Rupaliparda.com
Bishnu Prasad Rava

|| ৰাফ cut : চিনেমা , বিষ্ণুপ্ৰসাদ ৰাভা ||– উৎপল মেনা

‘ শকুন্তলা’ৰ চিত্ৰনাট্য লিখিম বুলি বহুতকে কৈছিল । থানু বৰাকো কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই । পিছত চিত্ৰনাট্য লিখিছিল — ‘ শংকৰদেৱ ‘, ‘সীমিন্তৰ সৈনিক ‘, ‘ কুমাৰ হৰণ ‘ , ‘ ধুমুহা ‘ , ‘ বোৱঁতী সুঁতি’ৰ । ‘ কিন্তু ছবি কেইখন কাগজতে থাকিল । মোক কৈছিল — হেৰা চণ্ডী ( থানু বৰাই দ্বিতীয় খন অসমীয়া চিনেমা ‘ ইন্দ্ৰ মালতী ‘ত চণ্ডীৰামৰ চৰিত্ৰত অভিনয় কৰিছিল । ) বোলছবি কৰিম । তুমিয়ো অভিনয় কৰিব লাগিব ! ‘ — কথা প্ৰসংগত তেজপুৰৰ থানু বৰাই আমাক কৈছিল । থানু ৰভাৰ মতে ‘ সময় নাছিল । বহু কামৰ পিছত দৌৰা মানুহ । ছবিৰ কামত বহু সময় দিব লাগে । ছবি এদল মানুহে কৰা কাম । আনৰ সৈতেও পৰিচালকে সময় মিলাব লাগে । মই ভাবো ইচ্ছাহে আছিল , সময় নাছিল । ‘ বহুতে কব খোজে চিৰাজ সম্ভৱ হৈছিল ফনী শৰ্মাৰ বাবে । — বিষ্ণুপ্ৰসাদ ৰাভাই চিৰাজৰ চিত্ৰনাট্য – পৰিচালনা ফনী শৰ্মাৰ সৈতে কৰিছিল । সংগীতৰো কাম কৰিছিল । অভিনয়ো কৰিছিল । ( ‘এৰাবাটৰ সুৰ ‘, ‘প্ৰতিধ্বনি’ তো আভিনয় কৰিছিল ।) — এই যে চিনেমাৰ বাবে ‘ সময় সমস্যা ‘ৰ কথা কোৱা হৈছে যুক্তিহীন নহয় । শুনা যায় ( কথা প্ৰসংগত লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাইও কৈছিল ) ‘চিৰাজ’ৰ চিত্ৰগ্ৰহণৰ সময়তো হেনো প্ৰায়ে বিছাৰি আনিব লগীয়া হৈছিল ! আন কিবা কামত ব্যস্ত হৈ পৰিছিল , চিনেমাৰ কথা পাহৰি আছিল ।
সংগ্ৰামী , সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা , কবি, সাহিত্যিক, নাট্যকাৰ ইমান কেইটা যদি পৰিচয় নহ’ল হেতেন ! — বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিচয় যদি চিনেকৰ্মী হ’ল হেতেন নিশ্চয় অসমীয়া চিনেমাৰ বুনিয়াদ আৰু মজবুট হ’ল হেতেন ।’ সীমিন্তৰ সৈনিক’ ৰ চিত্ৰনাট্য খন পঢ়িলে অনুভৱ কৰিব পাৰি শিল্পী গৰাকীৰ চিনেদক্ষতা ।

Utpal Mena

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform