মূলতঃ শাস্ত্ৰীয় আৰু লোক-সংগীতৰ শিল্পী তৰালি শৰ্মা । চৰ্চালৈ আহে সুগম সংগীতৰে । আৰু বিশেষ চৰ্চালৈ আহে চিনেমাৰ গীতেৰে । “কিমতে ভকতি কৰিব…” শীৰ্ষক ঘোষাভাগত কৰা কণ্ঠদানৰ বাবে শ্ৰেষ্ঠ (মহিলা ) নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে , ২০০৩ চনত । চিনেমা খনৰ সংগীত পৰিচালনা কৰিছিল তৰালিয়ে । চিনেমা : মঞ্জু বৰাৰ পৰিচালনাৰে নিৰ্মিত ” আকাশীতৰাৰ কথাৰে…” । সুখকৰ চিনেযাত্ৰা তৰালিৰ । কম দিনৰ ভিতৰতে সুগম সংগীতৰ গায়িকা গৰাকীয়ে পালে আৰু এক পৰিচয় — সংগীত পৰিচালক । থিয়েটাৰৰ , চিনেমাৰ । — কম দিনৰ ভিতৰতে ‘ সংগীতৰ তৰা ‘ৰ পৰিচয় পোৱা তৰালিৰ কাইলৈ ( জন্ম:৪ আগষ্ট, ১৯৭৫ ) জন্মদিন । — আমি জনালো জন্মদিনৰ বহুত বহুত শুভেচ্ছা । আমি আশা কৰিম এই জন্মদিনত সংগীত ৰসিকৰ মাজত বিয়পি পৰক “মাতিলেই নামি অহা জোনাক … ” । ‘ডেউকা’ৰ গীত । তৰালিৰ ‘ডেউকা’ এলবামৰ গীত । ‘ মুকলি ‘(একক আধুনিক গীতৰ এলবাম, ২০০৮) , ‘হেঙুলীয়া ‘(একক আধুনিক গীতৰ এলবাম, ২০১২ ) ৰ পিছত ‘ ডেউকা ‘ ( তৰালিয়ে আৰু ভালেমান শ্ৰাব্য এলবামত গীত গাইছে — ‘ তোমাৰ মৰমৰ কোন’ , ‘ পাৰবীন চুলতানাৰ গীত ‘, ‘ অভিসাৰী প্ৰিয়া ‘ , ‘ তৰালি ‘ , ‘স্নেহ ‘ , ‘ পোহৰ ‘ আদি । ১২ বছৰৰ বয়সতে তৰালিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে সংগীত পৰিচালনা কৰে । আৰু তাৰ পিছৰে পৰা সংগীত যাত্ৰা । ) স্বাধীন গীতিচিন্তাৰ তৃতীয়তো শ্ৰাব্য সফুৰা । — “মাতিলেই নামি অহা জোনাক … “ৰ গীতটোৰ চিত্ৰায়নো কৰিছে । পৰিপাটিকৈ গল্প এটা কৈছে , গীতটোৰে । গীতটোক কেন্দ্ৰ কৰি কেমেৰাত ধৰি ৰখা ছবি , ছবিক দিয়া সুপৰিকল্পিত গতিয়ে আমাক চুই গৈছে । চুই গৈছে তৰালি আৰু সহ – অভিনেতা গৰাকীৰ অভিনয়ে । ( পৰিচালনা মঞ্জুল বৰুৱাৰ । )
— তৰালি শৰ্মাৰ প্ৰথম সাক্ষাৎকাৰ লৈছিলো তেতিয়া , যেতিয়া মই ‘ গায়িকা তৰালিক ‘হে জানিছিলো । আৰু এদিন তৰালিৰ বাবেই লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাক ‘ অধ্যয়ণ ‘ কৰাৰ সুযোগ পাইছিলো । আৰু প্ৰভাত শৰ্মাক ‘ অধ্যয়ণ’ কৰি গৈ থকা সময়ত কিছু কিছু ‘ সংগীতৰ তৰালি’কো জানিছিলো । আৰু ঠিক কৰিছিলো তৰালি কেন্দ্ৰীক গ্ৰন্থ এখন লিখিম । লিখিম মানে , খচৰা সাজু কৰিছো । খচৰাৰ সামান্য অংশ :
এখন গ্ৰন্থৰ খচৰা /৪ মোৰ প্ৰশ্ন : ময়ো গীত গাম — এই ধাৰণা কেতিয়া মনলৈ আহিছিল — মনত আছেনে?
তৰালি শৰ্মা : মনত সঠিককৈ নাই ! যেতিয়াৰ পৰা গীত ভাল পাইছিলো ইমান ভাল পাবলৈ লৈছিলো , তেতিয়া আৰু গীতৰ বাহিৰে আন চিন্তা কৰাৰ সময়ে নাপাইছিলো — ইমান খিনি মনত আছে । আচলতে মোৰ প্রথম প্রেম সংগীতৰ লগতে। সেই প্রেমে ভাললগাও আনে-অভিমানো আনে বা বিষাদো আনে মাজে মাজে। সংগীতে ইমান বেছি আৱেগিক কৰি তোলে বা ইমান বেছি গাত লাগি যোৱা হ’ল যে এটা সময়ত সেই কথাটো অনুভৱ কৰা যায়- যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্রেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বর্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..। তাৰ পিছতে এনে লাগে যেন এই মানুহজনক বাদ দি মই জীৱনটো জীয়াই থাকিব নোৱাৰিম। মোৰ ক্ষেত্রত সংগীত থিক তেনেকুৱাই । এটা সময়ত গান গাই ইমান ভাল পাও, গান শুনি ইমান ভাল পাও- ক’ৰবাত ইমান বেছি প্রেম হ’ল যে মই গীত নোগোৱাকৈ থাকিব নোৱাৰা অনুভৱ এটা হ’ল। জীয়াই থাকিবলৈ হ’লে মই গান গাবই লাগিব। সংগীত আচলতে জীৱনৰ আহিলা- মই মোৰ লগত প্রেমত পৰাৰ আহিলা, জীৱনৰ প্রেমত পৰাৰ আহিলা। আৰু এই অনুভৱ সেই তেৰ-চৈধ্য বছৰীয়া মইজনী স্কুলত পঢ়াৰ পৰাই.. তেতিয়া এটাই উদ্দেশ্য-গান গাব লাগে, ৰেৱাজ কৰিব লাগে। সময়-অসময় পাহৰি ৰেৱাজ কৰো। হাৰমনিয়ামখন একান্ত সংগী হৈ পৰিছিল মোৰ। স্কুলৰ হওক বা ঘৰৰ ওচৰৰ-দূৰৰ বন্ধু-বর্গও যথেষ্ট আছিল। কিন্তু হাৰমনিয়ামখনৰ লগত সময় কটাই আটাইতকৈ বেছি ভাল পাইছিলো সেইসময়ত। আৰু তেতিয়াই মনত সেই কথাটো ভাবি লৈছিলো- যি হ’লেও মই গান গাবই লাগিব। জীয়াই থাকিবলৈ উশাহ যেনেকৈ লৈ থাকিব লাগিব, তেনেকৈয়ে মই গান গাব লাগিব-সংগীতৰ লগত থাকিব লাগিব- এই উপলব্ধি সেই সময়তে কৰিছিলো আৰু সেই উপলব্ধি আজিও আছে জীপাল হৈ..
Add comment