প্ৰতিদিনেই দেখা নতুনত্ববোৰে আমাক উৎসাহিত কৰি ৰাখে; আমি দৈনন্দিন জীৱনতো এই নতুনত্ববোৰ অনুভৱ কৰিবলৈ উৎসাহী হৈ থাকো। মনোৰঞ্জন ক্ষেত্ৰখনো ঠিক তেনেকুৱাই; আমি শেহতীয়াকৈ ইয়াত প্ৰতিদিনেই নতুনত্ববোৰ দেখিছো, অনুভৱ কৰিছো। নতুনত্ববোৰ অনাত অহৰহ প্ৰয়াস কৰিছে নৱপ্ৰজন্মইহে; তেওঁলোকৰ চেষ্টাই যাতে জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে তাৰেই প্ৰয়াসত ব্যস্ত থাকে এওঁলোক। এই নতুনত্বই যদিও কিছুক্ষেত্ৰত পৰিৱৰ্তনৰ সৃষ্টি কৰিছে তৎস্বত্বেও এই পৰিৱৰ্তনে দৰ্শক-শ্ৰোতাৰ বাবে আমোদৰ বাটো মুকলি কৰিছে। সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। আজিৰ দেওবৰীয়া বিশেষত আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নৱপ্ৰজন্মৰ প্ৰতিভা পূৰ্ণ প্ৰতিম বৰচুতিয়াক। চাওঁ চোন আহকঃ

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?
পূৰ্ণ প্ৰতিম বৰচুতিয়াঃ এই ক্ষেত্ৰখনৰ লগত সৰুৰ পৰাই জড়িত বুলি ক’লেও ভুল নহ’ব। কিয়নো মোৰ ঘৰখনৰ দেউতা, মা, ভগ্নী একেবাৰে সাংস্কৃতিক প্ৰেমী। দেউতাই ঢোল, খোল সকলো বজাইছিল। আগতে অৰ্থাৎ ১০ বছৰ মান আগতে দেউতাহঁতৰ এটি বিহু হুঁচৰি দল আছিল যিটো দলে সমগ্ৰ অসমতেই দেউতা হঁতৰ নাম উজ্বলাই ৰাখিছিল। “দৈয়াং পৰীয়া বাৰঘৰীয়া বিহু হুঁচৰি দল” বুলি ক’লে বহু কেইখন বিহু মঞ্চত বেলেগ দলে প্ৰতিযোগিতাত যোগদান নকৰিছিল। ময়ো গৈছিলোঁ দেউতা হঁতৰ লগত অসমৰ বিভিন্ন মঞ্চলৈ। তেনেদৰেই এই সাংস্কৃতিক মনোৰঞ্জন ক্ষেত্ৰখনৰ লগত মনে প্ৰাণে সোমাই পৰিলোঁ। দেউতা আৰু গুৰু শ্ৰদ্ধাৰ ললিত বৰাক গুৰু জ্ঞান কৰি ঢোল, খোল তথা অসমীয়াৰ লোক সংস্কৃতিৰ লগত জড়িত বাদ্যযন্ত্ৰ সমূহ বজাবলৈ শিকিলোঁ। বিহু, ভাওনা মোৰ প্ৰাণ স্বৰূপ। অ’ বিশেষকৈ মই ছবি আঁকি ভাল পাওঁ, সৰুপথাৰ সংগীত আৰু কলাকেন্দ্ৰ(কলকাতা) ৰ অন্তৰ্গত গন্ধকৰৈ জাতীয় বিদ্যালয়ত ২০০৭ চনৰ পৰা ২০১২ চন মানলৈকে চিত্ৰাংকনৰ আনুষ্ঠানিকভাৱে শিক্ষা লৈছিলোঁ। অসমৰ লোকসংগীতৰ সাধক বৰবিহুৱা শ্ৰদ্ধাৰ খগেন গগৈৰ সান্নিধ্য পালোঁ ২০১২ চনত। তেওঁৰ পৰা লোকসংগীত টোকাৰী গীত, বিহুনাম, দিহানাম আদিৰ শিক্ষা গ্ৰহণ কৰি উজনি নামনিৰ বিভিন্ন ঠাই অয়াঙে দৈয়াঙে বিহু সময়ত ঘূৰি ফুৰোঁ। অসমৰ বাহিৰৰ কেইবাখনো ৰাজ্যত অসমীয়াৰ স্বাভিমান বুকুৰ আপোন বিহুটি পৰিৱেশন কৰিছোঁ। মোৰ বন্ধু কেইজনো সাংস্কৃতিক আৰু সমাজৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত, সেইবাবে বহু সাহস আৰু অনুপ্ৰেৰণা পাওঁ। এনেদৰেই এই মঞ্চখনত জড়িত হৈ পৰিলোঁ, নাজানো কিমান দূৰ আগুৱাই যাব পাৰোঁ দেহা থকা লৈকে নিজৰ কৃষ্টি সংস্কৃতি এই বৰ্ণিল যাত্ৰা অব্যাহত থাকিব।

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?
পূৰ্ণ প্ৰতিম বৰচুতিয়াঃ বৰ ধুনীয়া প্ৰশ্ন উত্থাপন কৰিছে। বিহু বা গীত এটা গালেই শিল্পী নহয়। বহু অনুষ্ঠানৰ সমিতিৰ বিষয়ববীয়া বা কিছুমান সংবাদ মাধ্যমেও এই ক্ষেত্ৰত কিছুমান উদীয়মান গায়ক- গায়িকাক এটি গীত গোৱা বা বাণীবন্ধন কৰাৰ পিছতেই তেওঁলোকৰ নামৰ আগত শিল্পী শব্দটো ব্যৱহাৰ কৰে। মই ভাবোঁ যে, শিল্পীৰ যি সত্তা এই সত্তাতো ৯০ শতাংশৰেই নাই। অকল ঢোলটো বজালেই বা গান এটা গালেই কন্ঠশিল্পী হৈ নাযায়। প্ৰকৃত শিল্পী হ’বলৈ হ’লে শিল্পীত্বৰ বহু গুণৰ অধিকাৰী হ’ব লাগিব। একেষাৰে কবলৈ হ’লে “শিল পিহি পিহি খোৱাকে শিল্পী বোলে” আৰু সেই কঠিন শিল পিহি খোৱাটোও ঘপককৈ সম্ভৱ নহয়। সেয়েহে শিল্পীৰ সঠিক মৰ্য্যাদাক আমি সন্মান কৰা উচিত।
প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্ম হিচাবে, মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তোমাৰ দায়বদ্ধতা কি বুলি ভাবা?
পূৰ্ণ প্ৰতিম বৰচুতিয়াঃ নৱপ্ৰজন্ম হিচাবে আহ্বান কৰিম যে, নিজৰ হৃদয়ত থকা বিশাল প্ৰতিভা সমূহ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ক নহ’লে নিজৰ প্ৰতিভা সমূহ যদি লাজৰ ভয়ত লুকুৱাই থৈ দিওঁ তেতিয়া আমাৰ নিজৰ মাজতেই এই প্ৰতিভাসমূহ হেৰাই যাব। সেয়েহে, মোতকৈ সৰু চামক আহ্বান কৰিছোঁ যে, তেওঁলোকৰ প্ৰতিভা বিকাশ কৰা সময় এইয়াই। সেইবাবে বিকাশ কৰি যাব লাগে। নিজৰ লগতে লোকসংস্কৃতিৰ এই বিশাল পথাৰ খনো পঢ়াৰ লগতে আগুৱাই নিব লাগে।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?
পূৰ্ণ প্ৰতিম বৰচুতিয়াঃ পৰিকল্পনা বুলিবলৈ তেনেকুৱা একো নাই যদিও চিত্ৰকলা ভালপোৱা প্ৰেমিসকললৈ লগতে কণমানি ছাত্ৰ ছাত্রীসকললৈ মোৰ ছবি সমূহেৰে ছবিৰ জ্ঞান বিলাই দিয়াৰ প্ৰবল ইচ্ছা আছে। আগতেও ছাত্র ছাত্রী সকলৰ মাজত বিলাই আহিছোঁ যদিও আৰু শিকাব বিচাৰোঁ । লগতে, নিজৰ কৃষ্টি লোক সংস্কৃতি কেনেকৈ আগুৱাই নিব পাৰো তাৰ প্ৰতি সদায় লক্ষ্য কৰি যাম। দুটামান গান লিখি থৈছোঁ বাণীবন্ধনৰ প্ৰৱল হেপাঁহ। চাওঁ চোন কিমান দূৰ আগুৱাই নিব পাৰোঁ। মধ্যবিত্ত পৰিয়ালৰ আমি , ঘপককৈ এটি গীত বাণীবন্ধন কৰিবলৈ ভাবিবলগীয়া হয়। তথাপিও কৰি যাওঁ চোন কিমান দূৰ আগুৱাই যাব পাৰোঁ।
ৰূপালীপৰ্দাঃ ধন্যবাদ পূৰ্ণ প্ৰতীম বৰচুতিয়া। তোমাৰ সকলো পৰিকল্পনা সফল হওঁক।
পূৰ্ণ প্ৰতীম বৰচুতিয়াঃ ধন্যবাদ।

Add comment