বি-টাউনৰ প্ৰভাৱশালী অভিনেত্ৰী কেটৰিণা কাইফ বৰ্তমান সময়ত কিমান টকাৰে ধনী, আপোলোকে বাৰু জাননে? শেহতীয়াকৈ তেওঁৰ সম্পত্তিৰ এক সমীক্ষা প্ৰকাশ কৰা হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। ছবি সমূহত চৰিত্ৰ ৰূপায়ণৰ বাবে তেওঁ কোটি টকা গ্ৰহণ কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে বৰ্তমানলৈ ৫ বাৰকৈ সুন্দৰী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। কেটৰিণা কাইফে নিজ ভগ্নীৰ সৈতে কেৱল মাত্ৰ ৪ লাখ টকা লৈ মুম্বাইলৈ নিজ সপোনৰ বাবে ঢাপলি মেলিছিল। ২০০৩ চনত কেটৰিণা কাইফে “বুম” ছবিখনৰ পৰা বলীউড ক্ষেত্ৰখনত খোজ পেলাইছিল; কিন্তু এই ছবিখনে সফলতা দেখিবলৈ পোৱা নাছিল। পৰৱৰ্তী সময়ত, কেটৰিণা কাইফে অক্ষয় কুমাৰৰ সৈতে ২০০৭ চনত “নমস্তে লণ্ডন” ত অভিনয় কৰে; যিখন ছবিৰ জনপ্ৰিয়তাৰ পিছত কেটৰিণা কাইফে দ্বিতীয়বাৰ পিছলৈ আৰু ঘূৰি চাবলগীয়া নহ’ল। ফবৰ্স মেগাজিন অনুসৰি, ২০১৯ বৰ্ষত কেটৰিণা কাইফে নিজ আয়ৰ তুলনাত ২৩ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। জানিব পৰা মতে, বছৰি অভিনেত্ৰী গৰাকীয়ে আয় লাভ কৰে ২৪ কোটিকৈ টকা। মুম্বাইৰ লগতে আন বহু ঠাইত অভিনেত্ৰী গৰাকীয়ে নিজ সম্পত্তি কৰি থৈছে। মাৰ্ছিদিস আৰু অ’ডিৰ দৰে একোখন গাড়ীৰ গৰাকী হৈছে কেটৰিণা কাইফ।

সৰ্বমুঠ ২২৪ কোটি টকাৰ সম্পত্তিৰ মালিক কেটৰিণা কাইফ। কোনো ধৰণৰ ব্ৰেণ্ডৰ প্ৰমোশ্বনৰ বাবে অভিনেত্ৰী গৰাকীয়ে গ্ৰহণ কৰে ৬ ৰ পৰা ৭ কোটি টকা। আনহাতে, এখন ছবিৰ বাবদ তেওঁৰ মাছুল হৈছে ১১ কোটি টকা। শেহতীয়াকৈ তেওঁ বিকি কৌশলৰ সৈতে থকা সম্পৰ্কটোৰ বাবে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সংবাদ মাধ্যমৰ বাবে চৰ্চিত বিষয় ৰূপে পৰিগণিত হৈছে তেওঁলোকৰ লভ ষ্টৰী; অৱশ্যে বৰ্তমানেও কোনো এগৰাকীয়েও এই বিষয়ত আনুষ্ঠানিকভাৱে স্পষ্টীকৰণ দাঙি ধৰা নাই।
Add comment