Rupaliparda.com
"শাস্ত্ৰীয় নৃত্যক শিকিবলৈ এগৰাকী ব্যক্তিক নাই কমেও ৮ ৰ পৰা ৯ বছৰ সময়ৰ প্ৰয়োজন"- ভায়লিনা বৰদলৈ (সত্ৰীয়া নৃত্যশিল্পী) 1

“শাস্ত্ৰীয় নৃত্যক শিকিবলৈ এগৰাকী ব্যক্তিক নাই কমেও ৮ ৰ পৰা ৯ বছৰ সময়ৰ প্ৰয়োজন”- ভায়লিনা বৰদলৈ (সত্ৰীয়া নৃত্যশিল্পী)

Sony TV ৰ ৰিয়েলিটী শ্ব’ “Super Dancer Chapter 4” ত প্ৰদৰ্শিত গুৰুজনাৰ সৃষ্টিক অপমানিত কৰাৰ ফলত ক্ষোভিত হৈছে ৰাজ্যৰ সত্ৰীয়া নৃত্যশিল্পী সকল। এইক্ষেত্ৰত নৱপ্ৰজন্মৰ প্ৰতিভাসকলক সক্ৰিয় হৈ মাত মতা পৰিলক্ষিত হৈছে। চচিয়েল মিডিয়াকে আৰম্ভ কৰি সংবাদ মাধ্যমত তেওঁলোকে সৰব প্ৰতিবাদ আৰম্ভ কৰিছে। উদ্দেশ্য মাত্ৰ এটাই নজনা-নুবুজাকৈ শ্ব’টোত প্ৰদৰ্শিত নৃত্যটোক কিয় নামাকৰণ হ’ল “সত্ৰীয়া নৃত্য” হিচাবে। ইতিমধ্যে আমি এই বিষয়ত ৰূপালীপৰ্দাৰ তৰফৰ পৰা বহুকেইগৰাকী নৱপ্ৰজন্মৰ সত্ৰীয়া নৃত্যশিল্পীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকে এই বিষয়ত কি মতামত দিয়ে জানিবলৈ বিচাৰিছিলোঁ, শেহতীয়াকৈ আমি পাতিছিলোঁ ভায়লিনা বৰদলৈৰ সৈতে কথা। সংগীতশিল্পী প্ৰয়াত পংকজ বৰদলৈৰ কন্যা ভায়লিনা বৰদলৈ জন্মৰ পৰাই এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত, প্ৰতিভাগৰাকীৰ মাতৃ ৰুবী বৰদলৈও এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। ভায়লিনা বৰদলৈয়ে উক্ত বিষয়ত হোৱা কথা-বতৰা যোগে তেওঁ কয় যে, “নিজেই এগৰাকী দায়বদ্ধ সত্ৰীয়া নৃত্যৰ শিকাৰু হিচাবে এনেদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সত্ৰীয়া সংস্কৃতিক “উপলুঙা” কৰাটো আমাৰ সংস্কৃতিৰ আৰু মোৰ বাবে ইয়াতকৈ আৰু বেলেগ দুখৰ কথা একো হ’ব নোৱাৰে। বহুতে ইয়াতে অভিযোগ কৰিছে যে নৃত্যশিল্পী গৰাকীৰ একো ভুল নাই, তেওঁক কৰিবলৈ দিয়া হৈছে বাবে তেওঁ কৰিছে। কিয়নো, নৃত্যশিল্পী গৰাকী সত্ৰীয়া নৃত্যত প্ৰশিক্ষণপ্ৰাপ্ত নহয়।

"শাস্ত্ৰীয় নৃত্যক শিকিবলৈ এগৰাকী ব্যক্তিক নাই কমেও ৮ ৰ পৰা ৯ বছৰ সময়ৰ প্ৰয়োজন"- ভায়লিনা বৰদলৈ (সত্ৰীয়া নৃত্যশিল্পী) 2


তেওঁ আগলৈ কয় যে, “প্ৰথমতে, যিগৰাকীয়ে ৰিয়েলিটী শ্ব’টোত “নৃত্য” টো দৰ্শকৰ মাজত প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিলে, তেওঁ আচলতে নিজকে নৃত্যশিল্পী অথবা শাস্ত্ৰীয় নৃত্যশিল্পী বুলি চিনাকী দিয়াটো আটাইতকৈ ভুল, যদিহে তেওঁ ভাৰতৰ আঠটা ক্লাচিকেল ডেন্সৰ অন্যতম বিভাগ “সত্ৰীয়া নৃত্য” ৰ বিষয়ে নাজানে। দ্বিতীয়তে, কোনো কাৰণত “সত্ৰীয়া নৃত্য” ৰ কথা নাজানিলেও তেওঁ নিজেই এগৰাকী দায়বদ্ধ “নৃত্যশিল্পী” হিচাবে যিকোনো এটা নৃত্যশৈলী ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ পূৰ্বে তাৰ সঠিক গৱেষণা কৰাটো তেওঁৰ দায়িত্ব বুলি মই ভাবো।” তৃতীয়তে, এগৰাকী নৃত্যশিল্পী হিচাবে তেওঁ যদি নিজৰ মৰ্যাদা বজাই ৰাখিলেহেঁতেন তেতিয়াহ’লে দুই এদিনতে এটি নৃত্যশৈলীক শিকি প্ৰদৰ্শন নকৰিলেহেঁতেন। তেওঁ এনেদৰে প্ৰদৰ্শন কৰাটো মই এক অপৰাধ বুলি গণ্য কৰোঁ কিয়নো এটা শাস্ত্ৰীয় নৃত্যক শিকিবলৈ এগৰাকী ব্যক্তিক নাই কমেও ৮ ৰ পৰা ৯ বছৰ সময়ৰ প্ৰয়োজন। এইখিনি হ’ল শিল্পী গৰাকী কথা। এতিয়া মই দুআষাৰ ক’ব বিচাৰো এই ৰিয়েলিটী শ্ব’টোৰ বিষয়ক লৈ। “চনী টিভি” ক অন্তৰৰ পৰা ধিক্কাৰ দিছোঁ সত্ৰীয়া নৃত্যক এনেদৰে উপস্থাপন কৰাৰ বাবে। অৰ্ধজ্ঞানী কৰিঅ’গ্ৰাফাৰ একাংশৰ সৈতে শ্ব’টো আগবঢ়াই নিয়াটো তেওঁলোকৰ মুখাৰ্মি। যিয়ে অসমৰ স্বাভিমান স্বৰূপ “সত্ৰীয়া নৃত্য” ৰ ওপৰত অৰ্ধজ্ঞান লৈ আন কোনোবা এজনক শিকাইছে, সেই বিষয়টোত মই ধিক্কাৰ দিছোঁ। প্ৰদৰ্শিত নৃত্যটোত সত্ৰীয়াৰ কোনো গুণেই নাছিল। উদণ্ড কেইটামান জাপ মৰা অথবা বতাহত ঘূৰা মানেই সত্ৰীয়া নৃত্য নহয়। মই সেই “কষ্টিউম ডিজাইনাৰ” গৰাকীক ধিক্কাৰ দিছোঁ যিয়ে মাৰ্জিত অসমীয়া পাট মুগা আৰু থলুৱা পাতেৰে বনোৱা সত্ৰীয়া নৃত্যৰ ঘূৰি, কাঞ্চি নাইবা ধূতিৰ কথা নাজানে। মাৰ্জিত ৰঙৰ প্ৰয়োগৰ কথা নাজানি তেওঁলোকে সত্ৰীয়া সংস্কৃতিক ধ্বংসৰ পথত আগবঢ়াই নিছে।”

"শাস্ত্ৰীয় নৃত্যক শিকিবলৈ এগৰাকী ব্যক্তিক নাই কমেও ৮ ৰ পৰা ৯ বছৰ সময়ৰ প্ৰয়োজন"- ভায়লিনা বৰদলৈ (সত্ৰীয়া নৃত্যশিল্পী) 3


ইয়াৰ লগতে ভায়লিনাই কয় যে,”এটা শৈলীক যেতিয়া বহু বছৰ ধৰি ধ্যান আৰু দৃঢ়তাৰে অধ্যয়ন কৰা হয় আৰু যেতিয়া ইয়াৰ এনেদৰে উপলুঙা কৰা দেখিবলৈ পোৱা যায় তেতিয়া খুব দুখ লাগে। মই সত্ৰীয়া সংস্কৃতিক খুবেই বেছি শ্ৰদ্ধা কৰোঁ, পূজা কৰোঁ আৰু এনেধৰণে উপস্থাপন কৰাটো মই সহ্য নকৰোঁ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform