Zerothdrama ৰ নতুন প্ৰতিবেদন “স্বস্তিক” ক লৈ উৎসাহিত হৈছে জনসাধাৰণ। আমি বাৰম্বাৰ কৈ আহিছোঁ যে, এই প্ৰযোজনা গোষ্ঠীটোৰ বেনাৰত নিৰ্মিত প্ৰতিটো প্ৰকল্পতেই জনসাধাৰণ ক্ষন্তেকতে মোহাচ্ছন্ন হৈ পৰে অথবা প্ৰকল্পসমূহৰ দৰ্শকক মোহাচ্ছন্ন কৰিব পৰা ক্ষমতা থাকে। বাস্তৱ জীৱনৰ কাহিনী প্ৰতিফলনৰ দ্বাৰা এই প্ৰকল্পসমূহক আৰু অধিক সুন্দৰ আৰু গ্ৰহণযোগ্য কৰি তোলে প্ৰকল্পসমূহৰ সৈতে জড়িত কলা-কুশলীয়ে। আমাৰ সমাজত এগৰাকী বোৱাৰীক কিয় জীয়ৰীৰ স্থান দিয়া নহয় বুলি প্ৰায়ে একাংশ প্ৰশ্নৰ উদ্বেগ হৈ আহিছে, আচলতে কিছু কিছু ক্ষেত্ৰত এই প্ৰশ্ন সমূহ যুক্তিসংগতও। বোৱাৰী এগৰাকীয়ে কিছুমান দায়িত্ব লৈ এখন ঘৰলৈ আহে আৰু তাত প্ৰতিটো মূহুৰ্তত বোৱাৰী গৰাকীৰ সঁহাৰি হৈ থিয় দিয়ে তেওঁৰ স্বামীয়ে। কিন্তু আমি এই কথাও নুই কৰিব নোৱাৰোঁ যে, আমাৰ সমাজত বোৱাৰীক নিজ জীয়েকৰ মৰ্যাদা দি একোটা পৰিয়ালে তেওঁৰ প্ৰতি থকা সমস্ত দায়িত্ব পালন কৰে। নিজ কন্যা আৰু বোৱাৰীয়েকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাৰাখি মৰম-চেনেহেৰে বান্ধ খাই থকা একোটা পৰিয়াল আমাৰ বাবে আদৰ্শ স্বৰূপ। “স্বস্তিক” শীৰ্ষক এই নতুন চুটি ছবিখনটো এনে এক কাহিনীৰে প্ৰতিফলন ঘটোৱা হৈছে। চুটি ছবিৰ সলনি ৫-৬ মিনিটৰ একোটা ভিডিঅ’ নিৰ্মাণেৰে জনসাধাৰণক হহুঁৱাবলৈ চেষ্টা কৰা এই ইউটিউব চেনেলটোৰ কলা-কুশলীয়ে যেতিয়া একোখন চুটি ছবি নিৰ্মাণেৰে জনসাধাৰণৰ কাষ চাপে তেতিয়া আচলতে উৎসাহিত নোহোৱাকৈনো কোন পাৰে!
“স্বস্তিক” কাহিনী উপস্থাপন আৰু ইয়াৰ বিষয়বস্তুৰ ক্ষেত্ৰত বেদব্ৰত বৰাৰ যি দক্ষতা, সেয়া সঁচাকৈ প্ৰশংসনীয়। ১১ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ শেষৰ সময়খিনিলৈ দৰ্শকে বিষয়টো কোনদিশে ঢাল কৰিছে বুলি ভাবিবলগীয়া হৈছিল, সুন্দৰ সময়ত উপস্থাপিত টুইষ্ট আৰু প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ অভিনয়েৰে “স্বস্তিক” হৈ পৰিছে লেখত ল’বলগীয়া। এগৰাকী বোৱাৰীক লৈ নিজৰ জীৰ দৰেই পিতৃ-মাতৃৰ থকা দায়বদ্ধতাই এই চুটি ছবিখনৰ মুখ্য কাহিনীভাগ। আমি ইয়াতকৈ অধিক আপোনালোকক ক’বলৈ নাযাওঁ, ওপৰত চুটি ছবিখনৰ লিংক দি দিয়া হৈছে। আপোনালোকে ইয়াতেই এই চুটি ছবিখন উপভোগ কৰিব পাৰিব। “স্বস্তিক” ৰ পৰিচালনা আৰু কাহিনী বেদব্ৰত বৰাৰ। ইয়াত অভিনয় কৰিছে কুশল ডেকা, নিবেদিতা ভৰালী, বলীন ভূঞা, তপন গোস্বামী, অন্বেষা মহন্ত, অৰ্পিতা শৰ্মা আৰু বেদব্ৰত বৰাই। ডি অ’ পি মাধুৰ্য্য বৰাৰ লগতে চিনেমেটো’গ্ৰাফী কৰিছে কৌস্তভ বৰাই। চুটি ছবিখনত সংযোজিত সংগীতত কাম কৰিছে সিদ্ধান্ত সাগৰ আৰু জাগ্ৰত ভূঞাই। ৰূপসজ্জাৰ দায়িত্বত আছে পিংকু দে’।

Zerothdrama ৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া সেই বিষয়ে আমি আকৌ এবাৰ আপোনালোকক হয়টো বুজাই দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকৰ প্ৰতিটো প্ৰকল্পৰ সফলতাৰ কাম কৰি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।
Add comment