Rupaliparda.com
"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 1

“অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ”- সৌৰভ মহন্ত

আজিৰ নৱপ্ৰজন্মই দায়িত্ব ল’বলৈ পিছুৱাই নাযায়। প্ৰায় সময়ত দায়বদ্ধ হোৱাৰ উপৰিও যিকোনো বিষয়ত নিজ সাৱলীল মতামত ৰাখিবলৈ তেওঁলোক যোগ্য। আমি বৰ্তমানলৈ আপোনালোকক বহু নৱপ্ৰজন্মৰ কথা কৈছোঁ, নহয়নে? এই নৱপ্ৰজন্মৰ প্ৰতিভাসকলে সংগীত ক্ষেত্ৰখনলৈ অহাৰ সমান্তৰালকৈ তেওঁলোকে চিন্তা কৰিবলৈ আৰম্ভ কৰে সমাজ তথা উত্তৰ প্ৰজন্মৰ বিষয়ে। সমাজক কিবা এটা নতুন ব্যতিক্ৰমীতা প্ৰদান কৰাৰ লগতে উত্তৰ প্ৰজন্মৰ বাবে গ্ৰহণযোগ্য কিবা এটা সাঁচি ৰখাৰ ইচ্ছা ৰাখে তেওঁলোকে। আচলতে, নৱপ্ৰজন্মৰ এনেবোৰ কথাই আকৰ্ষণ কৰে জনসাধাৰণক। সমাজ সংস্কৃতিৰ বিষয়টোত নিজকে সাঙুৰ খোৱাই থলুৱা তথা পূৰণি গীত-মাতক জনসাধাৰণৰ মাজত উলিয়াই অনা নৱপ্ৰজন্মৰ যি দূৰ্বাৰ হেঁপাহ সেয়া সঁচাকৈ উল্লেখনীয়। আজিৰ দেওবৰীয়া সাক্ষাৎকাৰত আমি এনে এগৰাকী দায়বদ্ধ প্ৰতিভাৰ বিষয়ে ক’বলৈ ওলাইছো। তেওঁৰ নাম হৈছে সৌৰভ মহন্ত, বৰ্তমানলৈ তেওঁৰ যিসমূহ প্ৰকল্প উপভোগ কৰিবলৈ সক্ষম হৈছে তাতোকৈ অধিক গীত তথা প্ৰকল্পক অনাগত দিনত আপোনালোকে উপভোগ কৰিবলৈ সক্ষম হ’ব। তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰ যোগে তেওঁ কি ক’লে চাওচোন আহকঃ

"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 2

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

সৌৰভ মহন্তঃ আচলতে, জনা-বুজাৰ হোৱাৰ আগৰে পৰাই মোক পৰিয়ালৰ জ্যেষ্ঠ সকলে এই ক্ষেত্ৰখনৰ সৈতে জড়িত কৰোৱাই লৈ গৈ আছিল। তেওঁলোকে চিনাকী কৰোৱাই দিছিল এই বিশাল সংগীতৰ সুৰ তাল আৰু লয়ৰ জগতখনক। সৌভাগ্যক্ৰমে যিহেটো মই এটা সাংগীতিক পৰিয়ালত জন্ম হৈছিলো সৰুতেই মোক তেখেত সকলে লৈ গৈছিলে আকাশৱানী গুৱাহাটী কেন্দ্ৰ (AIR)’ ৰ অকণিৰ মেল, দূৰদৰ্শনৰ শিশু অনুষ্ঠান সমূহত ভাগ ল’বলৈ। মোৰ মা দুলাৰী মহন্ত, মাহী অঞ্জলি মহন্ত আৰু সকলোৰে পৰিচিত গণশিল্পী বিহুসম্ৰাট মোৰ মামা ককা খগেন মহন্ত দেৱে মোক সেই বিভিন্ন অনুষ্ঠান বোৰলৈ লৈ গৈছিলে অংশ ল’বলৈ । তাৰোপৰি মামা বিজয় মহন্ত, মাহী মনোজোৎস্না মহন্তকে আদি কৰি আন বহু কেইগৰাকী ব্যক্তি আৰু মোৰ শ্ৰদ্ধাৰ গুৰু সকলে মোক এই সংগীত ক্ষেত্ৰখনত আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহিত আৰু সহযোগিতা আগবঢ়াই আহিছে। ১৯৮৬-৮৮ চনত শিশু অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত প্ৰায় ২০০০ চন মানৰ পৰাই মই এইক্ষেত্ৰত নিজ খোজ দিবলৈ চেষ্টা কৰিছিলোঁ আত্মনিৰ্ভৰ হৈ। ২০০৪ চনত মোৰ প্ৰথম একক এলবাম “স্মৃতি” ক মুকলি কৰি দিছিলোঁ, যিখনক উন্মোচন কৰিছিল “সুগন্ধি পখিলাৰ কবি” হীৰেন ভট্টাচাৰ্য বৰদেউতাই।

"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 3

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

সৌৰভ মহন্তঃ মোৰ মতে “শিল্পী” শব্দটো বহুত বিশাল, আমি সকলোবোৰ “শিল্পী” হ’বলৈ ইমান সহজ নহয়। সাংস্কৃতিক কৰ্মী বা বাদক, গায়ক, লিখক, অভিনেতা আদি হ’লেই “শিল্পী” ৰ শাৰীত নপৰিবও পাৰে। কলা সমূহৰ জ্ঞান আৰু গুণৰ লগতে সুক্ষ্ম অনুভৱী, আৱেগিক, অস্বাৰ্থপৰ, সকলো কলাৰে ভক্ত আৰু অকৃত্ৰিম সংস্কৃতিক মৌন নিস্বাৰ্থ প্ৰেম, সৰ্বাংগীন সুন্দৰৰ এক পূজাৰীৰ মানসিকতা আৰু মহানুভৱতা লগত থাকিলেহে কোনো এগৰাকী সাংস্কৃতিক কৰ্মীক আমি “শিল্পী” বুলি কোৱা উচিত অথবা ভবা উচিত। এয়া মোৰহে ব্যক্তিগত অনুভৱ । “শিল্পী” সকলৰ যথেষ্ট সামাজিক দায়বদ্ধতা থাকে । ধেমালিতে কোৱা হয় “শিল্পী তেওঁয়েই যিয়ে শিলকো পি খাব জানে।” কথাষাৰৰ আঁৰত বহু কথা সমাহিত।

প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্ম হিচাবে, মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তোমাৰ দায়বদ্ধতা কি বুলি ভাবা?

সৌৰভ মহন্তঃ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰতেই আচলতে এই উত্তৰটো সাঙুৰ খাই আছে। এগৰাকী নৱপ্ৰজন্ম হিচাবে মোৰ যথেষ্ট দায়িত্ব আছে বুলি মই ভাবো। যদিহে মই সঁচাকৈ আমাৰ পূৰ্বজ সকলক সন্মান তথা শ্ৰদ্ধা কৰোঁ, তেওঁলোকৰ সমলখিনিকে লৈ মই নিজৰ নতুন সৃষ্টিৰে সমাজক অথবা সমাজৰ সকলো কলা-সংস্কৃতিক আমাৰ উত্তৰ প্ৰজন্মলৈ লৈ যাব পাৰোঁ তেতিয়াহে মই সামান্য সফল বুলি ধৰিব পাৰিম। সমাজৰ শান্তি-সম্প্ৰীতি আদি বজাই ৰখা ক্ষেত্ৰত যদি মই কোনো ব্যক্তিৰ চকু খোল খুৱাব পাৰোঁ অথবা মোৰ গীতৰ কথা-সুৰেৰে কোনো এগৰাকীকো যদি অনুভৱী কৰিব পাৰোঁ লগতে সমাজত জীয়াই থকা সকলক যদি মানসিক শান্তি দিব পাৰোঁ তেতিয়াহে মই সফল হ’ম বুলি আশাবাদী। অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ। মোৰ কৰণীয় যথেষ্ট আছে বুলি মই ভাবোঁ, যিমান পাৰোঁ নিজক শুধৰাই আগবাঢ়িবলৈ চেষ্টা কৰোঁ।

"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 4

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

সৌৰভ মহন্তঃ বিশেষ পৰিকল্পনা বুলি নকওঁ, কিন্তু কেইবাটাও গীতৰ কাম চলি আছে সন্মুখত। সামাজিক বিষয়ক লৈ অংগৰাগ পাপন মহন্তই গাবলগীয়া এটা গীত, পৰিৱেশ সচেতনতামূলক বিষয়ক লৈ জয় বৰুৱাই গাবলগীয়া এটা গীতত মই সংগীত পৰিচালকৰ দায়িত্বত আছোঁ। পৰিৱেশকৰ্মী যাদৱ পায়েং দেৱৰ বাবেও এটা গীতৰ কাম মই কৰি আছোঁ। আনহাতে, ডলী ঘোষ বাইদেউ, গায়ত্ৰী হাজৰিকা, সুবাসনা দত্তৰ বাবে গীতৰ কাম কৰি থকাৰ লগতে বিগত “লক-ডাউন” ৰ পিছৰ পৰাই দুই-এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পীৰ সৈতেও সংগীতৰ কাম কৰি আছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, “লক-ডাউন” ৰ মাজতেই বহুকেইখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি আৰু এখন তথ্যচিত্ৰ সংগীতৰ কাম কৰি সমাপ্ত হৈছে। সমান্তৰালকৈ, সময় সুবিধা লৈ নিজৰ গীতসমূহকো মই ৰাইজৰ মাজলৈ উলিয়াই দিম।

ৰূপালীপৰ্দাঃ ধন্যবাদ সৌৰভ মহন্ত, আপোনাৰ প্ৰকল্প সমূহ সফল হওঁক।

"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 5

সৌৰভ মহন্তঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform