Rupaliparda.com
কাশ্মিৰী কন্যা হৈ প্ৰিয়ম পল্লৱীৰ চচিয়েল মিডিয়াত খলকনিঃ 1

কাশ্মিৰী কন্যা হৈ প্ৰিয়ম পল্লৱীৰ চচিয়েল মিডিয়াত খলকনিঃ

কাশ্মিৰী কন্যা হৈ প্ৰিয়ম পল্লৱীৰ চচিয়েল মিডিয়াত খলকনি। শেহতীয়াকৈ প্ৰিয়ম পল্লৱী আৰু তেওঁৰ স্বামী তথা অসমীয়া সংগীত ক্ষেত্ৰ খনৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপক কাশ্মীৰৰ সুন্দৰ পৰিৱেশৰ মাজত দেখিবলৈ পোৱা গৈছিল। স্বামী-স্ত্ৰীদ্বয়ে তেওঁলোকৰ কাশ্মীৰ ট্ৰীপৰ ভালেকেইখন ফটো আৰু ভিডিঅ’ চচিয়েল মিডিয়াত আপলোড কৰি ৰাইজৰ পৰা প্ৰশংসা বুটলিছিল। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ব্যক্তিগত ইনষ্টাগ্ৰামত আপলোড কৰা ৰীল ভিডিঅ’বোৰৰ যোগেৰেই জনসাধাৰণৰ আকৰ্ষণ টনা দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱী। বিবাহৰ পূৰ্বৰ পৰাই দুয়োগৰাকীৰ প্ৰেম কাহিনীয়ে চৰ্চা লাভ কৰিছিল অনুৰাগীৰ মাজত। ভৃগু কাশ্যপৰ প্ৰায় প্ৰতিটো গীতৰ ভিডিঅ’তেই দেখিবলৈ পোৱা এই গৰাকী অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ অনুৰাগীৰ শাৰীখন সঁচাকৈ দীঘলীয়া। শেহতীয়াকৈ প্ৰিয়ম পল্লৱীয়ে যিখন ফটো আপলোড কৰে সেইখনত তেওঁৰ অনুৰাগীয়ে কমেণ্টেৰে যথেষ্ট ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। “লাজে লাজে”, “সুন্দৰী পমিলা” কে ধৰি “মণি বৌ”, “মানুহজনী মেইন” ইত্যাদি ভৃগু কাশ্যপৰ গীতসমূহত প্ৰিয়ম পল্লৱী আৰু ভৃগুৰ যুঁটিটোৰ প্ৰশংসাও কৰিছে প্ৰত্যেকে। তেওঁলোকে যুঁটীয়াভাৱে “Vreeyam Collection” নামে এটা বেণ্ডৰ মুকলি কৰিছিল। অৱশ্যে, জনপ্ৰিয়তা লাভ কৰিছিল বেণ্ডটোৱে। তেওঁলোকৰ এই যুগ্ম জীৱনৰ অধিক সুখৰ আশা কৰি তেওঁলোকক অনাগত দিনৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।


প্ৰিয়ম পল্লৱীৰ অভিনয়ৰ লগতে নৃত্য ক্ষেত্ৰত থকা দখলো উল্লেখনীয়। উপভোগ কৰোঁ আহক তেওঁৰ কেইটামান ভিডিঅ’-

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform