Rupaliparda.com
১ কোটি সদস্যৰে পৰিপূৰ্ণ "Times Music Assamese"- 1

১ কোটি সদস্যৰে পৰিপূৰ্ণ “Times Music Assamese”-

ইউটিউব ক্ষেত্ৰখনৰ এটি উল্লেখনীয় চেনেলৰ নাম হৈছে “Times Music Assamese”। শেহতীয়াকৈ চেনেলটোৱে চুমুক দিছে ১মিলিয়ান চাবচক্ৰাইবাৰত। ১ মিলিয়ন সদস্যৰে বৰ্তমান পৰিপূৰ্ণ হৈ উঠিছেএই চেনেলটো। সংগীত ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই চেনেলটো। ইয়াত এবাৰ চকু ফুৰালেই আপুনি দেখিব কিমান সুন্দৰ গীতৰ অন্তৰ্ভূক্তি ঘটিছে এই চেনেলটোত; প্ৰত্যেকটো গীতত শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ। সংগীত ক্ষেত্ৰখনত ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা একোগৰাকী দক্ষ জনৰ লগতে নৱপ্ৰজন্মৰ একোটা সৃষ্টিকো এইটো চেনেলত সুবিধা প্ৰদান কৰা হৈছে। আগন্তুক সময়ত অসমীয়া সংগীত ক্ষেত্ৰখনলৈ বহু নতুন কন্ঠশিল্পীৰ আগমন ঘটিব যিয়ে হয়টো ক্ষেত্ৰখনক আকৌ এখোজ আগুৱাই লৈ যোৱাত সহায় কৰিব। ঠিক তেনেদৰে আকৌ বহু নতুন কন্ঠশিল্পী আগবাঢ়িছে তেওঁলোকৰ সংগীতময় যাত্ৰাৰ সফলতাৰ দিশত। প্ৰায়ে শুনিবলৈ পাওঁ যে অন্ধকাৰৰ পিছত পোহৰে পাখি মেলে; কথাষাৰৰ ওপৰত শেহতীয়াকৈ বিশ্বাস কৰিবলৈ আচলতে মন গৈছে। বিগত বহু কেইমাহৰ স্তব্ধতাৰ পিছত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে কেৱল মাত্ৰ বহু নতুন প্ৰকল্প বুলিয়ে নহয়; উপভোগ কৰিছে বহু নতুন প্ৰতিভাক। এই প্ৰতিভা সমূহকেই আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত অথবা এওঁলোকক উদ্গনি যোগোৱাৰ স্বাৰ্থত এই ক্ষেত্ৰখনত বহু ন-ন প্ৰযোজনা গোষ্ঠীৰ শুভাৰম্ভণি ঘটিছে।

১ কোটি সদস্যৰে পৰিপূৰ্ণ "Times Music Assamese"- 2


ইয়াৰ ভিতৰত এটা চেনেল হ’ল “Times Music Assamese”। নৱপ্ৰজন্মক সকাহ প্ৰদানৰ বাবে ওলাই আহিছে এই চেনেলটো। আমি নিজেও দেখিছোঁ যে, সংগীত ক্ষেত্ৰখনত নিতৌ ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ আৱিৰ্ভাব হৈছে। কেৱল মাত্ৰ আৱিৰ্ভাব হোৱা বুলিয়ে নহয়; তেওঁলোকৰ প্ৰতিভাসমূহো হৈছে লেখত ল’বলগীয়া। কিন্তু, কেতিয়াবা কোনো সময়ত এনে হয় যে এই প্ৰতিভাসকলে উচিত প্লেটফৰ্মৰ অভাৱত তেওঁলোক নিৰ্দ্দিষ্ট এঠাইত আহি স্তব্ধ হৈ পৰে; প্ৰতিভা থাকিও সেই প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই অনাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়। গতিকে, এই অসুবিধা তথা সমস্যা সমূহক খণ্ডন কৰি বিশেষকৈ নৱপ্ৰজন্মৰ কাষ চাপিছে এই প্ৰডাকচন হাউচটো। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত আৰু অধিক হতাশগ্ৰস্ত হৈ পৰিছে পৰিস্থিতিবোৰ; জীৱিকাৰ খাতিৰত একাংশ কণ্ঠশিল্পীয়ে অইন পথৰ বিচাৰ কৰি উলিয়াইছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছু কিছু মাধ্যমত যদিও স্তব্ধতাই বিৰাজ কৰিছে তথাপিও এনে কিছু প্ৰযোজনা গোষ্ঠীয়ে আশাৰ কিৰণ হৈ নামিছে প্ৰত্যেকৰে হৃদয়ত। পূৰণি দিনৰ পৰা আৰম্ভ কৰি বৰ্তমান নতুন সকলৰ মাজতো নিজৰ স্থিতি মজবুত কৰি ৰাখিবলৈ বিচৰা এই প্ৰযোজনা গোষ্ঠীটোৰ পৰিকল্পনা সমূহে আকৰ্ষণ কৰিছে এতিয়া সকলোক।

১ কোটি সদস্যৰে পৰিপূৰ্ণ "Times Music Assamese"- 3


১ কোটি চাবচক্ৰাইবাৰৰ সৈতে সফলতা অৰ্জন কৰা এই ইউটিউব চেনেলটোৰ আগবাঢ়ি যাবলৈ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। অনাগত দিনত, বহু ভাল গীতেৰে যাতে শ্ৰোতাক মনোৰঞ্জন প্ৰদান কৰিব পাৰে তাৰেই আশা ৰাখিছোঁ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform