Rupaliparda.com
দীপলিনা ডেকাৰ নতুন, বিদ্যুৎ ৰবীনৰ সৈতে কৰা নৃত্যত সঁহাৰি ৰাইজৰঃ 1

দীপলিনা ডেকাৰ নতুন, বিদ্যুৎ ৰবীনৰ সৈতে কৰা নৃত্যত সঁহাৰি ৰাইজৰঃ

দীপলিনা ডেকাৰ নতুন ৰূপ, হয়টো এনে ৰূপ কাহানিও আপুনি দেখা নাই। হয়, আপুনি ঠিকে শুনিছে। মন কৰক, এগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠৰ সমান্তৰালকৈ যেতিয়া নৃত্যত দিশটোতো পাৰদৰ্শিতা দেখুৱায় তেতিয়া কেনে লাগে বাৰু? শেহতীয়াকৈ দীপলিনা ডেকাৰ ক্ষেত্ৰতো অৱশ্যে তেনেই হ’ল, তেওঁৰ কণ্ঠৰ অনুৰাগী বৰ্তমান তেওঁৰ নৃত্যৰো অনুৰাগী হৈ পৰিছে। দীপলিনা ডেকা বুলিলেই ক’ব নোৱাৰা হৈ পৰা একাংশ লোক আছে, তেওঁলোকক কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো কথাই তথা প্ৰত্যেকটো গীতে আকৰ্ষণ কৰে। শেহতীয়াকৈ, দীপলিনাই নিজেই কণ্ঠদান কৰা এটা গীতত নৃত্য কৰা দেখিবলৈ পোৱা গ’ল। গীতটিৰ নাম “কণমানি সপোন”। বিগত তিনিটা বৰ্ষ পূৰ্বে মুক্তিপ্ৰাপ্ত এই গীতটিৰ ব্যতিক্ৰমী ধৰণে বৰ্ষপূৰ্তি উদযাপন কৰিছে কণ্ঠশিল্পী গৰাকীয়ে। গীতটিত কথা দিছিল ৰাজদ্বীপে লগতে ইয়াত সুৰ-সংগীত কৰিছিল পলাশ সূৰ্য্য গগৈয়ে। সংগীত সংমিশ্ৰণ কৰিছিল ভাস্কৰ শৰ্মা। তিনিবছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত এই গীতটিক সেই সময়ত অধিক হাৰত সমাদৰো জনাইছিল শ্ৰোতাই। আনহাতে, শেহতীয়াকৈ দীপলিনাই গীতটিৰ বৰ্ষপূৰ্তি উদযাপনৰ বাবে কৰা নৃত্যত তেওঁক সহযোগ কৰিছে বিদ্যু্ৎ ৰবীনে। এইখিনিতে, আপোনালোকক জনাই থওঁ আন এক কথা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অসমীয়া নৃত্যশিল্পী হৈছে বিদ্যুৎ ৰবীন। ইতিমধ্যে তেওঁৰ বহুকেইটা নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈছে চচিয়েল মিডিয়াত। ইয়াৰ পূৰ্বেও, অসমীয়া অভিনেত্ৰী সুকন্যা বৰুৱাৰ সৈতে নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ বুটলিছিল নৃত্যশিল্পী গৰাকীয়ে।


“চুই দিয়ানা” ৰ আৰম্ভ কৰি “ভবাই নাছিলো” পৰ্যন্ত কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতেই বহুলভাৱে সমাদৃত তথা জনপ্ৰিয়। ইঞ্জিনিয়াৰিং বৃত্তিৰ পৰা সংগীত ক্ষেত্ৰখনটো নিজ কেৰিয়াৰ আৰম্ভ কৰা দীপলিনা ডেকাই বৰ্তমানলৈকে পিছলৈ চাবলগীয়া হোৱা নাই। জনসাধাৰণৰ মাজত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰতেই হওঁক, দীপলিনাৰ সক্ৰিয়তা উল্লেখনীয়। চচিয়েল মিডিয়াত আপলোড কৰা একোখন ফটোৰে প্ৰত্যেকদিনেই অনুৰাগীক আকৰ্ষণ কৰা লগতে কন্ঠৰ যাদুৰে মুহি নিয়া দীপলিনাৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া যে সেয়া হয়টো নক’লেও আপোনালোকেও জানে। অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

দীপলিনা ডেকাৰ নতুন, বিদ্যুৎ ৰবীনৰ সৈতে কৰা নৃত্যত সঁহাৰি ৰাইজৰঃ 2


অনাগত দিনত, দীপলিনা ডেকাৰ পৰা আকৌ এনে নৃত্যৰ আশা কৰিছে এতিয়া তেওঁৰ প্ৰতিজন অনুৰাগীয়ে। দীপলিনা ডেকা আৰু বিদ্যুৎ ৰবীনৰ নিজাববীয়া প্ৰকল্প সমূহৰ বাবে জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform