Rupaliparda.com
দীপলিনা ডেকাৰ দুটি সুমধুৰ গীতৰ সফল পৰিক্ৰমাঃ 1

দীপলিনা ডেকাৰ দুটি সুমধুৰ গীতৰ সফল পৰিক্ৰমাঃ

আগষ্ট মাহটো সঁচাকৈ প্ৰায় প্ৰতিজন জনসাধাৰণৰ বাবেই উৎসাহৰ বিষয়। দেশ স্বাধীন হোৱাৰ সমান্তৰালকৈ একোজন ভাৰতীয় হিচাপে আমাৰ দেহ-মন উৎফুল্লিতও হৈ থাকে। কিন্তু, এই আগষ্ট মাহটো সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পীৰ বাবে আপোনতকৈও অধিক আপোন। এই কণ্ঠশিল্পী গৰাকী হৈছে দীপলিনা ডেকা, তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট হিচাবে পৰিগণিত “চুই দিয়ানা” য়ে য’ত সম্পূৰ্ণ কৰিলে তিনিটা বৰ্ষ। তাতেই আকৌ আন এটি জনপ্ৰিয় গীত “ভবাই নাছিলো” য়ে সম্পূৰ্ণ কৰিলে সফল এটা বৰ্ষ। ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা দীপলিনাই নিজ ইঞ্জিনিয়াৰিং প্ৰবৃত্তি বাদ দি সাংস্কৃতিক জগতত সোমাই পৰিছিল। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰীত মুক্তি প্ৰাপ্ত “নোৱাৰি নোৱাৰি” গীতটিৰ দ্বাৰা কন্ঠশিল্পী ৰূপে তেওঁ নিজ কেৰিয়াৰ আৰম্ভ কৰে। দীপলিনাৰ সৈতে এই গীতটিত কন্ঠদান কৰিছিল তৰুণ তন্ময়ে। জুবিন গাৰ্গৰ “মিছন ছাইনা” ছবিখনৰ দ্বাৰা এগৰাকী অভিনেত্ৰী ৰূপে চিনাকী লাভ কৰিছিল দীপলিনাই। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া দীপলিনাই পিছলৈ হায়াৰী ছেকেণ্ডাৰী পৰীক্ষা দিয়ে শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা। এগৰাকী কথক ডেন্সাৰ হোৱাৰ উপৰিও এই গৰাকী কণ্ঠশিল্পীয়ে ক্লাছিকেল মিউজিকত লাভ কৰিছিল বিষাৰদ ডিগ্ৰী।


“চুই দিয়ানা” ৰ মুকলিৰ পিছত দীপলিনা ডেকাই কেতিয়াও পিছফালে ঘূৰি চাবলগীয়া হোৱা নাই। উক্ত গীতটিৰ পৰৱৰ্তী সময়ত মুক্তিপ্ৰাপ্ত তেওঁৰ প্ৰায় প্ৰতিটো গীতেই শ্ৰোতাৰ হিট লিষ্টত। ২০১৮ চনত মুক্তিপ্ৰাপ্ত দীপলিনাৰ বহু চৰ্চিত গীত “চুই দিয়ানা” ই ইতিমধ্যে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ১৫ মিলিয়নতকৈ অধিক ভিউৱাৰচৰ সংখ্যা। দীপলিনাৰ এই গীতটিত কথা লগতে সংগীত দিছিল পলাশ সূৰ্য্য গগৈয়ে আৰু ভিডিঅ’টোত অভিনয় কৰিছে দীপলিনাৰ লগতে দীপাংকৰ মহন্ত আৰু মিন্টু বৰুৱাই। “চুই দিয়ানা” শীৰ্ষক গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। আনহাতে, বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “ভবাই নাছিলোঁ” য়েও লাভ কৰিছিল শ্ৰোতা দৰ্শকৰ সেই একেই সঁহাৰি। জুবিন গাৰ্গৰ সৈতে দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিত কথা ৰাহুল দে’ দাসৰ আৰু ইয়াত সংগীত দিছে অনুপম কোঁৱৰে। গীতটিৰ পৰিচালনা প্ৰবীণ বৰাৰ। গীতটিত ভিডিঅ’ পৰিচালক ৰূপেও আছে দীপলিনা ডেকা আৰু ইয়াৰ দৃশ্যগ্ৰহণ অৰিন্দম ডেকাৰ। চিত্ৰনাট্য আৰু সহযোগী পৰিচালক হৈছে প্ৰণৱ ভৰালীৰ। আটলাচ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই গীতটিয়ে বৰ্তমানলৈ শ্ৰোতা-দৰ্শকৰ হৃদয়ত ঠাই বনাই ৰাখিছে।

দীপলিনা ডেকাৰ দুটি সুমধুৰ গীতৰ সফল পৰিক্ৰমাঃ 2


দীপিলিনা ডেকাৰ উক্ত দুয়োটা গীতৰ দৰেই অনাগত প্ৰতিটো গীতৰ সফলতাৰ কামনা কৰিছোঁ। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.