Rupaliparda.com
স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ দেশবাসী, দেশক লৈ নিৰ্মিত "মোৰ দেশ" গীতটিঃ 1

স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ দেশবাসী, দেশক লৈ নিৰ্মিত “মোৰ দেশ” গীতটিঃ

বৰ্ষটো আৰম্ভণি পিছত চলিত সমগ্ৰ আগষ্ট মাহটোৱেই আমি প্ৰতিজন ব্যক্তি উল্লাসিত হৈ থাকোঁ। দেশ স্বাধীন হোৱাৰ এই মহানুভূতিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰা দেখিবলৈ পোৱা যায়। যদিও আজিৰ দিনটোত কটকটীয়া নিৰাপত্তা সকলো দিশে থাকে, তৎস্বত্বেও যেন প্ৰতিজন লোকে সগৌৰৱে এখন ত্ৰিৰংগা হাতত তুলি আগুৱাবলৈ বিচাৰে। দেশত উদযাপন কৰা হ’ল ৭৫ সংখ্যক স্বাধীনতা দিৱস। পাঁচ হেজাৰ বছৰীয়া পুৰণি সভ্যতাৰ স্থলী ভাৰতবৰ্ষৰ পৰা বিদেশীক বিতাড়িত কৰি স্বৰাজ প্ৰতিষ্ঠা কৰাটো আৰু তাৰ পিছত স্বাধীনতাৰ গৰিমামণ্ডিত ৭৫ বছৰত ভৰি দিয়াটো আজি প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। “স্বাধীনতা দিৱস” ত দেশৰ স্বাধীনতাৰ বাবে অদম্য সাহসেৰে যুঁজ দিয়া প্ৰতিগৰাকী যুঁজাৰুক শ্ৰদ্ধাৰে সুঁৱৰিছে প্ৰত্যেকে লগতে আশা কৰিছে যাতে, তেখেত সকলৰ আদৰ্শেৰে দেশৰ নতুন প্ৰজন্ম অনুপ্ৰাণিত হওঁক। দেশ সেৱাৰ প্ৰতি সকলোৰে আন্তৰিক আগ্ৰহ বৃদ্ধি হওঁক।স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণে একতাৰ ডোলেৰে বান্ধি দেশক শান্তি-সমন্বয়ৰ মাজেৰে প্ৰগতিৰ দিশেৰে আগুৱাই যোৱাৰ অমল শক্তিৰ প্ৰেৰণা প্ৰদান কৰক। স্বাধীনতা দিৱস উপলক্ষে আপোনালোকে ইতিমধ্যে হয়টো কেইবাটাও গীত শুনিছে,এই গীত সমূহৰ বিষয়স্তুৱে আচলতে এনেধৰণৰ যিয়ে প্ৰত্যেককে আকৰ্ষণ কৰে।


বিগত এটা বছৰ পূৰ্বে মুক্তি লাভ কৰিছিল “মোৰ দেশ” শীৰ্ষক এটি দেশপ্ৰেম মূলক। গীতটিয়ে সঁহাৰি তথা সমাদৰ লাভ কৰিছিল প্ৰত্যেকৰে। গীতটিৰ কথা টুটু গাৰ্গৰ আৰু ইয়াত কণ্ঠদান কৰিছে বৃজু শইকীয়াই। সংগীত কৰিছে চন্দ্ৰ কুমাৰ পাটগিৰিৰ। গীতটিৰ ভিডিঅ’ৰ সমগ্ৰ পৰিকল্পনা আগাম কুটুমৰ। গীতটিৰ কথা তথা ইয়াৰ ভিডিঅ’ উপস্থাপনে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অসমীয়া সংগীত ক্ষেত্ৰখনত ইজনৰ পিছৰ সিজন প্ৰতিভাৰ অন্তৰ্ভূক্তিকৰণে প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতাক আপ্লুত কৰি ৰখাত সক্ষম হৈছে। কেৱল অন্তৰ্ভূক্তিকৰণ বুলিয়েই নহয়; তেওঁলোকৰো সৃষ্টিবোৰো আকৰ্ষণীয় তথা ভাল লগা।আমি প্ৰতিটো দিনেই একোটা সুন্দৰ গীত শুনো অথবা শুনিবলৈ সক্ষম হওঁ আৰু সেয়া হৈছে এই ক্ষেত্ৰখনৰ পৰ্যায়ক্ৰমে উন্নতি।প্ৰতিদিনেই দেখা নতুনত্ববোৰে আমাক উৎসাহিত কৰি ৰাখে; আমি দৈনন্দিন জীৱনতো এই নতুনত্ববোৰ অনুভৱ কৰিবলৈ উৎসাহী হৈ থাকো। মনোৰঞ্জন ক্ষেত্ৰখনো ঠিক তেনেকুৱাই; আমি শেহতীয়াকৈ ইয়াত প্ৰতিদিনেই নতুনত্ববোৰ দেখিছো, অনুভৱ কৰিছো। নতুনত্ববোৰ অনাত অহৰহ প্ৰয়াস কৰিছে নৱপ্ৰজন্মইহে; তেওঁলোকৰ চেষ্টাই যাতে জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে তাৰেই প্ৰয়াসত ব্যস্ত থাকে এওঁলোক। এই নতুনত্বই যদিও কিছুক্ষেত্ৰত পৰিৱৰ্তনৰ সৃষ্টি কৰিছে তৎস্বত্বেও এই পৰিৱৰ্তনে দৰ্শক-শ্ৰোতাৰ বাবে আমোদৰ বাটো মুকলি কৰিছে। সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ।

স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ দেশবাসী, দেশক লৈ নিৰ্মিত "মোৰ দেশ" গীতটিঃ 2


সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform