Rupaliparda.com
চেইফ আলী খানৰ ফ্লেট বিক্ৰী, দাম শুনিলে হ'ব আচৰিতঃ 1

চেইফ আলী খানৰ ফ্লেট বিক্ৰী, দাম শুনিলে হ’ব আচৰিতঃ

আমি চিলেব্ৰেটী সমূূহৰ কৰ্মজীৱনতকৈ অধিক আকৰ্ষিত হওঁ তেওঁলোকৰ জীৱনপ্ৰণালীক লৈহে। তেওঁলোকৰ খোৱা-বোৱা আদি ভিন্ন বস্তুৱে অনুৰাগীসমূহক আকৰ্ষিত কৰে; আনহাতে, চিলেব্ৰেটীসমূহৰ ঘৰৰ আকাৰৰ, তেওঁলোকে কোনটো ঘৰতনো জীৱন নিৰ্বাহ কৰে সেই আটাইবোৰ বস্তুৱে একপ্ৰকাৰ আমাক তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰে। এনে বহু চিলেব্ৰেটী আছে যিয়ে নিজৰ ফ্লেটটো ভাড়ালৈ দিয়ে আৰু ইয়াৰ বাবদ তেওঁ এটা মোটা অংক লাভ কৰে। আমি এইখিনিতে এটা কথা জনাব বিচাৰিছো, বি-টাউনৰ জনপ্ৰিয় অভিনেতা চেইফ আলী খানে তেওঁৰ পূৰণি ফ্লেটটো ভাড়ালৈ দিছে। তেওঁ এই ফ্লেটটো এছ’চিয়েচন মিডিয়া এলএলপিৰ গিল্টীৰ নামে এক প্ৰতিষ্ঠানক ভাড়ালৈ দিছে। কিন্তু আপোনালোক আচৰিত হ’ব এই ফ্লেটটোৰ দামৰ বিষয়ে জানিলেহে। চেইফ আলী খানৰ এই ফ্লেটটোত ১,৫০০ বৰ্গফুট ঠাই থকাৰ লগতে তেওঁৰ এই ফ্লেটটো তিনি বছৰৰ বাবে ভাড়াত লোৱা হৈছে।


ফ্লেটটোৰ ভাড়া প্ৰতি বছৰে বৃদ্ধি হৈ থাকিব। প্ৰথম বছৰত প্ৰতিমাহৰ ভাড়া ৩.২৫ লাখ টকা হোৱাৰ বিপৰীতে দ্বিতীয় বছৰত প্ৰতিমাহৰ ভাড়া ৩.৭৬ লাখ টকাকৈ হ’ব। আনহাতে, তৃতীয়টো বৰ্ষত ফ্লেটটোৰ প্ৰতিমাহৰ ভাড়া হ’বগৈ ৩.৮৭ লাখ টকা। ইতিমধ্যে, চুক্তি স্বাক্ষৰৰ সময়ত প্ৰতিষ্ঠানটোৱে চেইফ আলী খানক ১৫ লাখ টকাও পৰিশোধ কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.