Rupaliparda.com
"জীৱন যাত্ৰাত মই হ'লো যাত্ৰী, সংগ্ৰাম চলাই আহিছো মই দিন ৰাত্ৰী"- প্ৰাণদ্বীপ বৰাৰ "পোহৰ" ক সমাদৰঃ 1

“জীৱন যাত্ৰাত মই হ’লো যাত্ৰী, সংগ্ৰাম চলাই আহিছো মই দিন ৰাত্ৰী”- প্ৰাণদ্বীপ বৰাৰ “পোহৰ” ক সমাদৰঃ

“জীৱন যাত্ৰাত মই হ’লো যাত্ৰী, সংগ্ৰাম চলাই আহিছো মই দিন ৰাত্ৰী…… সাহসেৰে বগাম মই উন্নতিৰ জখলা, জপিয়াই যাম মই নুখুলিলে নঙলা”; অসমীয়া ৰেপাৰ প্ৰাণদ্বীপ বৰা সহিতে একাংশ নৱপ্ৰজন্মৰ প্ৰকল্প “পোহৰ” য়ে শেহতীয়াকৈ লাভ কৰিছে মুক্তি। “সংগ্ৰাম” আমাৰ জীৱন নামৰ মুদ্ৰাৰ সিপিঠি, সৰল ৰেখাৰ দৰে নিৰৱচ্চিন্ন ভাৱে যাত্ৰা কৰি থকাতকৈ যেতিয়া ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱন পাৰ কৰিব পৰা হয় তেতিয়াহে আচলতে ভাল লাগে। কাৰণ আমি প্ৰায়ে শুনি আহিছোঁ, “জীৱন যাপন নহয়, উদযাপন কৰিব লাগে।” গতিকে সুখ-দুখ, হাঁহি কান্দোন একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সংগ্ৰাম থাকিলে সফলতাই এদিন আমাক চুমিব, গতিকে এনেক্ষেত্ৰত বিনা দ্বিধাই জীৱন যুদ্ধত হাৰ নামানি আগবাঢ়ি যোৱাত লক্ষ্য স্থিৰ ৰাখিব লাগে। প্ৰাণদ্বীপ বৰাৰ ৰেপ আৰু কণ্ঠ সংমিশ্ৰিত সদ্যমুক্তিপ্ৰাপ্ত “পোহৰ” য়ে লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰোতা-দৰ্শকৰ বহুল সঁহাৰি। ভিডিঅ’ সহ মুক্তিপ্ৰাপ্ত গীতটিত উপস্থাপিত কাহিনী ভাগেই গীতটিক অন্যতম মাত্ৰা প্ৰদান সহায় কৰিছে। “অভিজাত” ৰ জৰিয়তে বহুল প্ৰশংসা বুটলি এই ৰেপ ক্ষেত্ৰখনত সাঙুৰ খোৱা প্ৰাণদ্বীপ বৰাৰ “পোহৰ” হৈছে তেওঁৰ আন এক উল্লেখনীয় প্ৰকল্প। সমাজৰ বহু কথাক, একাংশৰ মানসিকতাক অথবা নেতিবাচক চিন্তা-ধাৰাৰ সংশোধনৰ প্ৰয়োজন। এনে কিছুমান কথাক সাঙুৰি প্ৰাণদ্বীপ বৰাই নিজ জন্মদিনৰ দিনটোতেই ৰাইজৰ মাজলৈ উলিয়াই দিছে এই গীতটিক।


দুবছৰ ধৰি এই “পোহৰ” ৰ পৰিকল্পনা কৰি থকা হৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। গীতটিক নিজ সংগীতেৰে আৰু অধিক সুন্দৰ কৰি তুলিছে আনগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা ৰূপান্তৰে। প্ৰাণদ্বীপৰ সৈতে ইয়াত যুটীয়াভাৱে কণ্ঠদান কৰিছে তেজে। “পোহৰ” ৰ সুৰ আৰু কথাৰ দায়িত্বত আছে প্ৰাণদ্বীপ বৰা নিজেই। গীতটিৰ ভিডিঅ’ পৰিচালনা ঐশ্বৰ্য্য বৰাৰ আৰু দৃশ্যগ্ৰহণ অৰ্ণৱ বৰাৰ। একোটা নতুন গীতৰ অপেক্ষা প্ৰতিজন সংগীত প্ৰেমীয়ে কৰে, কিয়নো সংগীতক লৈ জনসাধাৰণৰ মোহ সঁচাকৈ অসাধাৰণ। প্ৰতিটো গীতৰ সৈতে একোগৰাকী শ্ৰোতা এনেদৰে জড়িত হোৱা দেখিছোঁ যেন সেই গীতটি তেওঁলোকৰ আপোনহে কোনোবা। প্ৰায় প্ৰতিটো সময়ত তেওঁলোকে গীতটিক লৈয়ে জীয়াই থকা দেখিবলৈ পাওঁ। অৱশ্যে, এটা কথা ঠিক যে আমি যেতিয়া কোনো এটা বস্তু অথবা বিষয়ক ভাল পাবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি সমষ্ট খিনি সেইটো বিষয়ক দি উদযাপন কৰিবলৈ চেষ্টা কৰোঁ।সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো।সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই এনে নৱপ্ৰজন্মই ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰে, শ্ৰদ্ধা কৰে।

"জীৱন যাত্ৰাত মই হ'লো যাত্ৰী, সংগ্ৰাম চলাই আহিছো মই দিন ৰাত্ৰী"- প্ৰাণদ্বীপ বৰাৰ "পোহৰ" ক সমাদৰঃ 2


“পোহৰ” ৰ আৰু অধিক সফলতা কামনা কৰিছোঁ লগতে এনেধৰণৰ গীত সমূহ নিৰ্মাণেৰে যাতে এই নৱপ্ৰজন্মৰ দলটোৱে জনসাধাৰণক উৎসাহিত কৰিব পাৰে, তাৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা এওঁলোকলৈ জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform