Rupaliparda.com
মুক্তিৰ বাবে সাজু হৈছে সুবাসনা দত্তৰ প্ৰথমটো একক এলবাম "সোণ পৰুৱা" 1

মুক্তিৰ বাবে সাজু হৈছে সুবাসনা দত্তৰ প্ৰথমটো একক এলবাম “সোণ পৰুৱা”

প্ৰতিটো গীতৰ সৈতে জনপ্ৰিয়তাক সাঙুৰা কণ্ঠশিল্পী সুবাসনা দত্তৰ অনুৰাগীৰ শাৰী দীঘলীয়া। চচিয়েল মিডিয়াত সক্ৰিয় সুবাসনা দত্তই প্ৰায়ে তেওঁৰ ব্যক্তিগত একাউণ্ট যোগে বিভিন্ন বাতৰি শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ সমাজ বিষয়ৰ প্ৰসংগসমূহক লৈও তেওঁ নিজ স্পষ্টীকৰণ দাঙি ধৰে। শেহতীয়াকৈ, তেওঁৰ অনুৰাগীৰ বাবে আহিছে আন এক সুখবৰ; সুবাসনা দত্তৰ প্ৰথমটো একক এলবাম “সোণ পৰুৱা” মুক্তিৰ বাবে সাজু হৈছে। ইতিমধ্যে এলবামটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰ শ্বেয়াৰ কৰা হৈছে চচিয়েল মিডিয়া যোগে। বিগত সময়ত সুবাসনা দত্তৰ “আপুনি আহিব”, “মৰম লাগি যায়” শীৰ্ষক দুয়োটি গীতে বহুল হাৰত লাভ কৰিছিল প্ৰশংসা। গীতটিৰ ভিডিঅ’ দুটাতো দুটা নতুন যুঁটিক দেখিবলৈ পোৱা গৈছিল, যিয়ে গীত দুটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছিল। তেওঁৰ গীত সমূহে ক্ষন্তেকতে জনসাধাৰণক নিজৰ ফলীয়া কৰিবলৈ সক্ষম হয়। নিজ পুত্ৰৰ সৈতে কমেডি ৰীল ভিডিঅ’ৰে অনুৰাগীক হহুৱাবলৈ প্ৰয়াস কৰি থকা সুবাসনা দত্তৰ আগন্তুক এই এলবামটোৰ বাবে অপেক্ষাৰত এতিয়া সকলো। অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক।


সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.