Rupaliparda.com
নতুন ধাৰাবাহিকত সুনীতা কৌশিক আৰু উৎপল দাসৰ যুটিঃ 1

নতুন ধাৰাবাহিকত সুনীতা কৌশিক আৰু উৎপল দাসৰ যুটিঃ

বহুদিনৰ বিৰতিৰ অন্তত আকৌ এবাৰ স্ক্ৰীণত একেলগে দেখিবলৈ পোৱা যান সুনীতা কৌশিক আৰু উৎপল দাসক। “অনুৰাধা” ধাৰাবাহিকখনত দুয়োগৰাকীৰ যুঁটিয়ে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ আন কেইবাবাৰো মিউজিক ভিডিঅ’ত একেলগেই দেখিবলৈ পোৱা গৈছিল উক্ত যুটিটোক। কিন্তু বিগত বহু দিনৰ অন্তৰ আন এক নতুন প্ৰকল্পৰ সৈতে দুই অভিনেতা-অভিনেত্ৰী আহি আছে আপোনালোকৰ মাজলৈ। শেহতীয়াকৈ উক্ত দুয়োগৰাকীৰ অভিনয়েৰে আহিবলৈ সাজু হৈছে এখন নতুন ধাৰাবাহিক “ৰজনীগন্ধা”। ৰং চেনেল যোগে সম্প্ৰচাৰ লাভ কৰিব এই ধাৰাবাহিকখনে, তেওঁলোক দুয়োকে একেলগে দেখিবলৈ পোৱা যাব বুলি শুনিবলৈ পাইয়ে ইতিমধ্যে তেওঁলোকৰ অনুৰাগী উৎসাহী হোৱা পৰিলক্ষিত হৈছে। চচিয়েল মিডিয়াত সুনীতা কৌশিক লগতে উৎপল দাস দুয়োগৰাকীয়ে প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়। উৎপল দাসে একোখন ফটোৰ সৈতে একোটা কেপছনেৰে দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰা দেখা যায়; আনহাতে সুনীতা কৌশিকৰ অভিনয়ৰ উপৰিও নৃত্যৰ ক্ষেত্ৰত থকা দখলে অভিনেত্ৰী গৰাকীক আৰু অধিক লোকক নিজ অনুৰাগী কৰি ৰখাত সক্ষম হয়।


অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা অভিনেত্ৰী সুনীতা কৌশিকে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। আনহাতে, উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform