Rupaliparda.com

ডিচেম্বৰলৈ মুক্তি লাভ কৰিব “KGF Chapter2”-

ভাৰতে বিগত সময়ৰ পৰা বহু বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰিছে। যদিও সেই পৰিস্থিতিৰ কিছু সাম কাটিছে তথাপিও সেই সন্ত্ৰাসগ্ৰস্ততা এতিয়াও বিৰাজমান; স্তব্ধতা সনা হৈছিল চৌদিশে। পূৰ্বৰ দৰে আকৌ এবাৰ স্তব্ধ হৈছিল মনোৰঞ্জন ক্ষেত্ৰ; মহাৰাষ্ট্ৰক ক’ৰোণাৰ দ্বিতীয়টো ঢৌৱে পূৰ্ণৰূপত গ্ৰাস কৰিছিল; কেইবাখনো ঠাইত ঘোষণা কৰা হৈছিল সম্পূৰ্ণ “লক-ডাউন”। ইয়াৰ লগতে, বিগত দিনত কেইবাগৰাকীও বলীউড চিলেব্ৰেটী ক’ৰোণাৰ গ্ৰাসত সোমাইছিল। আৰ মাধৱন, কাৰ্তিক আৰিয়ন, মিলিন্দ সুমন, আলিয়া ভাট, মনোজ বাজপেয়ী, ৰণৱীৰ কাপুৰ আদিকে আৰু কেইবাগৰাকীও অভিনেতা- অভিনেত্ৰী ক’ৰোণাৰ গ্ৰাসত অহা বাবে হৈছিল কোৱাৰেন্টাইন। এনেক্ষেত্ৰত বহুকেইখন ছবিৰ মুক্তিৰ তাৰিখ পিছলৈ ঠেলি পঠিওৱা হৈছিল।চলিত বৰ্ষৰ বহু প্ৰত্যাশিত ছবিসমূহৰ ভিতৰত এখন আছিল “KGF Chapter2″। ছবিখনৰ মুক্তিক লৈ বৰ্তমান বহু ন-ন খবৰে চচিয়েল মিডিয়াত খলকনি লগাইছে। শেহতীয়া খবৰ অনুসৰি, ছবিখনৰ মুক্তিৰ তাৰিখ ডিচেম্বৰলৈ আগবঢ়াই দিয়া হৈছে। অৱশ্যে, এই বিষয়ক আনুষ্ঠানিক স্পষ্টীকৰণ আহিবলৈ বাকী আছে। উক্ত ছবিখন আচলতে চলিত মাহৰেই ১৬ তাৰিখে মুক্তি লাভ কৰাৰ কথা আছিল কিন্তু ক’ৰোণা মহামাৰীৰ প্ৰকোপৰ ফলত বন্ধ হৈ থকা ছবিগৃহ সমূহৰ বাবে এই ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে। ছবিখনৰ মুক্তি ৯ ডিচেম্বৰ বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈকে এই বিষয়ত ছবিখনৰ পৰিচালক-প্ৰযোজকে কোনো ঘোষণা কৰা নাই। KGF ক লৈ প্ৰায় প্ৰত্যেকগৰাকী জনসাধাৰণ অপেক্ষাৰত।


বিগত দিনত এই ছবিখনৰ মুক্তিপ্ৰাপ্ত টিজাৰটোৱে ইতিহাস ৰচনা কৰিছিল। ছবিখনৰ নিৰ্দেশক প্ৰশান্ত নীলে জনায় যে, ছবিখনৰ মুক্তিপ্ৰাপ্ত টিজাৰটোৱে ২০০ মিলিয়ন অৰ্থাৎ ২০ কোটিতকৈও অধিক ভিউচ লাভ কৰাৰ পৰিৱৰ্তে ৮.৪ মিলিয়ন লাইকচ ছবিখনৰ টিজাৰটোৱে বিগত দিনত গোটাইছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.