Rupaliparda.com
মৰমৰ দেউতা | বিশ্ব প্ৰিমিয়াৰ... --উৎপল মেনা 1

মৰমৰ দেউতা | বিশ্ব প্ৰিমিয়াৰ… –উৎপল মেনা

মৰমৰ দেউতা

“তাৰিখ”ৰ পাছতে খবৰ পাইছিলোঁ– চিনেমা পৰিচালক হিমজ্যোতি তালুকদাৰে সাজু কৰিছে আন এখন অসমীয়া চিনেমা “মৰমৰ দেউতা”। চিত্ৰনাট্য লিখিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাস “মৰমৰ দেউতা”ৰ আধাৰত। চিত্ৰনাট্য অভিষেক দত্ত, সান্তনু ৰৌমুৰিয়া, হিমজ্যোতি তালুকদাৰৰ।

মৰমৰ দেউতা
–উপন্যাস খনৰ মূখ্য চৰিত্ৰ বিপুল। পৰিয়ালত মাক-দেউতাক, এজনী ভনীয়েক আৰু বায়েক। দেউতাক কর্মসূত্ৰে আঁতৰত থাকে। উৎপতীয়া স্বভাৱৰ বিপুল অবাধ্য, কথা শুনিবলৈ বাধ্য নহয়। সেয়াই ঘৰখনৰ সমস্যা।… অবাটে যোৱা বিপুল নিশ্চয় চিনেমা খনৰ কাহিনী-ৰেখাৰো মূল বিন্দু! সম্ভৱতঃ চৰিত্ৰটো চিত্ৰনাট্যকাৰ, পৰিচালকে কিছু সলনি কৰিছে! উপন্যাসৰ পৰা চিনেমালৈ ৰূপান্তৰৰ সময়তো নিশ্চয় “চৰিত্ৰ-কাহিনী”ৰ স্বাভাৱিক পৰিবৰ্তন হ’ব। গতিকে পৰ্দাত যে এজন নতুন বিপুলক দেখা যাব– সন্দেহ নাই। আমি এতিয়া অপেক্ষাত– “নতুন বিপুল”ৰ।
১১ ডিচম্বৰত চিনেমা খনৰ বিশ্ব প্ৰিমিয়াৰ হ’ব ২৩সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত, ভাৰতীয় পেনোৰামা শিতানত। অসমৰ দৰ্শকে চিনেমা খন চোৱাৰ সুযোগ পাব ২০২৬-ত।

মৰমৰ দেউতা
–চিনেমা খনৰ প্ৰযোজক মমতা মহিলাৰী। কাৰ্যবাহী প্ৰযোজক ডাঃ মুক্তিমান হাজৰিকা আৰু জ্যোতি প্ৰকাশ নাথ। চিত্ৰগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ। মুখ্য সহকাৰী পৰিচালক: ৰ’নাল্ড হুছেইন।

মৰমৰ দেউতা
অভিনয় কৰিছে মিণ্টু বৰুৱা, বোধিসত্ত্ব শৰ্মা, অপৰ্ণ দত্ত চৌধুৰী, অৰুণ নাথ, প্ৰিয় কুলদীপ, গৌৰৱ বৰা, অপৰাজিতা মহন্ত, কাব্যশ্ৰী হাজৰিকা, বীজিত বৰা, মনজিৎ নাথ, সৌন্দজ্য ডেকা বৰুৱা, ঋতুপৰ্ণ কলিতা আদিয়ে। সংগীত: অৰ্ণব বশিষ্ঠ, সম্পাদনা কৰা: উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ।

মৰমৰ দেউতা
(সংযোজন: বিপুলক পাৰ্থলৈ ৰূপান্তৰ কৰি ৰূপালী গল্পটো আগবঢ়াই নিব এনেদৰে–
অৰুণাচলৰ এখন দুৰ্গম চহৰত কৰ্মৰত সন্তনু বৰুৱাই জীৱন সংগ্ৰাম চলাই থাকে, পৰিয়ালটোৰ সুখৰ বাবে। পৰিয়ালটো আঁতৰত থকে, অসমৰ এখন সৰু চহৰত। পৰিয়াল বুলিবলৈ– বৰুৱাৰ পত্নী, কন্যা আৰু পুত্ৰ পাৰ্থ। পাৰ্থ অবাটে যায়। মদ্যপান কৰে, ধ্বংসাত্মক আচৰণত কৰে। পিতৃৰ অনুপস্থিতিত পাৰ্থই মাক আৰু ভনীয়েকক অত্যাচাৰ কৰে। পাৰ্থৰ বাবেই ঘৰখনৰ সৈতে বৰুৱাৰ আৱেগিক সম্পৰ্কৰ দূৰত্ব বাঢ়ে। পৰিয়ালটো সমস্যাৰ মাজত সোমাই পৰে।… এদিন পাৰ্থক কোনেৱে প্ৰহাৰ কৰে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। –কোনে পাৰ্থক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল! আৰক্ষীৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সন্মুখত পাৰ্থৰ মাক-দেউতাক। কাহিনী-ৰেখাৰ গতিত উন্মোচন হয়– লুকাই থকা সত্য, আভ্যন্তৰীণ সংঘাত, আৰু এজন পিতৃয়ে নিজৰ পৰিয়ালক নিজৰ তেজৰ পৰা ৰক্ষা কৰাৰ হতাশজনক প্ৰচেষ্টা।)

Utpal Mena

Add comment

Leave a Reply

Most popular

Recent posts