অভিনেতা ৰবি শৰ্মাৰ অতীত ৰোমন্থন। পূৰণি ফটো শ্বেয়াৰ কৰি নিজক আজিৰ সৈতে তুলনা কৰিছে অভিনেতা গৰাকীয়ে। ১৯৯১ চনৰ পৰা ২০০৭ চনলৈ আৰু সেই ২০০৭ চনৰ পৰা বৰ্তমানলৈ ৰবি শৰ্মাৰ দৈহিক পৰিৱৰ্তন কেনে সেয়া ফটো দুখন প্ৰত্যক্ষ কৰা প্ৰতিজন দৰ্শকেই বুজিব পাৰিব। এগৰাকী অনুৰাগীয়ে ৰবি শৰ্মাই শেহতীয়াকৈ আপলোড কৰা ফটোখনতেই কমেণ্ট কৰি জনাই যে এগৰাকী সফল অভিনতা হোৱাৰ সমান্তৰালকৈ ৰবি শৰ্মাই পঢ়ি থকা সময়ত এগৰাকী ভাল খেলুৱৈ হিচাবেও চিনাকী লাভ কৰিছিল। ফেকাল্টি হাইস্কুলত তেওঁ অধ্যয়ন কৰি সময়ত কেইবাবাৰো বিদ্যালয় সপ্তাহৰ প্ৰায় খেলত যোগদান কৰি মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। পূৰণি দিনৰ দৰেই আজিও তেওঁ ফিট। সামাজিক বিষয়সমূহৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নিজ মত সুন্দৰকৈ ব্যক্ত কৰা অভিনেতা ৰবি শৰ্মা সদায়েই চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। ২০০০ চনৰ পৰা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত খোজ পেলোৱা এই গৰাকী অভিনেতাই অসমীয়া দৰ্শকক প্ৰায় কেইবাখনো উল্লেখনীয় ছবিৰ উপহাৰ দিছে। অৱশ্যে, তেওঁৰ প্ৰথমখন ছবি “হিয়া দিয়া নিয়া” য়ে আছিল চুপাৰহিট ছবি। অসমীয়া ফিট অভিনেতাৰ মাজৰ এগৰাকী ৰবি শৰ্মাৰ অনুৰাগীৰ শাৰী দীঘলীয়া; তেওঁৰ প্ৰতিটো কথাই প্ৰশংসা পাবলৈও আচলতে সক্ষম হয়।


কিছুদিন পূৰ্বে ডিজিটেল প্লেটফৰ্ম Niri9 যোগে মুক্তি লাভ কৰা Illegal নামে ৱেব চিৰিজখনটো দেখিবলৈ পোৱা গৈছিল এই অভিনেতা গৰাকীক। এক দমদাৰ লুকেৰে ৱেব চিৰিজখনক উপভোগ কৰিবলৈ বাধ্য কৰোৱাইছিল দৰ্শকক।
Add comment