰ সুযোগ দিব এখন অসমীয়া চিনেমাই । ( ” অনুৰ “ৰ চিত্ৰগ্ৰহণৰ সময়ত লোৱা স্থিৰচিত্ৰ খন ৰূপম শইকীয়াৰ )

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform