Rupaliparda.com
"শব্দ নিশব্দ কোলাহল" ৰ খলকনি, ফাৰ্ষ্ট লুক পোষ্টাৰত সঁহাৰি ৰাইজৰঃ 1

“শব্দ নিশব্দ কোলাহল” ৰ খলকনি, ফাৰ্ষ্ট লুক পোষ্টাৰত সঁহাৰি ৰাইজৰঃ

আমি প্ৰায়ে নেতিবাচক কিছুমান বাতৰিৰে সাঙুৰ খাই আছোঁ, নহয়নে? ক’ৰোণা মহামাৰী অথবা সমাজত নঘটিবলগীয়া কিছুমান অমংগলীয়া কথাই আমাক বাৰুকৈয়ে ব্যতিব্যস্ত কৰি ৰাখিছে। এনেক্ষেত্ৰত আমাক কিছু পৰিমাণে সকাহ প্ৰদান কৰিছে মনোৰঞ্জন জগতখনে, ইটোৰ পিছত সিটো গুৰুত্বপূৰ্ণ তথা গ্ৰহণযোগ্য প্ৰকল্পৰ মুক্তিয়ে আমাক উৎসাহিত কৰি ৰখাত সহায়ক হৈছে। এনে উৎসাহিত কৰি ৰখা খবৰবোৰৰ মাজতেই আমাক অসমীয়া ছবিক্ষেত্ৰখনে শেহতীয়াকৈ আপ্লুত কৰি ৰাখিছে। ইখনৰ পিছত সিখন ছবিৰ মুক্তিৰ খবৰ তথা শ্বুটিং আৰম্ভণিৰ বাৰ্তাৰ লগতে এই প্ৰকল্পসমূহৰ কাহিনীৰ সুক্ষ্ম সুক্ষ্ম আভাষেও আমাক অপেক্ষাৰত কৰি তুলিছে এই ছবিসমূহ উপভোগ কৰিবলৈ। বিগত বৰ্ষত এখন ছবিৰ শ্বুটিং সময়ছোৱাৰ কেইখনমান ফটো খুবেই ভাইৰেল হৈছিল চচিয়েল মিডিয়াত। চিনাকী অভিনেতা-অভিনেত্ৰীক কিছুমান অচিনাকী ৰূপত দেখিবলৈ পাই আমি আচৰিত নোহোৱাকৈও আচলতে থকা নাছিলোঁ। নিজকেই প্ৰশ্ন কৰিছিলোঁ, এওঁলোকে বাৰু এনেধৰণৰ চৰিত্ৰও ৰূপায়ণ কৰিব পাৰিব নেকি? কিন্তু এয়াই আছিল এই আহিবলগীয়া ছবিখনৰ আকৰ্ষণৰ কাৰণ। ক’ৰোণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউনে” যদিও সৰ্বত্ৰে স্তব্ধতাৰ সৃষ্টি কৰিছে তৎস্বত্বেও অনাগত সময়ত একাংশ সুন্দৰ ছবিৰ উপভোগ যে অসমীয়া দৰ্শকে কৰিবলৈ পাব, সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। আমি আপোনালোকক জনাই থকা এই ছবিখনৰ নাম হৈছে “শব্দ নিশব্দ কোলাহল”।

"শব্দ নিশব্দ কোলাহল" ৰ খলকনি, ফাৰ্ষ্ট লুক পোষ্টাৰত সঁহাৰি ৰাইজৰঃ 2


ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। উল্লেখযোগ্য যে, চচিয়েল মিডিয়াত পোষ্টাৰখনৰ মুক্তিৰ পিছতেই ই খলকনিৰ সৃষ্টি কৰিছে। আৰু, ইয়াৰ আঁৰৰ কাৰণটো হৈছে এই পোষ্টাৰখনৰ ব্যতিক্ৰমীতা। প্ৰথমতে বন্ধু বৰ্গৰ পৰা কিছু আৰ্থিক সহায় গ্ৰহণ কৰি ছবিখনৰ পৰিচালনাৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ছবিখনৰ প্ৰযোজনাৰ বাবে আগবাঢ়ি আহে মনীতা বৰগোঁহাই। Maukh, Delphy Films আৰু Visionext ৰ বেনাৰত নিৰ্মিত এই ছবিখন হৈছে এখন এনথ্ৰ’লজি ফিল্ম। একেটা বিষয়বস্তুৰে তিনিটাকৈ ভিন্ন কাহিনীক উপস্থাপন কৰা হ’ব এই ছবিখনৰ জৰিয়তে। অসমীয়া মজদুৰ শ্ৰেণীৰ জীৱন পৰিক্ৰমাৰ সুখ, দুখ, আৱেগ-অনুভূতি, প্ৰেম, উদাসীনতা ইত্যাদি প্ৰতিটো বস্তুক এই ছবিখনৰ জৰিয়তে ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ব। গাঁৱত থকা মজদুৰ শ্ৰেণী আৰু চহৰৰ মজদুৰ শ্ৰেণীৰ কাহিনীক উক্ত ছবিখনত সংযোজিত কৰা হৈছে। ছবিখনৰ পৰিচালনা আৰু কাহিনী ধনজিৎ দাসৰ লগতে সহঃ পৰিচালনা ভাস্কৰজ্যোতি ভূঞাৰ। ছবিখনৰ বৰ্তমানলৈ মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও পৰিচালকে জনায় যে, “শব্দ নিশব্দ কোলাহল” ক প্ৰথমাৱস্থাত প্ৰেৰণ কৰা হ’ব ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত বিভিন্ন ছবি সমাৰোহলৈ। চন্দ্ৰ কুমাৰ দাসৰ দৃশ্যগ্ৰহণেৰে এই ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰূপায়ণ কৰিছে ক্ৰমে জিত বৰুৱা, স্বাগতা ভৰালী, প্ৰশান্ত কলিতা, অনামিকা শৰণীয়া আৰু ৰাজু ৰয়ে। কলা নিৰ্দেশক বেদান্ত বড়ো, নিশাদ ৰঞ্জন গগৈৰ ।

"শব্দ নিশব্দ কোলাহল" ৰ খলকনি, ফাৰ্ষ্ট লুক পোষ্টাৰত সঁহাৰি ৰাইজৰঃ 3


লোকেশ্বন চাউণ্ড সুমীৰ দেউৰী দামলং। কাষ্টিং কৰিছে প্ৰকাশ ডেকাই। ৰূপসজ্জা জয়শ্ৰী দাসৰ ,ছবিখনৰ মুক্তিক লৈ অপেক্ষাৰত ঘৰুৱা দৰ্শক। ইয়াৰ সৈতে জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform