Rupaliparda.com
১৯৩৫ ৰ পৰা ২০২০ চনলৈ অসমীয়া ছবিৰ এক পৰ্যালোচনা উৎপল মেনাৰ কিতাপ “অসমীয়া চিনেমা” তঃ 1

১৯৩৫ ৰ পৰা ২০২০ চনলৈ অসমীয়া ছবিৰ এক পৰ্যালোচনা উৎপল মেনাৰ কিতাপ “অসমীয়া চিনেমা” তঃ

অসমীয়া নাট্যকাৰ, স্বতন্ত্ৰতা সেনানী তথা এগৰাকী পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন ছবি হৈছে “জয়মতী”; যিখন হৈছে অসমীয়া ভাষাৰো প্ৰথমখন ছবি। ১৯৩৫ চনত নিৰ্মিত তথা মুক্তিপ্ৰাপ্ত “জয়মতী” হৈছে অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰৈ যোৱা এটা নাম; জেৰেঙা পথাৰত আজিও হয়টো জয়মতীৰ কান্দোন ভাঁহি আছে। তেওঁৰ ত্যাগৰ সৰু সৰু টুকুৰাবোৰ সামৰি আজিও জেৰেঙা পথাৰখন চাবলৈ বহু লোকৰ সোঁত বয়। জয়মতী আছিল ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ বিষয়ববীয়া বৰগোঁহাই বংশৰ জীয়াৰী। গদাপণিৰ পত্নী আছিল সতী জয়মতী। এই অসমীয়া ছবিক্ষেত্ৰখনৰ এক সোণালী অতীত আছে; ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ছবি নিৰ্মাণৰ শিক্ষা আহৰণ কৰিছিল জাৰ্মানীস্থিত UFA ষ্টুডিঅ’ৰ পৰা। তেওঁৰ প্ৰথমখন ছবি “জয়মতী” ক ১৯৩৫ চনৰ মাৰ্চৰ ১০ তাৰিখে পোনপ্ৰথমবাৰৰ বাবে কলকাতাৰ ৰৌণক ছবিগৃহত স্ক্ৰীণিং কৰোৱা হৈছিল; উক্ত বৰ্ষটোৰে মাৰ্চ মাহৰ ২০ তাৰিখে গুৱাহাটীৰ উজানবজাৰৰ থিয়েটাৰ হ’লত “জয়মতী” ৰ প্ৰথমটো শ্ব’ জনসাধাৰণৰ মাজত মুকলি কৰা হৈছিল। সেয়াই আছিল আৰম্ভণি; পৰৱৰ্তী সময়ত অসমীয়া ছবিক্ষেত্ৰখনত বহুকেইখন ছবি নিৰ্মাণ হৈছে ভিন্ন পৰিচালক, ভিন্ন ছবি প্ৰযোজক তথা ভিন্ন বিষয়বস্তুৰ সৈতে।


জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিকৰ লগতে চলচিত্ৰ সমালোচক উৎপল মেনাই শেহতীয়াকৈ অসমীয়া ছবিৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ আটাইবোৰ ঘটনা-পৰিঘটনাক লৈ এখন কিতাপ লিখি উলিয়াইছে। এই কিতাপখনত ২২০ খন ছবিৰ বিভিন্ন কথাক লিখি উলিওৱা হৈছে; ৰূপকোঁৱৰৰ “জয়মতী” ৰ পৰা আৰম্ভ কৰি একাংশ ছবিৰ কিছু সংখ্যক সহঃ অভিনেতা আৰু ছবিখনৰ সৈতে জড়িত কলা-কুশলীৰ বিষয়েও এই কিতাপখনত সাংবাদিক উৎপল মেনাই লিখিছে। “অসমীয়া চিনেমা” (প্ৰথম খণ্ড, ৰূপালীপৰ্দা সংস্কৰণ) নামে এই কিতাপখনৰ জৰিয়তে পঢ়ুৱৈয়ে জানিবলৈ পাব উক্ত ২২০ খন ছবিৰ মুক্তিৰ তাৰিখ সমূহৰ বিষয়েও।


উল্লেখ্য যে, এই কিতাপখনত সংযোজন কৰা হৈছে কেনেদৰে বৃহৎ অংকত পৰিচালক সমূহ এই ক্ষেত্ৰখনত জড়িত হৈ নিজ নিজ কামবোৰ কৰি যাবলৈ সক্ষম হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্ৰদ্যুৎ কুমাৰ ডেকা, প্ৰশান্ত শইকীয়াৰ লগতে আন বহু পৰিচালকৰ বিষয়েও কিতাপখনত পঢ়িবলৈ পাব পঢ়ুৱৈ এগৰাকীয়ে; অসমীয়া ছবিখন ক্ষেত্ৰখনলৈ হাজাৰ বিভীষিকা নামি আহিলেও ই যে প্ৰত্যেকদিনাই মূৰ থিয় কৰি থাকিবলৈ সক্ষম হৈছে তাৰো কিছু উদাহৰণ ইয়াত দিয়া হৈছে। সাংবাদিক উৎপল মেনাৰ এই কিতাপখন অসমীয়া ছবিক্ষেত্ৰখনৰ বাবে এক অমূল্য উপহাৰ; ১৯৩৫ ৰ পৰা ২০২০ চনলৈ অসমীয়া ছবিৰ বিভিন্ন কথা উৎপল মেনাৰ এই কিতাপখনৰ জৰিয়তে জানিবলৈ পাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform