এটা সময় আছিল য’ত বলীউড ছবি ক্ষেত্ৰখনত ৰাজত্ব কৰিছিল কেৱল খান আৰু কাপুৰে। কিন্তু, সময় পৰিৱৰ্তনশীল। আজিৰ জনসাধাৰণে মনোৰঞ্জনৰ লগতে বিচাৰে এটা ভাল কাহিনী। এতিয়া দৰ্শকে অভিনেতাৰ ব’ডি তথা সুন্দৰ মুখমণ্ডল নহয়; চাব বিছাৰে ভাল আৰু ব্যতিক্ৰম অভিনয়ো। আজি আমি চাওঁ আহক এনে কিছু চিনেমা; যিসমূহ কম টকীয়া বাজেটেৰে প্ৰস্তুত কৰা স্বত্বেও ছবিগৃহত লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল-
১. চনু কি টিট্টু কি চুইটিঃ
এই ছবিখন “বন্ধুত্ব” ৰ ওপৰত থকা বিশ্বাস, মৰম আদিৰ ভেঁটিত নিৰ্মাণ কৰা হৈছিল। বন্ধুত্বৰ ওপৰত নিৰ্মিত এই ছবিখনে এনে এটা কাহিনী দৰ্শকৰ মাজত উলিয়াই দিছিল যে নাচাই নোৱাৰি।
২. দম লাগা কে হেইচ্চাঃ
এতিয়াৰ আগশাৰীৰ অভিনেতাৰ ভিতৰত আয়ুসমান খুৰানাৰ নাম ল’ব পৰা যায়। কিন্তু লগতে, ভূমি পানডেকাৰৰ প্ৰথম ছবিখনেই দৰ্শকক মঞ্চলৈ টানিছিল। ছবিখনে মুক্তিৰ পঞ্চমটো সপ্তাহ পৰ্যন্ত বস্ক অফিচত লাভ অৰ্জন কৰিছিল।
৩. হিন্দী মিডিয়ামঃ
ইৰফান খানৰ পৰা আশাসূচক ছবি এখন লাভ কৰিছিল দৰ্শকে। এটা সাধাৰণ কাহিনীৰ সৈতে ছবিখনে দৰ্শকৰ মন জয় কৰিছিল।
৪. গ’লমাল এগেইনঃ
গ’লমান চিৰিজৰ প্ৰত্যেকখন ছবিয়েই দৰ্শকক হুহুৱাইছে, আমোদ দিছে, মনোৰঞ্জন কৰাইছে। কিন্তু “গ’লমান এগেইন” -এ দৰ্শকক আচম্বিত কৰি চুপাৰ হিটৰ লিষ্টলৈ আহি গৈছিল।
৫. ছিকৰেট চুপৰষ্টাৰঃ
আপোনালোকে বিশ্বাস নকৰিব; কিন্তু “বাহুৱলী” আৰু “ডংগল” ৰ পিছত এই ছবিখনে চাইনাত প্ৰায় ৫০০ কোটি টকাৰ লাভ অৰ্জন কৰে।
৬. ইংগলিচ-ৱিংগলিচঃ
কোনো অভিনেতা-অভিনেত্ৰীয়ে বহু দিন পিছত পুনৰবাৰ চিনেমা জগতলৈ আহিলে তেওঁলোকৰ “কমবেক” বোৰ প্ৰায় অসফল হোৱাই দেখা যায়। কিন্তু, এই কথাষাৰক সম্পূৰ্ণ ভুল আখ্যা দিছিল শ্ৰী দেৱীয়ে। এই ছবিখনৰ সংলাপ আৰু কাহিনী ইমানেই বেছি সুন্দৰ আছিল যে দৰ্শকে ছবিখন চাবলৈ বাধ্য হৈছিল।
………… আৰু এনে বহু চিনেমা আছে যিয়ে কাপুৰ, খান আদিৰ অবিহনেই দৰ্শকক ছবিগৃহলৈ টানিছিল। আপোনালোকৰ মনত পৰিছেনে এনে কিছু চিনেমাৰ নাম? জানে যদি কমেণ্ট কৰি জনাওঁক ৰূপালী পৰ্দাক ছবিখনৰ নাম।







Add comment