আকৌ নতুন গান, আকৌ নতুন উৎসাহ। একোটা নতুন গীতৰ অপেক্ষা প্ৰতিজন সংগীত প্ৰেমীয়ে কৰে, কিয়নো সংগীতক লৈ জনসাধাৰণৰ মোহ সঁচাকৈ অসাধাৰণ। প্ৰতিটো গীতৰ সৈতে একোগৰাকী শ্ৰোতা এনেদৰে জড়িত হোৱা দেখিছোঁ যেন সেই গীতটি তেওঁলোকৰ আপোনহে কোনোবা। প্ৰায় প্ৰতিটো সময়ত তেওঁলোকে গীতটিক লৈয়ে জীয়াই থকা দেখিবলৈ পাওঁ। অৱশ্যে, এটা কথা ঠিক যে আমি যেতিয়া কোনো এটা বস্তু অথবা এটা বিষয়ক ভাল পাবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি সমষ্ট খিনি সেইটো বিষয়ক দি উদযাপন কৰিবলৈ চেষ্টা কৰোঁ। শেহতীয়াকৈ এটা নতুন গীতৰ খবৰে উৎসাহিত কৰিছে সকলোকে, দীৰ্ঘদিনৰ বিৰতিৰ অন্তত অসমীয়া শ্ৰোতা-দৰ্শকৰ মাজত এটি পূৰণি যুটিৰ নতুন গীত “মিলনৰ মুৰুলী” আত্মপ্ৰকাশৰ দিশে আগবাঢ়িছে। গীতটিত কণ্ঠদান কৰিছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ অতিকৈ জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু জুবলী বৰুৱাই। এওঁলোকৰ যুটীয়া কণ্ঠৰে বহু দিনৰ পিছত এটি নতুন গীতৰ মুক্তিৰ খবৰে আনন্দিত কৰিছে শিল্পীদ্বয়ৰ অনুৰাগী সকলক। এক কথাত ক’বলৈ গ’লে জুবিন-জুবলীৰ যুটিৰ গীতলৈ উৎকণ্ঠিত ৰাইজৰ অপেক্ষাৰ অন্ত পৰিব “মিলনৰ মুৰুলী” শীৰ্ষক গীতটিৰ জৰিয়তে।

নৱপ্ৰজন্মৰ প্ৰতিভাৱান সুৰকাৰ তথা সংগীত ব্যৱস্থাপক দৰ্শনৰ বিগত তিনিবছৰীয়া পৰিকল্পনাৰ পিছত এই গীতটি শ্ৰোতা-দৰ্শকৰ মাজলৈ আহিবলৈ প্ৰস্তুত হৈছে। ভূপেন উজীৰ, দ্ৰুৱজ্যোতি ফুকন, যতীন শৰ্মা, দিগন্ত ভাৰতীকে প্ৰমুখ্য কৰি অসমৰ সংগীত জগতৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা প্ৰশংসিত তথা মাজুলীত অনুষ্ঠিত হোৱা ‘মনগীত’ শীৰ্ষক সংগীত মহোৎসৱত বিশেষ ভাৱে সমাদৃত হোৱা এই গীতটিৰ সুৰ, সংগীত আৰু কথাই শ্ৰোতাৰ মনত বিশেষ প্ৰভাৱ পেলাব বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। জানিব পৰা মতে, হিমাচল প্ৰদেশৰ লোকসংগীতৰ লগতে অসমীয়া থলুৱা সংগীতৰ সংযোজনে উক্ত গীতটিক অনন্য মাত্ৰা প্ৰদান কৰিছে। সংগীত ক্ষেত্ৰখনৰ বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতত দিয়া কথাৰে শ্ৰোতাক নিজৰ অনুৰাগী কৰি তোলা ডানিশৰ কথাৰে “মিলনৰ মুৰুলী” ৰ ৰচনা কৰা হৈছে। ডানিশৰ কথাত দৰ্শনৰ সুৰে এই গীতটিক গ্ৰহণযোগ্য কৰি তুলিবলৈ সক্ষম হৈছে। ভিডিঅ’সহ মুক্তিপাবলগীয়া এই গীতটিত অভিনয় কৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ কেইবাখনো চিনাকী মুখে। গুঞ্জন ভৰদ্বাজকে ধৰি পঞ্চি প্ৰিয়া, মধুষ্মিতা দিহিঙীয়া আৰু দীপজ্যোতি কলিতাক দেখিবলৈ পোৱা যাব এই গীতটিৰ ভিডিঅ’ ত। শিশু শিল্পী আমাইৰা ৱাহলাঙকো দেখিবলৈ পোৱা যাব এই গীতটিত। ইয়াৰ ভিডিঅ’ পৰিচালনা কৰিছে আন এগৰাকী নৱপ্ৰজন্মৰ জনপ্ৰিয় তথা বহুল অনুৰাগীৰে পৰিপূৰ্ণ পৰিচালক টিৰাপ সীমান্ত মেধিয়ে। TONE (ত’ন) মিডিয়া নামে প্ৰযোজনা গোষ্ঠীৰ বেনাৰত নিৰ্মিত এই গীতটিক অতিশীঘ্ৰে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে। সম্পৰ্কবোৰৰ উপস্থাপনৰ জৰিয়তে সমাজলৈ এক ইতিবাচক সামাজিক বাৰ্তা প্ৰেৰণ কৰিব “মিলনৰ মুৰুলী” য়ে।

গীতটিৰ সৈতে জড়িত প্ৰতিজন শিল্পী তথা কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা মই ৰীমা দত্তই জনাইছোঁ অশেষ শুভকামনা। গীতটিৰ সফলতা কামনা কৰিছোঁ।
Add comment