Rupaliparda.com
মান-অভিমান আৰু প্ৰেমৰ সৈতে শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ "অভিমানী"- 1

মান-অভিমান আৰু প্ৰেমৰ সৈতে শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ “অভিমানী”-

সম্পৰ্কবোৰ ঠুনুকা; ইয়াক জোৰা লগাবলৈ বহুত দিনৰ প্ৰয়োজন হয় কিন্তু ভাঙিবলৈ কিছু মূহুূৰ্তৰ। সেয়া প্ৰেম-ভালপোৱাই হওক অথবা সেই সম্পৰ্ক বন্ধুত্বৰেই নহওক কিয়! অভিমান, অভিযোগ আদিবোৰ যে প্ৰত্যেকৰে সৈতে থাকে। আমি সম্পৰ্কবোৰ যতনাই থোৱাৰ স্বাৰ্থত কেতিয়াবা হাতৰ মুঠিৰ মাজত কাষৰ জনক আবদ্ধ কৰি ৰাখিবলৈ বিচাৰোঁ; আচলতে সেয়া ভুল। যেতিয়া এই সম্পৰ্কবোৰৰ পৰা বাধ্য-বাধকতা বোৰ খুলি ৰখা হয় তেতিয়াহে সফলকাম হ’ব পৰা যায়। আমি অভিমান কেতিয়া কৰোঁ বাৰু? যেতিয়া আমি প্ৰতিটো মিনিটত আপোনজনৰ সান্নিধ্যত থাকিবলৈ বিচাৰোঁ তেতিয়াই অভিমানৰ অভিযোগ বোৰ বৃদ্ধি হৈ গৈ থাকে। এটি গীতৰ জৰিয়তে আমি কি বিচাৰো অথবা এটা সংগীতে আমাক কি দিয়ে! নীৰৱতাৰ মাজতো আমি কেতিয়াবা এটা সংগীতৰ সংগ বিচাৰো। নহয়নে? তেনে এটা গীতৰ মুক্তিৰ পিছতেই আমি প্ৰতিগৰাকী সংগীতপ্ৰেমী শ্ৰোতাই উৎসাহিত হৈ ৰওঁ। শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, অৱশ্যে এইবাৰ নৱপ্ৰজন্ম নহয়। এইবাৰ আমাক উৎসাহিত কৰা কণ্ঠশিল্পী গৰাকী হৈছে শৰ্মিষ্ঠা চক্ৰৱৰ্তীহে। সদ্যমুক্তিপ্ৰাপ্ত তেওঁৰ “অভিমানী” শীৰ্ষক গীতটিয়ে লাভ কৰিছে সংগীত প্ৰেমী শ্ৰোতাৰ বহুল সমাদৰ।


অভিমান, প্ৰেমেৰে সাঙুৰা এহাল স্বামী-স্ত্ৰীৰ বৈবাহিক জীৱনৰ কাহিনীক অন্তৰ্ভূক্ত কৰি গীতটিৰ ভিডিঅ’ভাগ প্ৰস্তুত কৰি উলিওৱা হৈছে। মাতৃৰ সান্নিধ্যত সংগীত দিশটোৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হোৱা কণ্ঠশিল্পী শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অনুৰাগীৰ শাৰীটো ক্ৰমশ দীঘলীয়া হৈ থকাটো আমি আওঁকান কৰিব নোৱাৰোঁ। গীতটিৰ বিষয়বস্তুটোক হৃদয়ংগম কৰি শ্ৰোতাক সংযোগ কৰিব পৰাকৈ কণ্ঠদান কৰাত বিশ্বাসী শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ এই গীতটিৰ ভিডিঅ’ত তেওঁৰ সৈতে অভিনয় কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান মনোজ বৰকটকীয়ে। তেওঁৰ অভিনয় ক্ষেত্ৰখনত থকা দখল ইতিমধ্যে অসম বাসীয়ে কেইবাবাৰো দেখিছে আৰু তেওঁক এই বিষয়ত বহুল হাৰত প্ৰশংসাও কৰিছে। শেহতীয়াকৈ, অভিনেতাগৰাকীয়ে পূৰ্ণদৈৰ্ঘ্যৰ ছবি “মিডনাইট চং” ত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছিল। আনহাতে, গীতটিৰ কথাৰ লগতে ইয়াত সুৰ কৰিছে কণ্ঠশিল্পী গৰাকীয়ে নিজেই। সংগীত প্ৰযোজনা প্ৰণয় কুমাৰ শইকীয়াৰ লগতে গীতটিত গীতাৰ আৰু এডিশ্বনেল প্ৰগ্ৰেমিং কৰিছে অম্বৰ দাসে। বেছ অভিনৱ বৰাৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে সুমিত বৰুৱাই। লগতে, গীতটিৰ ভিডিঅ’ পৰিচালনা জুলফিকাৰ পাৰৱেজৰ আৰু দৃশ্যগ্ৰহণ কৰিছে অৰূপ য়ংকচে। সমান্তৰালকৈ, গীতটিৰ ভিডিঅ’ত শিশুশিল্পী অভিনয় কৰিছে ক্ৰমে দীক্ষিতা মেধি আৰু ৰণি কলিতাই।

মান-অভিমান আৰু প্ৰেমৰ সৈতে শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ "অভিমানী"- 2

“অভিমানী” শীৰ্ষক গীতটিৰ আৰু অধিক সফলতাৰ কামনা কৰিলোঁ। লগতে, গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক জনাইছোঁ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform