আমি সৰুতেই যেতিয়া এটা বিষয়ক লৈ আকৰ্ষিত হওঁ, ক্ৰমশ আগ্ৰহী হৈ গৈ থাকে। নতুন গীত, নতুন কন্ঠৰ আদৰণি প্ৰত্যেকেই প্ৰত্যেকদিনাই কৰা আমি দেখি আহিছো। আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ কথাত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটা সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। যদিও সংগীতৰ ধাৰাৰ সাল-সলনি কৰা হৈছে, যদিও বৰ্তমানৰ কিছু সংগীতে নতুন ৰূপ লৈছে তথাপিও উঠি অহা কেইগৰাকী মান কন্ঠশিল্পীৰ সৃষ্টিত বিশ্বাস ৰাখিয়ে একাংশই তেওঁলোকৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়। অনুৰাগীৰ এখন দীঘলীয়া শাৰী নাথাকিলেও তেওঁলোকৰ কন্ঠৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। আমি প্ৰায়ে এওঁলোকক লৈ ব্যস্ত নহ’লেও আচলতে তেওঁলোকৰ কন্ঠ শুনিলে আমি এক মিনিটৰ বাবে হ’লেও তেওঁলোকৰ ভিডিঅ’টোৰ সৈতে স্তব্ধ হৈ পৰো। বৰ্তমানৰ এগৰাকী গীতিকাৰ ৰ কথাও আমি নুই কৰিব নোৱাৰোঁ। আচলতে, সেয়াই ব্যতিক্ৰম; সেয়াই নতুনত্ব। শেহতীয়াকৈ আমি কথা পাতিছিলোঁ, নৱপ্ৰজন্মৰ গীতিকাৰ টুটু গাৰ্গৰ সৈতে, সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,
“ক’ব গ’লে সৰুৰে পৰা দেউতাৰ লগত নাটক উপভোগ কৰিছোঁ। নাটক উপভোগ কৰিবলৈ যোৱা দিনৰ পৰাই মই মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী। আচলতে, নাটক এটা এনেকুৱা মাধ্যম য’ত সংগীত, নাট, নৃত্য আটাইৰে চৰ্চা হয়। অৱশ্যে, ব্যক্তিগতভাৱে স্কুলীয়া দিনত নলবাৰীৰে সংগীত স্কুল এখনত তবলাৰ প্ৰাথমিক শিক্ষাখিনি লোৱাৰ সোভাগ্য ঘটিছিল যদিও সেয়া আধৰুৱা হৈ থাকিল। পিছে লিখাৰ আগ্ৰহটো মোৰ সৰুৰ পৰা আছিল, কিবা এটা লিখি বৰ ভাল পাইছিলোঁ। সেই ভালপোৱা খিনি স্কুল, কলেজৰ আলোচনীবোৰত প্ৰকাশো হৈছিল। গীত লিখাৰ পৰিক্ৰমাটো সৌ সিদিনাৰ পৰা আৰম্ভ হৈছিল আৰু ভাগ্যক্ৰমে প্ৰথম লিখা গীতটোই গায়ত্ৰী হাজৰিকা বাৰ কণ্ঠত মুক্তি লাভ কৰিছিল। সেই যে আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা এতিয়ালৈ সংগীত ক্ষেত্ৰখনৰ লগত পাৰ্য্যমানে জড়িত হৈ আছোঁ। শিকিব লগা মোৰ বহুত আছে, অধ্যয়ন আৰু সাধনা কৰি যাম। ৰাইজৰ বাবে, ৰাইজে ভালপোৱা কাম কৰি যাম। মোৰ এই যাত্ৰাত বিশেষকৈ বন্ধুবৰ্গ,পৰিয়াল, শুভকাংক্ষী সকলোকে মই ধন্যবাদ জনাম প্ৰতিটো খোজতে মোক দি অহা মৰম, সঁহাৰি আৰু শুভকামনাবোৰৰ বাবে।” তেওঁৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি জানিবলৈ বিচৰাত টুটুৱে কয় যে, “আচলতে মোৰ মতে এগৰাকী শিল্পী, এটা গোলাপ ফুলৰ দৰে। যাৰ নিজস্ব এটা সুবাস, আনক আকৃষ্ট কৰিব পৰা গুণ আৰু আপোনাৰ-মোৰ পদূলিটো সমন্বিতে গোটেই সমাজখন সুস্থ আৰু সুবাসী ৰখাৰ ক্ষমতা থাকে।” এগৰাকী নৱপ্ৰজন্ম হিচাবে দায়বদ্ধতাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,
“ভাল লাগে বৰ্তমান ধুনীয়া ধুনীয়া কাম কৰি আছে সকলোৱে, মই ভাবো যে আমাৰ অসমীয়া সত্তাটোক যাতে আমাৰ প্ৰতিটো কামেৰে জীয়াই ৰাখিব পাৰোঁ তাত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, যুগৰ লগে লগে মানুহৰ সোঁৱাদৰ পৰিবৰ্তন হয়, কিন্তু সোঁৱাদটোক অধিক গুৰুত্ব দিব গৈ যাতে আমি আমাৰ স্বকীয়তাটো নেহেৰুৱাও তাৰ ওপৰত ভবাৰ প্ৰয়োজন আছে।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পৰিকল্পনা বুলি বিশেষ নাই। কিন্তু হয়, এইখিনিতে আপোনাৰ মাধ্যমৰ মাজেৰে জনাও যে “বীজ” নামেৰে এখন চুটি ছবিৰ কাম প্ৰায় সম্পন্ন হৈছে, Story আৰু Script মোৰ নিজৰে, অতি সোনকালে সামাজিক মাধ্যমত এৰি দিয়াৰ ব্যৱস্থা কৰিম, তাৰোপৰি নতুন নতুন গীতৰো কাম চলি আছে।”
Add comment