Rupaliparda.com
আইমী বৰুৱালৈ আঙুৰলতা ডেকা নেতৃত্বাধীন প্ৰদেশ মহিলা মৰ্চাৰ শুভকামনাঃ 1

আইমী বৰুৱালৈ আঙুৰলতা ডেকা নেতৃত্বাধীন প্ৰদেশ মহিলা মৰ্চাৰ শুভকামনাঃ

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আইমী বৰুৱাই লাভ কৰা সফলতাক লৈ উৎসাহী একালৰ জনপ্ৰিয় অভিনেত্ৰী তথা বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টি, প্ৰদেশ মহিলা মৰ্চাৰ নতুন সভাপতি আঙুৰলতা ডেকা। শেহতীয়াকৈ দলটোৰ সৈতে আঙুৰলতা ডেকাই আইমীক তেওঁৰ সফলতাৰ বাবে শুভকামনা তথা কৃতজ্ঞতা জ্ঞাপন কৰে। টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত “Semkhor” ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰে আইমী বৰুৱাই। ইয়াৰ পূৰ্বেও অভিনেত্ৰী ৰূপে নহয়; নৱাগতা পৰিচালক ৰূপে বঁটা লাভ কৰিছে অভিনেত্ৰী আইমী বৰুৱাই। আঞ্চলিক (ডিমাছা) ভাষাৰ ছবি নিৰ্মাণৰ দ্বাৰা তেওঁ Tagore International Film Festival তো লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। ডিমাছা ভাষাত নিৰ্মিত উক্ত ছবিখনে সমাৰোহখনত আন তিনিটা শিতানতো লাভ কৰিছিল উল্লেখনীয় বঁটা। উল্লেখ্য যে, এই ছবিখনত আইমী বৰুৱাই মুখ্য চৰিত্ৰ ৰূপায়ন কৰিছে। Best Narrative, Best Women Film আৰু Best Debut Film Maker ৰ বঁটা লাভ কৰে ছবিখনে। আইমী বৰুৱাৰ এই সুখবৰক লৈ ইতিমধ্যে উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগী। ছবিখন ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত দিশ আৰু তেওঁলোকৰ ঐতিহ্যক উপস্থাপন কৰি নিৰ্মাণ কৰা হৈছে ৷ চেমচা জনজাতিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল এই ছবিখন ৷

আইমী বৰুৱালৈ আঙুৰলতা ডেকা নেতৃত্বাধীন প্ৰদেশ মহিলা মৰ্চাৰ শুভকামনাঃ 2
আইমী বৰুৱালৈ আঙুৰলতা ডেকা নেতৃত্বাধীন প্ৰদেশ মহিলা মৰ্চাৰ শুভকামনাঃ 3


আইমী বৰুৱাই মহিলা মৰ্চাৰ পৰা শুভকামনা লাভ কৰি তেওঁ কয় যে, “ভাৰতীয় জনতা পাৰ্টি, প্ৰদেশ মহিলা মৰ্চাৰ নতুনকৈ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা অভিনেত্ৰী,সাংস্কৃতিক ক্ষেত্ৰ খনৰ মোৰ সতীৰ্থ তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা ডাঙৰীয়ানী আৰু মৰ্চাৰ কেইবাগৰাকী সন্মানীয় বিষয় ববীয়াই ট’ৰণ্ট আন্তঃৰাষ্ট্ৰীয় মহিলা মহোৎসৱত অসমৰ পৰা প্ৰথমবাৰলৈ ” ছেমখৰ” চলচ্চিত্ৰখনত মই লাভ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানৰ বাবে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে। তেখেত সকলৰ পৰা এই সম্বৰ্ধনা গ্ৰহণ কৰি যথেষ্ট আহ্লাদিত হোৱাৰ লগতে আনন্দিত হৈছোঁ।ভাৰতীয় জনতা পাৰ্টি, প্ৰদেশ মহিলা মৰ্চালৈ অশেষ কৃতজ্ঞতা জনাইছোঁ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform