Rupaliparda.com
চন্দ্ৰপুৰৰ "ডাম্পিং গ্ৰাউণ্ড" আৰু মনোৰঞ্জন ক্ষেত্ৰঃ 1

চন্দ্ৰপুৰৰ “ডাম্পিং গ্ৰাউণ্ড” আৰু মনোৰঞ্জন ক্ষেত্ৰঃ

আমি একোটা প্ৰকল্পৰ দৃশ্যগ্ৰহণ সম্পন্ন হোৱাৰ ক্ষেত্ৰত এটুকুৰা ঠাইৰ নাম প্ৰায়ে শুনিবলৈ পাওঁ। সেই ঠাইটুকুৰা হৈছে “চন্দ্ৰপুৰ”। পাৰিপাৰ্শ্বিক সুন্দৰ বাতাবৰণ তথা চাফ-চিকুণতাৰ ফালৰ পৰা এই ঠাইডোখৰ ইমানেই গ্ৰহণযোগ্য যে প্ৰায়ে একোটা গীত তথা একোখন ছবি, চুটি ছবিত চন্দ্ৰপুৰক দেখিবলৈ পোৱা যায়। কিন্তু শেহতীয়াকৈ চন্দ্ৰপুৰক কেন্দ্ৰ কৰি ইটোৰ পিছত সিটোকৈ আহিছে বেয়া খবৰ। “চন্দ্ৰপুৰ” পৰিত্যক্ত অঞ্চল নহয়; এসমৰ উদ্যোগ নগৰী চন্দ্ৰপুৰ এক সেউজীয়া অপূৰ্ব সৌন্দৰ্যৰে ভৰপূৰ পৰ্যটনৰ বাবে গ্ৰহণযোগ্য ঠাই। কিন্তু বৰ্তমান সময়ত তাত বসবাস কৰা প্ৰতিজন ব্যক্তিৰ হৃদয়ত জ্বলিছে একুৰা জুই; ঠাইটুকুৰাৰ শান্তিপ্ৰিয় মানুহখিনিয়ে বৰ্তমান নিৰন্তৰ প্ৰতিবাদেৰে নিজ কথাক অসম চৰকাৰৰ কাষ পোৱাবলৈ চেষ্টা কৰিছে। বিগত কিছুদিন পূৰ্বে অসম চৰকাৰে চন্দ্ৰপুৰত “ডাম্পিং গ্ৰাউণ্ড” সাঁজি তাত আৱৰ্জনা পেলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্তক কোনো ক্ষেত্ৰতেই মানি নলয় অঞ্চলটোৰ স্থানীয় বাসিন্দাৰ লগতে আন আন সন্থাই অবিৰতভাৱে নিজ প্ৰতিবাদ অব্যাহত ৰাখিছে। এইখিনিতে, আপোনালোকে জানিবলৈ পাই হতাশ হ’ব যে চন্দ্ৰপুৰ বাসীয়ে বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ কোনো ধৰণৰ শ্বুটিং তাত কৰিব দিয়া নহ’ব বুলি মন্তব্য কৰিছে। সমান্তৰালকৈ, ফটোগ্ৰাফীৰ বাবে চন্দ্ৰপুৰলৈ ঢাপলি মেলা একাংশ ফটোগ্ৰাফাৰকো সকীয়নি দিছে চন্দ্ৰপুৰ বাসীয়ে। মনোৰম পৰিৱেশৰ দৃশ্য কেমেৰাত আবদ্ধ কৰিবলৈ চন্দ্ৰপুৰলৈ যোৱা একাংশ ফটোগ্ৰাফাৰৰ ক্ষেত্ৰটো বাধা আৰোপ কৰিছে অঞ্চলটোৰ জনসাধাৰণে।

চন্দ্ৰপুৰৰ "ডাম্পিং গ্ৰাউণ্ড" আৰু মনোৰঞ্জন ক্ষেত্ৰঃ 2


অৱশ্যে, ইয়াৰ আঁৰত আছে এটা উল্লেখযোগ্য কাৰণ। চন্দ্ৰপুৰক নিজ প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা একাংশ কলা-কুশলীয়ে আজি পৰ্যন্ত চন্দ্ৰপুৰবাসীৰ সৈতে কোনো অৱস্থিতি গ্ৰহণ কৰা নাই। তেনে পৰিপ্ৰেক্ষিততে, এতিয়া অঞ্চলবাসীৰ ৰোষত পৰিছে মনোৰঞ্জন ক্ষেত্ৰখন। তেওঁলোকৰ দাবী এটাই যে যেতিয়ালৈ চন্দ্ৰপুৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে তেওঁলোকে মত প্ৰকাশ নকৰে তেতিয়ালৈ কোনো ধৰণৰ শ্বুটিং তাত কৰিব দিয়া নহ’ব। কিন্তু, য’ত মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰায় অধিকাংশ কলা-কুশলীক এই বিষয়ত নীৰৱ হোৱা দেখিবলৈ পোৱা গৈছিল তাতেই কিন্তু সংগীত শিল্পী জয় বৰুৱাই এই দিশত স্থিতি স্পষ্ট কৰি চন্দ্ৰপুৰ বাসীক নিজ সহযোগ আগবঢ়াইছে। চচিয়েল মিডিয়াৰ দ্বাৰা সংগীতশিল্পী গৰাকীয়ে বিষয়টোক উত্থাপন কৰি আন জনসাধাৰণকো এইক্ষেত্ৰত অৱগত কৰোৱাইছে। আনহাতে, চন্দ্ৰপুৰ বাসীৰ বিষয়টোক আন এচামৰ কাষ পোৱাবলৈ নিজ সক্ৰিয় সহযোগিতা আগবঢ়াইছে ইউটিউবাৰ ভূষণ পাঠকেও। প্ৰাকৃতিক পৰিৱেশটোক লৈ আমি জনসাধাৰণই বহু সময়ত সজাগ আৰু সচেতন হৈ থাকোঁ আৰু তেনেক্ষেত্ৰত আমি থকা ঠাইডোখৰৰ বাবে পৰিৱেশ বিনষ্টকাৰী সিদ্ধান্ত এটা যেতিয়া গ্ৰহণ কৰা হয় তেতিয়া আমি প্ৰত্যেকেই আৱেগিক হৈ ৰোৱাটো স্বাভাৱিক। যদিও আজিৰ সময়কণ বিজ্ঞানসন্মত, কোনো ব্যক্তিৰ হাতত সময় নাই। তৎস্বত্বেও নিজ কেউদিশৰ পৰিৱেশটোক লৈ আমি সচেতন। পশ্চিম বৰাগাঁৱ স্থিত গুৱাহাটীৰ ডাম্পিং গ্ৰাউণ্ডে ইতিমধ্যে বিপদ ঘণ্টা বজাইছে দীপৰ বিলত। আমি দীপৰ বিলৰ পৰিৱেশ বিনষ্ট হোৱাৰ খবৰ প্ৰায় লাভ কৰোঁ।

চন্দ্ৰপুৰৰ "ডাম্পিং গ্ৰাউণ্ড" আৰু মনোৰঞ্জন ক্ষেত্ৰঃ 3
চন্দ্ৰপুৰৰ "ডাম্পিং গ্ৰাউণ্ড" আৰু মনোৰঞ্জন ক্ষেত্ৰঃ 4

চন্দ্ৰপুৰৰ একাংশ অঞ্চল হৃসয়স্পৰ্শী। বহু পৰিচালকৰ বাবে সেই ঠাইডোখৰ বৰ আপোন। গতিকে, মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবেও এই ডাম্পিং গ্ৰাউণ্ডে ক’ৰবাত নহয় ক’ৰবাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform