Rupaliparda.com
Khaki

খাকী | ২৭ ফেব্ৰুৱাৰীৰ পৰা… –উৎপল মেনা

Khaki

“খাকী”। বহু চচিত “খাকী”। বলিউডৰ খন নহয়, জলিউডৰ। সংগীতৰ কাম নিৰীক্ষণ কৰিছে চিনেমা খনৰ লেখক-পৰিচালক অতনু ভূঞা। সংগীতৰ কামত ব্যস্ত সংগীত পৰিচালক ডেনিয়েল। কোন ডেনিয়েল?
–ডেনিয়েল বি জৰ্জৰ। বলিউডত চৰ্চিত, পৰিপাটি কামৰ বাবে। বলিউডৰ বাহিৰৰ কামো কৰিছে। “ইণ্টলিজেনণ্ট মিউজিক মেকাৰ”। চৰ্চিত চিনেমা– ‘ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদি। ডেনিয়েলৰ এই খনেই প্ৰথম অসমীয়া চিনেমা। “মই ভাবো চিনেমা এখনত সংলাপৰ সমানেই, বা কোনো ক্ষেত্ৰত তাতকৈ বেছি গুৰুত্ব সংগীতৰ। গীতৰ। আৱহ সংগীতৰ। আমি চিনেমা খনৰ শব্দৰ ডিজাইন অমৃত প্ৰীতমৰ সৈতে বহি চিত্ৰগ্ৰহণৰ আৰম্ভণী পৰ্বতে কৰিছোঁ। তেনেদৰে সংগীতৰ ডিজাইনো কৰি লৈছিলোঁ। সংগীতৰ কথা মনলৈ অহাৰ মূহুৰ্ততে ডেনিয়েলৰ কথা আমাৰ মনলৈ আহিছিল। আৰু আন কাৰোবাৰ কথা নাভাবিলোঁ। চিনেমা খনত তিনিটা গীত বা গীতাংশ ব্যৱহাৰ কৰিম। কণ্ঠ দিছে ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই।…”
ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক’লে– চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।
–কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। ‘ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।
“খাকী” চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত– ২৭ ফেব্ৰুৱাৰীত।

Utpal Mena

Add comment

Leave a Reply

Most popular

Recent posts